হাৰ্পিছ ছিম্‌প্লেক্স

(হাৰপিছৰ পৰা পুনঃনিৰ্দেশিত)

যৌনাংগৰ হাৰপিছ (ইংৰাজী: Herpes ) হ’ল যৌন সংক্ৰামক এটি ৰোগ। এই ৰোগ হাৰপিছ চিমপ্লেক্স ভাইৰাছ টাইপ-১ (HSV-1) আৰু চিমপ্লেক্স ভাইৰাছ টাইপ-২ (HSV-2) সংক্ৰমণৰ ফলত হয়।

হাৰ্পিছ ছিম্‌প্লেক্স
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

Herpes labialis of the lower lip. Note the blisters in a group marked by an arrow.
আই.চি.ডি.-10 A60, B00, G05.1, P35.2
আই.চি.ডি.-9 054.0, 054.1, 054.2, 054.3, 771.2
ডিজিজেছ ডে'টাবে'ছ 5841 সাঁচ:DiseasesDB2
ইমেডিচিন med/1006
MeSH D006561

যৌনাংগত HSV-2ৰ সংক্ৰমণ থকা ব্যক্তিৰ সৈতে যৌনসংগম কৰিলে এইৰোগ সংক্ৰমণ হব পাৰে। এই ক্ষেত্ৰত বাহিৰৰ পৰা উক্ত ব্যক্তিৰ হাৰপিছ আছে যে এনে ধাৰণা কৰিব পৰা নাযায় আৰু আক্ৰান্ত ব্যক্তিয়েও তেওঁ ৰোগ সম্পৰ্কে জ্ঞাত নহ'ব পাৰে।

লক্ষণ আৰু উপসৰ্গ

সম্পাদনা কৰক

বেছিভাগ ক্ষেত্ৰতে আক্ৰান্ত ব্যক্তিয়ে গমেই নাপায় যে তেওঁ HSV-2ত আক্ৰান্ত। সাধাৰণতে এই ভাইৰাছৰদ্বাৰা সংক্ৰমিত হোৱাৰ দুসপ্তাহ মানৰ পাছতহে শৰীৰৰ বাহিৰত ইয়াৰ প্ৰকাশ ঘটে। ইয়াৰ ঘাঁবোৰ দুইৰ পৰা চাৰি সপ্তাহৰ ভিতৰত নোহোৱা হৈ যায়। ঘাঁবোৰ সাধাৰণতে যৌনাংগ বা মলদ্বাৰৰ ওচৰত এটা বা একাধিক গুটিৰ দৰে দেখা দিয়ে। প্ৰথম এই গুটিবোৰ দেখা দিয়াৰ পাছত এইবোৰ ফাটি গৈ স্পৰ্শকাঁতৰ ঘাঁ হৈ পৰে। এই ঘাঁবোৰ ঠিক হবলৈ ২ৰ পৰা চাৰি সপ্তাহ সময় লাগে। ইয়াৰ কেইসপ্তাহ মানৰ বা কেইমাহ মানৰ পাছত গুটিবোৰ পুনৰ ওলায়। অৱশ্যে পিছৰ বাৰৰ ঘাঁবোৰ আগৰ বাৰতকৈ কম ভয়াবহ হয় আৰু সোনকালে শুকায়। এই সংক্ৰমণ শৰীৰত অনিৰ্দিষ্ট কাললৈ থাকিব পাৰে। অৱশ্যে এবছৰৰ ভিতৰত এই ঘাঁৰ পৰিমাণ লাহে লাহে কমিবলৈ আৰম্ভ কৰে। ইয়াৰ আন উপসৰ্গ বোৰ হ’ল- ফ্লুৰ দৰে জ্বৰ, গ্ৰন্থি উখহি উঠা।

হাৰপিছ নিৰাময় কৰিবপৰা চিকিৎসা নাই। কিন্তু প্ৰতিৰোধৰ ঔষধ খাই থাকি ঘাঁবোৰ প্ৰতিৰোধ কৰা আৰু কম দিন থকাৰ চিকিৎসা কৰিব পৰা যায়। সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়।

প্ৰতিৰোধ

সম্পাদনা কৰক

যিকোনো যৌন সংক্ৰমণ প্ৰতিৰোধৰ উচিত উপায় হ’ল-যৌন সম্পৰ্ক নকৰা অথবা যৌন সংক্ৰামক ৰোগ নথবা ব্যক্তি এগৰাকীক যৌন সংগী কৰি লোৱা।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  • আইএনডিজি দল।

বাহ্যিক সংযোগ

সম্পাদনা কৰক