হৰলটাৰী
হৰলটাৰী গাঁও ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সোণাময়ী গাওঁ পঞ্চায়তৰ অন্তৰ্গত। ই সাপটগ্ৰাম চহৰৰ পৰা ৬ কিল'মিটাৰ আৰু বিলাসীপাৰা চহৰৰ পৰা প্ৰায় ১৫ কিল'মিটাৰ দূৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হৰলটাৰী গাঁৱৰ স্থান ক'ড ২৮১১৮৫। হৰলটাৰী গাঁৱত এটা ডাকঘৰ আছে। ইয়াৰ পিন ক'ড ৭৮৩৩৩৭। [2]
হৰলটাৰী | |
---|---|
গাঁও | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | ধুবৰী জিলা |
জনসংখ্যা (২০১১) | |
• মুঠ | ৫০৮ [1] |
মাটিকালি
সম্পাদনা কৰকগাঁওখনৰ মুঠ ভৌগোলিক আয়তন ৯০.৯৬ হেক্টৰ। [3]
জনসংখ্যা
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হৰলটাৰী গাঁৱত প্ৰায় ১২৩ টা ঘৰ আছে আৰু ইয়াৰ মুঠ জনসংখ্যা ৫০৮ জন, তাৰে ভিতৰত পুৰুষ জনসংখ্যা ২৫০ আৰু মহিলা জনসংখ্যা ২৫৮ জন। এই গাঁৱৰ সাক্ষৰতাৰ হাৰ ৬৯.৬৯%। ইয়াৰে ৭৪.৮০% পুৰুষ আৰু ৬৪.৭৩% মহিলা। [4] অৱশ্যে বৰ্তমান সময়ত জনসংখ্যা প্ৰায় দুহেজাৰ হ'ব। ধৰ্মৰ দিশৰ পৰা চাবলৈ গ'লে এই গাঁৱৰ সকলো মানুহেই হিন্দু ধৰ্মাৱলম্বী।
চাৰিসীমা
সম্পাদনা কৰক- পূব: ৰাৱনটাৰী গাঁও
- পশ্চিম: ভালুকমাৰী গাঁও
- উত্তৰ: শালটাৰী গাঁও
- দক্ষিণ: কালপানী গাওঁ
শিক্ষানুষ্ঠান
সম্পাদনা কৰক- খুদনামাৰী মজলীয়া বিদ্যালয়
- হৰলটাৰী অংগনবাড়ী কেন্দ্ৰ
ধৰ্মীয় অনুষ্ঠান
সম্পাদনা কৰক- দুৰ্গা মন্দিৰ
- কালি মন্দিৰ
- দৌল মন্দিৰ
- নামঘৰ
উৎসৱ-পাৰ্বণ
সম্পাদনা কৰক- ৰঙালী বিহু
- শংকৰদেৱৰ তিথি
- মাধৱদেৱৰ তিথি
- শ্ৰীকৃষ্ণৰ জন্মোৎসৱ
- দুৰ্গাপূজা
- কালিপূজা
- ভোগালী বিহু
- হোলী
- পালনাম