হৰ্জৰবৰ্মন অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ পঞ্চম জন ৰজা৷[1] তেওঁৰ পিতৃ প্ৰালম্ভ আৰু মাতৃ জীৱদা বা জীয়দা৷ তেওঁ ৮২০ খ্ৰীষ্টাব্দৰ পৰা ৮৩৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷[1]

উল্লেখযোগ্য কাম সম্পাদনা কৰক

হৰ্জৰ বৰ্মন এগৰাকী পৰোপকাৰী আৰু দানশীল ৰজা আছিল বুলি জনা যায়৷ তেওঁ ৰাজত্বকালত দাতিকাষৰীয়া সৰু ৰাজ্যসমূহ অধিকাৰ কৰি ’মহাৰাজাধিৰাজ পৰমেশ্বৰ পৰমৰ’ উপাধি লৈছিল৷ হৰ্জৰ বৰ্মনৰ সময়ৰ পৰা হাৰুপ্পেশ্বৰ (বৰ্তমানৰ তেজপুৰ) শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী হয়৷ এই ৰাজধানী নগৰ পূবে বামুনি পাহাৰৰ পৰা পশ্চিমে দ-পৰ্বতীয়ালৈকে বিস্তৃত আছিল৷[1]

হৰ্জৰ বৰ্মনে তেওঁৰ শাসন কালতে এটা বৃহৎ আকাৰৰ পুখুৰী খন্দাইছিল যিটো বৰ্তমান হৰ্জৰা পুখুৰী বুলি জনা যায়৷[1]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা, পৃষ্ঠা ৬১