ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়
অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় (ইংৰাজী: Assam Royal Global University) অসমৰ পঞ্চমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ৰয়েল গ্ৰুপ অফ ইনষ্টিটিউটৰ একত্ৰিতকৰণ কৰি গঠন কৰা হৈছে। অসম বিধানসভায়ে অনুমোদন জনোৱা অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় বিধি ২০১৩ -ৰ আধাৰত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।
ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় | |
---|---|
স্থাপিত | ২০১৭ |
ধৰণ | ব্যক্তিগত |
আচাৰ্য | এ.কে. পাঞ্চাৰী |
উপাচাৰ্য | অধ্যাপক ডঃ এছ.পি. সিং |
স্থান | বেতকুঁচি, গুৱাহাটী, অসম, ভাৰত |
চৌহদ | চহৰীয়া |
Acronym | RGU |
ভুক্তি | বিশ্ববিদ্যালয় অনুদান আয়োগ |
ৱেবছাইট | www |
গুৱাহাটীৰ বেতকুঁচিত অৱস্থিত বিখ্যাত বালাজি মন্দিৰৰ বিপৰীতে বিশ্ববিদ্যালয়খন অৱস্থিত৷ বিশ্ববিদ্যালয়খনৰ আচাৰ্য হ’ল এ.কে. পাঞ্চাৰী। অধ্যাপক ডঃ এছ.পি. সিং আৰু এ.কে. মোদী বিশ্ববিদ্যালয়খনৰ ক্ৰমে উপাচাৰ্য আৰু অতিৰিক্ত উপাচাৰ্য।[1]
শিক্ষা
সম্পাদনা কৰকৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত ১৩খন প্ৰতিষ্ঠান অন্তৰ্ভুক্ত। অভিযান্ত্ৰিক, ব্যৱস্থাপনা, স্থাপত্যবিদ্যা আৰু বাণিজ্য শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম আগবঢ়োৱা ৰয়েল গ্ৰুপ অফ ইনষ্টিটিউট ২০০৯ চনত স্থাপিত হৈছিল। বিশ্ববিদ্যালয়খনৰ অন্তৰ্ভুক্ত বিদ্যালয়সমূহ হ'ল:
- ৰয়েল অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা বিদ্যালয় (Royal School of Engineering & Technology) (RSET)
- ৰয়েল ব্যৱসায় বিদ্যালয় (Royal School of Business) (RSB)
- ৰয়েল বাণিজ্য বিদ্যালয় (Royal School of Commerce) (RSC)
- ৰয়েল স্থাপত্যবিদ্যা বিদ্যালয় (Royal School Of Architecture) (RSA)
- ৰয়েল চাৰু কলা বিদ্যালয় (Royal School of Fine Arts) (RSFA)
- ৰয়েল ভাষা বিদ্যালয় (Royal School of Language) (RSL)
- ৰয়েল ফেশ্বন ডিজাইনিং আৰু প্ৰযুক্তি বিদ্যালয় (Royal School of Fashion Designing & Technology) (RSFT)
- ৰয়েল প্ৰায়োগিক আৰু বিশুদ্ধ বিজ্ঞান বিদ্যালয় (Royal School of Applied and Pure Sciences) (RSAPS)
- ৰয়েল তথ্য প্ৰযুক্তিবিদ্যা বিদ্যালয় (Royal School of Information Technology) (RSIT)
- ৰয়েল জনসংযোগ আৰু মিডিয়া বিদ্যালয় (Royal School of Communication & Media) (RSCOM)
- ৰয়েল আচৰণ আৰু আনুসংগিক চিকিৎসা বিদ্যালয় (Royal School Of Behavioral & Allied Sciences) (RSBAS)
- ৰয়েল পৰিৱেশ্য কলা বিদ্যালয় (Royal School of Performing Arts) (RSPA)
- ৰয়েল আইন আৰু প্ৰশাসনিক বিদ্যালয় (Royal School of Law and Administration) (RSLA) [2]
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Riyal Global University, Guwahati". http://rgu.ac। আহৰণ কৰা হৈছে: 10 February 2017.
- ↑ "Assam will have a new private University - Royal Global University (RGU)". wap.business-standard.com. http://wap.business-standard.com/article/pti-stories/assam-to-have-new-pvt-univ-royal-global-university-116122300971_1.html। আহৰণ কৰা হৈছে: 2017-02-10.[সংযোগবিহীন উৎস]