হিপ্পোলাইট পিক্সি (en-Hippolyte Pixii) (১৮০৮-১৮৩৫) আছিল পেৰিছ, ফ্ৰান্সৰ এগৰাকী সঁজুলি-নিৰ্মাতা আৰু অভিযন্তা৷ ১৮৩২ চনত তেওঁ পৰিৱৰ্তী প্ৰৱাহচালিত প্ৰথমটো বৈদ্যুতিক জেনেৰেটৰৰ আৰ্হি সাজি উলিয়ায়৷ ইয়াৰ বাবে তেওঁ মাইকেল ফাৰাডেৰ বিদ্যুৎ-চুম্বকীয় আৱেশৰ তত্ত্ব ব্যৱহাৰ কৰিছিল৷ [1] পিক্সিৰ সঁজুলিটো আছিল এটা ঘূৰ্ণনশীল চুম্বক৷ চুম্বকটো এটা হস্ত ক্ৰেংকেৰে (Hand Crank Mechanism) কাৰ্যক্ষম কৰা হৈছিল, য'ত চুম্বকৰ উত্তৰ আৰু দক্ষিণ মেৰু দুটা লোহাৰ কুণ্ডলীৰ ক'ৰৰ ওপৰেৰে পাৰ হৈ গৈছিল৷ প্ৰতিটো মেৰু কুণ্ডলীৰ ওপৰেৰে পাৰ হৈ যাওঁতে এটা বৈদ্যুতিক স্পন্দনৰ সৃষ্টি হৈছিল৷ পিক্সিয়ে উদ্ভাৱন কৰিছিল যে, কুণ্ডলীৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ আহোঁতে বিদ্যুতৰ দিশৰ সলনি হয়৷ পৰৱৰ্তী পৰ্যায়ত, আণ্ড্ৰে মেৰি এম্পিয়েৰৰ পৰামৰ্শ অনুযায়ী পিক্সিয়ে কমুটেটৰ নামৰ সঁজুলিটোৰ ব্যৱহাৰ কৰি সঁজুলিটোৰ পৰা একমুখী প্ৰৱাহো উৎপাদন কৰিবলৈ সক্ষম হৈছিল৷ সেইসময়ত পৰিৱৰ্তী প্ৰৱাহতকৈ একমুখী প্ৰৱাহকহে অগ্ৰাধিকাৰ দিয়া হৈছিল৷ যদিও পিক্সিয়ে বিদ্যুৎ-চুম্বকীয় আৱেশৰ বিষয়টো সুগভীৰভাৱে বুজি পোৱা নাছিল, তথাপিও তেওঁ সজা সঁজুলিটোৱে পৰৱৰ্তী সময়ত কিছুমান উন্নত সঁজুলি নিৰ্মাণৰ বাবে বাট মোকলাই দিলে৷ [2]

পিক্সিয়ে সজা পৰিৱৰ্তী প্ৰৱাহচালিত বৈদ্যুতিক জেনেৰেটৰৰ প্ৰথমটো আৰ্হি

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Mohamed A. El-Sharkawi, Electric Energy: An Introduction, Third Edition, CRC Press, 2015, আই.এচ.বি.এন. 1498760031,page 3
  2. https://www.encyclopedia.com/science/encyclopedias-almanacs-transcripts-and-maps/hippolyte-pixii