হিচাপবিদ্যা বা হিচাপশাস্ত্ৰ (ইংৰাজী: accounting বা accountancy) হ’ল অংশীদাৰ, পাওনাদাৰ, বেংক, চৰকাৰ আদিৰ সুবিধাৰ্থে বিত্তীয় তথ্যপাতি সংগ্ৰহ, তালিকাভুক্তি, শ্ৰেণীবিভাগ আৰু উপস্থাপন কৰা৷[1] ব্যৱসায়ৰ তথ্যপাতিসমূহ প্ৰকাশ কৰাৰ কিছুমান মাধ্যম থাকিলেও হিচাপবিদ্যাকে মুখ্য প্ৰচলিত নিয়ম হিচাপে স্বীকৃতি দিয়া হয়। ইয়াক ব্যৱসায়ৰ ভাষা হিচাপে গণ্য কৰা হয়।[2] হিচাপবিদ্যাক কলা আৰু বিজ্ঞান দুয়োটাকে আখ্যা দিয়া হয়।[3]

হিচাপবিদ্যাৰ ক্ৰমবিকাশসম্পাদনা কৰক

খ্ৰীষ্টপূৰ্ব প্ৰায় ৪৫০০ বছৰৰ আগতেই বেবিলন আৰু এচিৰিয়া (Assyria) সভ্যতাৰ সময়ৰ পৰাই হিচাপবিদ্যাৰ প্ৰচলন হোৱা বুলি অনুমান কৰা হয়৷[1] খ্ৰীষ্টপূৰ্ব ২০০ বছৰৰ পৰা ৰোমানীয় চৰকাৰে ভাড়া আৰু সুত আদি নগদপ্ৰাপ্তি আৰু মজুৰী আদিৰ বাবদ কৰা খৰচ আদি লিখি ৰাখিবলৈ লয়৷ ত্ৰয়োদশ শতিকাত ইটালিত ব্যক্তিগত ব্যৱসায়ৰ হিচাপ আনতকৈ উন্নত হয়৷[1]

এনেদৰে বেহাবেপাৰ, বাণিজ্য, শিল্প আদিৰ ক্ৰমান্বয়ে উন্নতি তথা প্ৰসাৰ হোৱাৰ লগে লগে হিচাপবিদ্যাৰো প্ৰসাৰ ঘটিবলৈ ধৰে৷[1]

