ৰতন কছাৰী (ইংৰাজী: Ratan Kachari) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী যুঁজাৰু আৰু বিয়াল্লিছৰ গণ-আন্দোলনৰ শ্বহীদ৷ তেওঁ ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে পুলিচৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰিছিল৷ ৰতন কছাৰীৰ জন্ম হৈছিল ১৮৯২ চনত দৰং জিলাৰ বৰগাঁও মৌজাৰ ১নং বৰপুখুৰী গাঁৱত৷ তেওঁৰ পিতৃৰ নাম আছিল চতাই কছাৰী৷[1][2] এওঁ কংগ্ৰেছৰ ভলণ্টিয়াৰ আছিল৷ বিয়াল্লিছৰ গণ-আন্দোলনৰ সময়ত ২০ আগষ্টত গহপুৰ আৰু ঢেকিয়াজুলিৰ থানাত কংগ্ৰেছৰ পতাকা উত্তোলন কৰিবলৈ সিদ্ধান্ত কৰি হাজাৰ হাজাৰ মানুহ থানা অভিমুখে সমদল কৰি আগবাঢ়ি আহিছিল৷ ঢেকিয়াজুলিত এই সমদলৰ নেতৃত্ব দিছিল সংগ্ৰামী কমলাকান্ত দাসে৷ বৰগাঁও, ঢেকিয়াজুলি, মিছামাৰী, বৰছলা আৰু নাহৰবাৰীৰ অগণন মানুহ এই সমদলত ভাগ লৈ আগবঢ়িছিল৷ সমদলক ৰুদ্ধ কৰিবলৈ পুলিচে লাঠীচালনা আৰু গুলীচালনা কৰে৷ আৰু সমদলৰ আগত থকা ৰতন কছাৰী পুলিচৰ সৈতে টনা=আঁজোৰা কৰে৷ তাৰপিছত সশস্ত্ৰবাহিনীয়ে মৰিয়াই মৰিয়াই পহু বধ কৰাৰ দৰে ৰতন কছাৰীক বধ কৰে৷[2] সেইদিনা ঢেকিয়াজুলিত মুঠ ১১জন দেশপ্ৰেমিক সংগ্ৰামী শ্বহীদ হৈছিল৷[3]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. শইকীয়া, ড° ৰাজেন (২০১৫). নগাঁৱৰ বুৰঞ্জী. অসম সাহিত্য সভাৰ ত্ৰি-সপ্ততিতম অধিৱেশন, কলিয়াবৰ. পৃষ্ঠা. ২৭৯. 
  2. 2.0 2.1 ডেকা, কনকচন্দ্ৰ (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃষ্ঠা. ৪৯৮. 
  3. কলিতা, ড° ৰমেশ চন্দ্ৰ (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১০২.