ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় অসমহোজাই জিলাহোজাইত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত স্থাপন কৰিছে। হোজাইত অৱস্থিত হোজাই মহাবিদ্যালয়ক উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।[1]

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়
মূলমন্ত্ৰ তমসো মা জ্যোতিৰ্গময়
স্থাপিত ২০১৯
ধৰণ ৰাজহুৱা
আচাৰ্য জগদীশ মুখী (অসমৰ ৰাজ্যপাল)
উপাচাৰ্য ডঃ অমলেন্দু চক্ৰৱৰ্তী
স্থান হোজাই, হোজাই জিলা, অসম
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
ৱেবছাইট http://www.rtuassam.ac.in/

২০১৯ চনৰ ৭ জুন তাৰিখে অধ্যাপক ডঃ অমলেন্দু চক্ৰৱৰ্তীয়ে বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্যৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে।[2] এই বিশ্ববিদ্যালয়খন ভাৰতৰ প্ৰথম নোবেল বঁটা সাহিত্যিক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে নামকৰণ কৰা হৈছে।[3]

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক