ৰংফাৰ্পি ৰংবে
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
ৰংফাৰ্পি ৰংবে বা কাৰেং (ৰজা) ৰংফাৰ্পি ১৯শ শতাব্দিত খাচীয়া পাহাৰত বাস কৰা মিকিৰ জনগোষ্ঠীৰ (বৰ্তমান অসমৰ কাৰ্বি জনগোষ্ঠীৰ) এগৰাকী সাহসী মহিলা আছিল। তেওঁ অন টেৰণ[1] বা বেৰে ৰেচবঙৰ[2] পত্নী আৰু থং নকবে টেৰণৰ মাতৃ[2] আছিল। তেওঁলোক খাচিয়া পাহাৰৰ (বৰ্তমান মেঘালয়ত) ৰংফাৰ গাঁওত বাস কৰিছিল।[2]
ইতিহাস
সম্পাদনা কৰকমিকিৰ (আধুনিক কাৰ্বি) সকলৰ মূল গৃহভূমি আছিল খাচীয়া আৰু জয়ন্তীয়া পাহাৰ। ইয়াত তেওঁলোকে খাচি সকলৰ দাস হিচাবে জীৱন নিৰ্বাহ কৰিছিল। তেওঁলোকক খাচী মাতব্বৰসকলৰ ঘৰত অমানুষিক ব্যৱহাৰ - যেনে গন্তি কৰোঁতে চোকা দাৰে কপালত কাটি দাগ দিয়া আদি - কৰা হৈছিল। পাচত মিকিৰসকল কপিলী নদীৰ পাৰে পাৰে উত্তৰ-পূৱলৈ তেতিয়াৰ ৰেংমাসকলৰ থকা ঠাই ঞ্চিবেন-হাবিঙলৈ (Nchiben-habing, বৰ্তমান ডবকা) প্ৰব্ৰজন কৰে।[2]
প্ৰসিদ্ধি
সম্পাদনা কৰকমিকিৰসকল খাচীয়া পাহাৰত থকা সময়তে এবাৰ এটা বাঘৰ পোৱালি ধৰি ভাল লগাবলৈ বুলি খাচীয়া ৰজাক উপহাৰ দিলে। তেওঁলোকে যেতিয়া পোৱালীটোক গাখীৰ খুৱাব লাগিব বুলি ৰজাক দিহা দিলে ৰজাই তেওঁলোকৰ ওপৰত আৰু অত্যাচাৰ কৰিবলৈ মিকিৰ তিৰোতাসকলৰ গাখীৰ আনি খুৱাবলৈ নিৰ্দেশ দিয়ে।
যেতিয়া ৰংফাৰ্পিক ৰজাৰ সৈনিকে গাখীৰ দিবলৈ আদেশ দিলে তেওঁ উগ্ৰমূৰ্তি ধাৰণ কৰি সৈন্যকেইজনক অকলেই কুঠাৰেৰে কাটি টুকুৰা টুকুৰ কৰি পেলালে। খাচী ৰজাই ইয়াৰ প্ৰতিশোধ লোৱাটো নিশ্চিত আছিল। শক্তিশালী খাচীসকলৰ আক্ৰমণ প্ৰতিহত কৰা সম্ভব নহয় বুলি জানি তেওঁ কাৰ্বিসকলক সমুখ সমৰত লিপ্ত নহৈ পলাই যাবলৈ নিৰ্দেশ দিয়ে। এইদৰেই তেওঁৰ নেতৃত্ব আৰু বিচক্ষণতাৰ ফলত অযথা হানিৰ পৰা জাতিটো ৰক্ষা পৰে।[2]
কোনো কোনো সূত্ৰত খাচীয়া ৰজাৰ পৰিবৰ্তে ডিমাচা ৰজাৰ উল্লেখ পোৱা যায়।[1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Maggie Katharpi - Karbi Heroes". http://www.museindia.com/viewarticle.asp?myr=2010&issid=31&id=1949। আহৰণ কৰা হৈছে: 19 এপ্ৰিল 2014.[সংযোগবিহীন উৎস]
- ↑ 2.0 2.1 2.2 2.3 2.4 "Saga Of Rengma Nagas Of Assam". The Morung Express, June 29, 2013. http://www.morungexpress.com/people-life-etc/97754.txt। আহৰণ কৰা হৈছে: 19 এপ্ৰিল 2014.[সংযোগবিহীন উৎস]