ৰত্না পাঠক শ্বাহ

ভাৰতীয় অভিনেত্ৰী

ৰত্না পাঠক শ্বাহ (ইংৰাজী: Ratna Pathak Shah) (জন্ম-১৮ মাৰ্চ ১৯৫৭[1][2]) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালিকা৷ তেখেতে থিয়েটাৰ, দূৰদৰ্শন আৰু কথাছবিৰ লগত জড়িত৷ হিন্দী আৰু ইংৰাজী ভাষাৰ ভালেমান থিয়েটাৰগোষ্ঠীৰ লগত তেখেতে কাম কৰিছে৷ ১৯৮০ৰ দশকত দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক ইধৰ উধৰৰ যোগেদি ৰত্না পাঠক শ্বাহে বৃহত্তৰ দৰ্শক সমাজৰ পৰিচিতি লাভ কৰে৷ [3]

ৰত্না পাঠক শ্বাহ
Ratna Pathak Shah

ৰত্না পাঠক শ্বাহ
জন্ম ১৮ মাৰ্চ, ১৯৫৭ (৬৭ বছৰ)[1][2]
মুম্বাই, ভাৰত[1]
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৩–বৰ্তমান
দাম্পত্যসঙ্গী নাছিৰুদ্দিন শ্বাহ (বি. ১৯৮২)
সন্তান ইমাদ শ্বাহ
ভিভান শ্বাহ
আত্মীয়-স্বজন সুপ্ৰিয়া পাঠক (ভগ্নী)
জামিৰুদ-দিন শ্বাহ ()
Pankaj Kapur (brother-in-law)

২০০৪-২০০৬ চনৰ সময়ছোৱাত ৰত্না পাঠক শ্বাহে হাস্যৰসপূৰ্ণ টিভি ধাৰাবাহিক ছাৰাভাই ভাৰ্ছেছ ছাৰাভাইত অভিনয় কৰি বিপুল সমাদৰ লাভ কৰে৷ তেখেতে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য কথাছবি হৈছে জানে টু...য়া জানে না (২০০৮), গোলমাল ৩ (২০১০), কাপুৰ এণ্ড ছনছ (২০১৬), আৰু ব্লেক কমেডি ছবি লিপষ্টিক আণ্ডাৰ মাই বূৰ্খা (২০১৭)৷ এইকেইখন ছবিৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰিছিল৷ ২০১২ চনত ৰত্না পাঠকে ৰোমাণ্টিক কমেডি ছবি এক মেই অঔৰ এক টু, খুবছুৰত (২০১৪)ত অভিনয় কৰিছিল৷ তেখেতৰ স্বামী হৈছে বলিউডৰ বৰ্ষীয়ান অভিনেতা নাছিৰুদ্দিন শ্বাহ৷ দম্পতীটোৰ দুজন পুত্ৰ সন্তান আছে৷

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Happy birthday Ratna Pathak Shah: From Sarabhai Vs Sarabhai to Lipstick Under My Burkha, here are her 5 best works". Hindustan Times. 18 March 2019. https://www.hindustantimes.com/bollywood/happy-birthday-ratna-pathak-shah-from-sarabhai-vs-sarabhai-to-lipstick-under-my-burkha-here-are-her-5-best-works/story-OlWYfkMkEuCIa8qMct6ELO.html। আহৰণ কৰা হৈছে: 8 April 2019. 
  2. 2.0 2.1 Sharma, Sampada (18 March 2018). "Here are five of the best characters played by Ratna Pathak Shah". The Indian Express. https://indianexpress.com/article/entertainment/bollywood/ratna-pathak-shah-5101295/. 
  3. Deol, Taran (1 December 2019). "Idhar Udhar, the Hindi sitcom we desperately need today" (en-US ভাষাত). ThePrint. https://theprint.in/features/brandma/idhar-udhar-the-hindi-sitcom-we-desperately-need-today/328085/। আহৰণ কৰা হৈছে: 14 April 2020.