খাও ৰুম
খাও ৰুম বা হু-ৰুম হল আহোমসকলৰ একপ্ৰকাৰৰ পৰম্পৰাগত জলপান। ইয়াৰ নাম টাই আহোম ভাষাৰ পৰা আহিছে। নামৰ অৰ্থ হল ঢকা ধান অৰ্থাৎ খাও মানে ধান আৰু ৰুম মানে ঢাকি থোৱা।[1] খাও ৰুমক কিছু লোকে হু ৰুম বুলিও কয় যি খাও ৰুমৰ অপভ্ৰংশ।
খাও ৰুম বা হুৰুম | |
প্ৰকাৰ | জলপান, বা আংগিক খাদ্য (dessert) |
---|---|
উৎপত্তিৰ স্থান | ভাৰত |
অঞ্চল | উজনি অসম, লখিমপুৰ ধেমাজি |
মুখ্য উপাদান | বৰা ধান |
খাও ৰুম প্ৰস্তুত কৰিবলৈ তিতাকচি বৰা ধানৰ প্ৰয়োজন হয়।[2] অন্য যিকোনো বৰা ধানৰ পৰাই বনাব পৰা যায় যদিও তিতাকচি বৰা ধানৰ পৰা ই বেছি সুস্বাদু হয়। প্ৰথমে ধানখিনি ৫০ ৰ পৰা ৬০ ঘণ্টা পৰ্যন্ত তিয়াই থব লাগে। তাৰ পিছত সেই পানীখিনি আঁতৰাই পৰিষ্কাৰ কৰি পুনৰ নতুন পানী দি গৰম দিনত ৩ দিন আৰু ঠাণ্ডা দিনত ৭ দিন পৰ্যন্ত তিয়াই থৈ দিয়া হয়।[3] আৰু তাৰ পিছত খাও ৰুম প্ৰস্তুত কৰা হয়। খাও ৰুম সাধাৰণতে গাখীৰ বা ঘিঁউ সৈতেও খোৱা হয়। ই বৰ্তমান সময়ত আহোমৰ উপৰিও অইন খিলঞ্জীয়া জনগোষ্ঠীৰ মাজতো প্ৰচলিত হৈছেম তথাপি অইন অসমৰ পৰম্পৰাগত জলপানত যেনে চিৰা, মুড়ি আদিতকৈ খাও ৰুম কম প্ৰচলিত।
লগতে চাওক সম্পাদনা কৰক
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ (হাজৰিকা ২০০২:৯৩২)
- ↑ (হাজৰিকা ২০০২:৯৩২)
- ↑ (হাজৰিকা ২০০২:৯৩২)
উৎস প্ৰসংগ সম্পাদনা কৰক
- হাজৰিকা, নগেন (অসমীয়া ভাষাত). অবৌৰঞ্জীক. পৃথিৱী প্ৰকাশন,বেলতলা বজাৰ,গুৱাহাটী-২৮.