হিচাপবিদ্যাৰ কাৰ্যসম্পাদনা কৰক

  1. হিচাপবিদ্যাই ব্যৱসায়ৰ সকলোবোৰ লেনদেনৰ শৃংখলামূলক আৰু বিজ্ঞানসন্মত টোকা ৰখাত ব্যৱসায়িক সহায় কৰে। লিখিত হোৱাৰ ফলত এই টোকা চিৰস্থায়ী হয় আৰু বিজ্ঞানসন্মত ধাৰণাত লিখিত হোৱাৰ বাবে হিচাপসমূহ নিৰ্ভৰযোগ্য হয়।
  2. হিচাপবিদ্যাই লেনদেনসমূহ এনেদৰে লিখাত সহায় কৰে যাতে বিত্তীয় বৰ্ষত ভিতৰত হোৱা সকলো প্ৰকাৰৰ আয় আৰু ব্যয় চালি-জাৰি চাই কম সময়ৰ ভিতৰতে ব্যৱসায়ৰ প্ৰকৃত ফলাফল অৰ্থাৎ শুদ্ধ লাভ বা লোকচান জানিব পাৰি।
  3. হিচাপবিদ্যাই ব্যৱসায়ৰ সমস্ত সম্পদ আৰু দেনাৰ হিচাপ ৰখাত ব্যৱসায়িক সহায় কৰে। কোনো নিৰ্দিষ্ট তাৰিখ তথা বিত্তীয় বৰ্ষৰ অন্তত ব্যৱসায়ৰ আৰ্থিক স্থিতি কেনে অৱস্থাত আছে সেই কথা জনাৰ প্ৰয়োজন আছে। হিচাপবিদ্যাৰ সহায়ত এই সম্পদ আৰু দেনাসমূহ লৈ উদ্বৃত্তপত্ৰ তৈয়াৰ কৰি উক্ত উদ্দেশ্য সফল কৰা হয়।
  4. হিচাপবিদ্যাই ব্যৱসায়ৰ সম্পদৰ অসাধু ব্যৱসায়ৰ পৰা ব্যৱসায়িক ৰক্ষা কৰে। কোনো সম্পদ কেনে ধৰণৰ ব্যৱহাৰ হৈছে সেই কথা হিচাপবিদ্যাই আঙুলিয়াই দিয়ে। গতিকে ব্যৱসায়ীয়ে সম্পদৰ ব্যৱহাৰৰ ওপৰত চোকা নজৰ ৰাখিব পাৰে।
  5. হিচাপবিদ্যাই ব্যৱসায়ৰ সম্পদ আৰু দেনাৰ মূল্যৰ পৰিৱৰ্তনৰ ধাৰা স্পষ্টভাৱে প্ৰদৰ্শন কৰে। মূল্য পৰিৱৰ্তনৰ কাৰণসমূহৰ ধাৰা সঠিকভাৱে সংৰক্ষণ কৰাটো প্ৰকৃততে হিচাপবিদ্যাৰ প্ৰধান কাৰ্য। এই পৰিৱৰ্তনৰ ধাৰাই ব্যৱসায়ৰ মূল ভেটি অৰ্থাৎ আৰ্থিক স্থিতি নিয়ন্ত্ৰণ কৰে।
  6. হিচাপবিদ্যাই ব্যৱসায়ৰ ভৱিষ্যৎ উন্নয়নৰ আঁচনি প্ৰস্তুত কৰাত ব্যৱসায়িক বা পৰিচালক গোষ্ঠীক সহায় কৰে। হিচাপবিদ্যাই ব্যৱসায়ৰ গতিধাৰাৰ সম্বন্ধে ব্যৱসায়িক সকলো তথ্যৰ যোগান ধৰে আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ভৱিষ্যৎ পন্থা নিৰ্ণয় কৰাত সুবিধা হয়।
  7. ব্যৱসায়ত লাভ অৰ্জন কৰাটো ব্যৱসায়ীৰ মূল লক্ষ্য। ব্যয়ৰ অস্বাভাৱিক বৃদ্ধিয়ে লাভৰ হাৰ কমাই আনে। এই ক্ষেত্ৰত হিচাপবিদ্যাই ব্যৱসায়ৰ ঊৰ্ধগতি বা আয়ৰ নিম্নগতিৰ বিষয়ে ব্যৱসায়িক অৱগত কৰায়। ইয়াৰ ফলত ব্যৱসায়ীয়ে ততাতৈয়াকৈ ব্যয় হ্ৰাসৰ ব্যৱস্থা হাতত ল’ব পাৰে।
  8. ভাৰতীয় কোম্পানী আইন অনুসৰি প্ৰতেক নিবন্ধভুক্ত কোম্পানীৰ হিচাপ পৰীক্ষা কৰাটো বাধ্যতামূলক। গতিকে প্ৰতিটো লেনদেন বিজ্ঞানসন্মতভাৱে লিপিৱদ্ধ কৰাৰ উপৰিও তথ্যসমূহৰ সমৰ্থনজ্ঞাপক দলিল, প্ৰতিবেদন, ৰচিদ আদি সংৰক্ষণ কৰিব লাগে। হিচাপবিদ্যাই ব্যৱসায়ৰ এনে কাৰ্য সম্পন্ন কৰে।
  9. আয়কৰ, বিক্ৰীকৰ আদিৰ ক্ষেত্ৰত ব্যৱসায়ীয়ে চৰকাৰক শুদ্ধ তথ্যৰ যোগান ধৰিব লাগে। এই তথ্যসমূহৰ ওপৰত ভিত্তি কৰি আয়কৰ, বিক্ৰীকৰ আদি ধাৰ্য কৰা হয়। হিচাপবিদ্যাই এই তথ্য যোগান ধৰাত সহায় কৰে।
  10. ব্যৱসায়ৰ সৈতে বহুতো পক্ষৰ স্বাৰ্থ সংশ্লিষ্ট থাকে। মালিক, বিনিয়োগকাৰী, ঋণদাতা, কৰ্মীবৃন্দ, বেংক, পৰিচালনা গোষ্ঠী, সাধাৰণ ৰাইজ, চৰকাৰ আদি বিভিন্ন পক্ষই এটা ব্যৱসায়ৰ (কোম্পানী জাতীয়) ফলাফল বা গতিধাৰাৰ বিষয়ত সম্যক জ্ঞান লাভ কৰাৰ অধিকাৰ আছে। ব্যৱসায় গোটটোৱে ছপা কৰি উলিওৱা বাৰ্ষিক প্ৰতিবেদনে সংশ্লিষ্ট সকলো তথ্যৰ যোগান ধৰে। হিচাপবিদ্যাৰ জৰিয়তেহে এই কাৰ্য সম্ভৱপৰ হয়।[1]

