২০২৪ ৱায়ানাড ভূমিস্খলন

দক্ষিণ ভাৰতৰ কেৰালাত ভূমিস্খলন

২০২৪ ৱায়ানাড ভূমিস্খলন আছিল ভাৰতৰ কেৰালাৰ ৱায়ানাড় জিলাৰ পুঞ্জিৰিমাট্টম, মুণ্ডক্কাই, চুৰালমালা, আট্টামালা, মেপ্পাডি আৰু কুনহোম গাঁৱত ২০২৪ চনৰ ৩০ জুলাইৰ পুৱাৰ ভাগত সংঘটিত হোৱা একাধিক ভূমিস্খলন। প্ৰচণ্ড বৰষুণৰ ফলত পাহাৰৰ কাষসমূহ ভাঙি পৰিছিল, যাৰ ফলত অঞ্চলটোত বোকা, পানী আৰু শিলৰ ধাৰা নামি আহিছিল। এই ভূমিস্খলন কেৰালাৰ ইতিহাসৰ আটাইতকৈ মাৰাত্মক প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত এটা বুলি চিহ্নিত কৰা হৈছে য 'ত কমেও ৪১৩ (২২৪টা মৃতদেহ আৰু ১৮৯টা শৰীৰৰ অংগৰ মুঠ ৪১৩ মৃত্যু, ২৭৩ ৰো অধিক আহত, আৰু ১৩৮জন সন্ধানহীন হোৱাৰ প্ৰাথমিক প্ৰতিবেদন পোৱা গৈছে। শেহতীয়া বছৰবোৰত ভাৰতত সংঘটিত হোৱা কেইবাটাও চৰম বতৰৰ ঘটনাৰ ভিতৰত এই ভূমিস্খলন অন্যতম।

Map