হিউমেনকাইণ্ড:এ হ'পফুল হিষ্ট্ৰী (গ্ৰন্থ)

হিউমেনকাইণ্ড:এ হ'পফুল হিষ্ট্ৰী (ইংৰাজী: Humankind: A Hopeful History) হৈছে ডাচ ইতিহাসবিদ ৰুটজাৰ ব্ৰেগমেনে ২০১৯ চনত লিখা এখন অ-কাহিনীমূলক গ্ৰন্থ। ২০২১ চনৰ মে' মাহত ব্লুমছবেৰীয়ে গ্ৰন্থখন প্ৰকাশ কৰে।.[2]গ্ৰন্থখনৰ জৰিয়তে মানৱীয় হৃদয়ক মান্য বুলি যুক্তি দিয়া হৈছে আৰু মানুহৰ প্ৰতি এই আশাবাদী দৃষ্টিভংগীৰ ফলৰ ভিত্তিত এক নতুন বিশ্বদৃষ্টিভংগীৰ প্ৰস্তাৱ দিয়া হৈছে। ই মানৱ জাতিৰ অপৰিহাৰ্য অহংকাৰ আৰু কু-অভিপ্ৰায়ৰ ধাৰণাসমূহৰ বিৰুদ্ধে যুক্তি আগবঢ়ায়। ব্ৰেগমেনৰ মতামত আগবঢ়াই নিবলৈ গ্ৰন্থখনে ঐতিহাসিক পৰিঘটনাৰ বহু-বিষয়ক অধ্যয়ন, বৈজ্ঞানিক অধ্যয়নৰ পৰীক্ষা আৰু দাৰ্শনিক যুক্তিৰ কামত জড়িত হৈছে৷ এই দৃষ্টিভংগী ইয়াৰ নেতিবাচক সমকক্ষৰ তুলনাত অধিক বাস্তৱসন্মত। গ্ৰন্থখন ৩০ টাতকৈও অধিক ভাষালৈ অনুবাদ কৰা হৈছে।.[3] আমেৰিকাত প্ৰকাশিত হোৱা পেপাৰবেক সংস্কৰণটো নিউয়ৰ্ক টাইমছৰ বেষ্ট চেলাৰ আছিল।[4]

হিউমেনকাইণ্ড:এ হ'পফুল হিষ্ট্ৰী  
File:De Meeste Mensen Deugen.jpg
লেখক ৰুটজাৰ ব্ৰেগমেন
শিৰোনাম De Meeste Mensen Deugen: Een Nieuwe Geschiedenis van de Mens
দেশ নেডাৰলেণ্ডছ
ভাষা ইংৰাজী
বিষয়
প্ৰকাৰ অ-কাহিনীমূলক, ইতিহাস
প্ৰকাশক ব্লুমছবাৰী
Little, Brown and Company[1]
প্ৰকাশ ছেপ্টেম্বৰ, ২০১৯
ইংৰাজীত
প্ৰকাশ
১৩ মে' ২০২১
মিডিয়া প্ৰকাৰ পকাবন্ধা
পৃষ্ঠা সংখ্যা ৪৯৬
আই.এচ.বি.এন. 9781408898932
অ.চি.এল.চি নং 1119596186

লিখকৰ বিষয়ে

সম্পাদনা কৰক

ৰুটজাৰ চি. ব্ৰেগমেন (ইংৰাজী: Rutger C. Bregman)(জন্ম ২৬ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী নেডাৰলেণ্ডৰ ইতিহাসবিদ আৰু লেখক৷ ব্ৰেগমেনে ইতিহাস, দৰ্শন, অৰ্থনীতিৰ বিষয়ত এতিয়ালৈকে চাৰিখন কিতাপ লিখিছে৷ তেখেতেৰ Utopia for Realists: How We Can Build the Ideal World শীৰ্ষক গ্ৰন্থখন এতিয়ালৈকে বত্ৰিশটা ভাষাত অনূদিত হৈছে৷ 'ৱাশ্বিংটন পোষ্ট', 'দ্য গাৰ্ডিয়েন' আৰু 'বিবিচি'ত তেখেতৰ কৰ্মৰাজি সন্নিৱিষ্ট হৈছে৷ 'দ্য গাৰ্ডিয়েন' সংবাদগোষ্ঠীয়ে তেখেতক "Dutch wunderkind of new ideas" হিচাপে অভিহিত কৰিছে৷  আনহাতে 'টেড-সন্মিলনি'য়ে তেখেতক "ইউৰোপৰ বিশিষ্ট যুৱ চিন্তাবিদ' হিচাপে ঘোষিত কৰিছে৷  ব্ৰেগমেনৰ টেড-বক্তৃতা "Poverty Isn't a Lack of Character; It's a Lack of Cash"ক টেডৰ পৰিচালক ক্ৰিছ এণ্ডাৰছনে ২০১৭ বৰ্ষটোৰ 'শীৰ্ষ দহ'ত অন্তৰ্ভুক্ত কৰিছিল৷

গ্ৰন্থখনৰ সাৰাংশ

সম্পাদনা কৰক

গ্ৰন্থখনে যুক্তি আগবঢ়ায় যে মানুহ মৌলিকভাৱে মান্য আৰু এই মতামতক অধিক স্বীকৃতি দিলে সকলোকে উপকৃত হোৱাৰ সম্ভাৱনা আছে, কিয়নো দুৰাকাংক্ষাই দুৰাকাংক্ষীৰ সৃষ্টি কৰে৷ ইতিহাস, অৰ্থনীতি, মনোবিজ্ঞান, জীৱবিজ্ঞান, নৃতত্ত্ব, আৰু পুৰাতত্ত্বৰ তথ্যৰ ওপৰত আধাৰিত এই গ্ৰন্থখনে বহুবিষয়ক দৃষ্টিভংগী গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও ইয়াত জিন-জেক ৰুছ’ আৰু থমাছ হবছৰ মাজত হোৱা প্ৰকৃতিৰ অৱস্থাৰ বিতৰ্কক ফ্ৰেমিং ডিভাইচ হিচাপে ব্যৱহাৰ কৰা হৈছে, এই বিষয়ত লেখকে ৰুছ’ৰ স্থিতিৰ পক্ষ লয়৷

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Humankind: A Hopeful History - Softcover". AbeBooks. https://www.abebooks.co.uk/9780316418522/Humankind-Hopeful-History-Bregman-Rutger-0316418528/plp। আহৰণ কৰা হৈছে: 24 January 2024. 
  2. Bloomsbury (13 May 2021). "Humankind" (en ভাষাত). Bloomsbury. Archived from the original on 22 May 2022. https://web.archive.org/web/20220522114417/https://www.bloomsbury.com/uk/humankind-9781408898932/। আহৰণ কৰা হৈছে: 23 July 2024. 
  3. Bregman, R. (2019). De meeste mensen deugen: een nieuwe geschiedenis van de mens (Dutch Edition) (1st ed.). De Correspondent BV.
  4. "Paperback Nonfiction Books Best Sellers". The New York Times. December 19, 2021. https://www.nytimes.com/books/best-sellers/paperback-nonfiction/। আহৰণ কৰা হৈছে: December 19, 2021.