হিচাপবিদ্যাৰ বৈশিষ্টসমূহসম্পাদনা কৰক

লেনদেন সংঘটিত হোৱাৰ পিছতহে ইয়াক হিচাপৰ বহীত লিপিবদ্ধ কৰা হয়৷ হিচাপৰ বিৱৰণীসমূহ নগদ ভিত্তিত বা উপাৰ্জন ভিত্তিত প্ৰস্তুত কৰা হয়৷

  • নগদ ভিত্তিত লেনদেনৰ বাবে ধন পালেহে বা দিলেহে লিপিবদ্ধ কৰা হয়; আৰু
  • উপাৰ্জন ভিত্তিত ৰাজহ উপাৰ্জন আৰু ব্যয় দিবলগীয়া হ’লেই ইয়াক হিচাপত লিপিবদ্ধ কৰা হয়৷[1]

হিচাপবিদ্যাৰ শাখাসমূহসম্পাদনা কৰক

মালিক, পৰিচালক গোষ্ঠী, পাওনাদাৰ, ঋণদাতা, কৰ সংগ্ৰাহক আদিৰ ব্যৱসায়ৰ লগত জড়িত বিভিন্ন ধৰণৰ প্ৰয়োজনীয় তথ্য যোগান ধৰিবলৈ হিচাপবিদ্যাৰ বিভিন্ন শাখাসমূহ উদ্ভাৱন কৰা হয়। এই শাখাসমূহ হ’ল ক্ৰমে-

  1. বিত্তীয় হিচাপবিদ্যা (Financial Accounting) :
  2. উৎপাদন ব্যয়ভিত্তিক বা পৰিব্যয় হিচাপবিদ্যা (Cost Accounting) :
  3. পৰিচালনা হিচাপবিদ্যা (Management Accounting)

হিচাপবিদ্যাৰ লগত জড়িত শব্দসমূহসম্পাদনা কৰক

সম্পত্তি (Assets)সম্পাদনা কৰক

মূলধন (Capital)সম্পাদনা কৰক

আহৰণ (Drawings)সম্পাদনা কৰক

দেনা (Liability)সম্পাদনা কৰক

ৰাজহ (Revenue)সম্পাদনা কৰক

ব্যয় (Expenditure)সম্পাদনা কৰক

খৰচ (Expenses)সম্পাদনা কৰক

আয় (Income)সম্পাদনা কৰক

লোকচান (Losses)সম্পাদনা কৰক

বিক্ৰী (Sales)সম্পাদনা কৰক

ক্ৰয় (Purchase)সম্পাদনা কৰক

দেনাদাৰ (Debtors)সম্পাদনা কৰক

পাওনাদাৰ (Creditors)সম্পাদনা কৰক

প্ৰাপ্য ধন (Receivables)সম্পাদনা কৰক

প্ৰদেয় ধন (Payables)সম্পাদনা কৰক

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 অধ্যাপক চেনিৰাম বৈদ্য. হিচাপবিদ্যাৰ সাধাৰণ পৰিচয়।. ওৰেয়েণ্টেল বুক কোম্পানী প্ৰাইভেট লিমিটেড. পৃষ্ঠা. ৬-৭. 
  2. Peggy Bishop Lane on Why Accounting Is the Language of Business, Knowledge @ Wharton High School, September 23, 2013, http://kwhs.wharton.upenn.edu/2013/09/peggy-bishop-lane-on-why-accounting-is-the-language-of-business/, r কৰা হৈছে: 25 December 2013 
  3. https://www.careerexplorer.com/careers/questions/5/is-accounting-an-art-or-a-science/#:~:text=Accounting%20can%20be%20considered%20an,requires%20creative%20judgment%20and%20skills.&text=Accounting%20can%20also%20be%20considered,not%20considered%20an%20exact%20science.