ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান
ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Royal Manas National Park) ভূটানৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান, আৰু ৰাজকীয় চৰকাৰে ইয়াক "দেশখনৰ সংৰক্ষণ শ্ব'পিছ" আৰু মূল্যৱান উদ্ভিদৰ বাবে "জেনেটিক ডিপ'জিটৰী" বুলি গণ্য কৰে। ইয়াৰ আয়তন ১,০৫৭ বৰ্গ কিলোমিটাৰ (৪০৮ বৰ্গমাইল) আৰু ই পূব ছাৰপাং জিলা, ঝেমগাং জিলাৰ পশ্চিমৰ আধা অংশ আৰু পশ্চিম পেমাগাটছেল জিলাক সামৰি লৈছে। [2]
ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
উদ্যানৰ প্ৰবেশপথ | |
অৱস্থান | পূব ছাৰপাং জিলা, ঝেমগাং জিলা আৰু পশ্চিম পেমাগাটছেল জিলা, ভূটান |
মাটিকালি | 1,057 বৰ্গ কি.মি. (408 বৰ্গ মাইল) |
প্ৰতিস্থা | ১৯৬৬[1] |
কৰ্তৃপক্ষ | বন আৰু উদ্যান সেৱা বিভাগ, ভূটান |
ৱেবছাইট | বন আৰু উদ্যান সেৱা বিভাগ, ভূটান |
ই "জৈৱিক কৰিডৰ"ৰ জৰিয়তে ফিবছু বন্যপ্ৰাণী অভয়াৰণ্য, জিগমে ছিংগে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যান, ফ্ৰুমচেংলা ৰাষ্ট্ৰীয় উদ্যান, আৰু জোমোটছাংখা বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে সংযুক্ত হৈ আছে। ৰয়েল মানস দক্ষিণ দিশে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতেও পোনপটীয়াকৈ সংলগ্ন। ইউনেস্ক’ৰ অন্তৰ্ভুক্তিৰ বাবে ভূটানৰ পৰীক্ষামূলক তালিকাত (tentative list) ইয়াক সূচীবদ্ধ কৰা হৈছে।[2]
এই ৰাষ্ট্ৰীয় উদ্যানত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ।
ইতিহাস
সম্পাদনা কৰকৰয়েল মানস ১৯৯০ চনৰ আৰম্ভণিতে আন্তঃগাঁথনি উন্নয়ন আৰু ভিত্তিগত জৈৱিক আৰু আৰ্থ-সামাজিক মূল্যায়ন প্ৰাপ্ত ভূটান ট্ৰাষ্ট ফাণ্ডৰ অন্যতম প্ৰাথমিক কেন্দ্ৰবিন্দু আছিল। ভূটানৰ প্ৰথম উদ্যান পৰিচালনা পৰিকল্পনা ৰয়েল মানসৰ বাবে প্ৰস্তুত কৰা হৈছিল আৰু অন্যান্য উদ্যানসমূহৰ পৰিচালনাৰ ক্ষেত্ৰত ই আছিল বাটকটীয়া।[3]
প্ৰাকৃতিক ইতিহাস
সম্পাদনা কৰকউদ্ভিদ
সম্পাদনা কৰকৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানত নিবাসস্থান নিম্নভূমিৰ গ্ৰীষ্মমণ্ডলীয় অৰণ্যৰ পৰা আৰম্ভ কৰি স্থায়ী বৰফাবৃত অঞ্চলৈকে বিস্তৃত। উদ্যানখনৰ পাৰিস্থিতিকী অঞ্চলসমূহৰ ভিতৰত আছে- পূব হিমালয়ৰ বহল পাতৰ অৰণ্য আৰু হিমালয়ৰ উপগ্ৰীষ্মমণ্ডলীয় পাইন বনাঞ্চল।
ৰয়েল মানসে খাদ্য, বাণিজ্য, চিকিৎসা, ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা কেইবাটাও উদ্ভিদ প্ৰজাতিও উৎপাদন কৰে। উদ্যানখনৰ ভিতৰৰ দুৰ্গম, বিচ্ছিন্ন গাঁৱত প্ৰায় ৫,০০০ লোক বাস কৰে।[3][1]
প্ৰাণী
সম্পাদনা কৰকৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানত ঢেকিয়াপতীয়া বাঘ, হাতী, গৌৰ (Bos gaurus), লগতে বিৰল সোণালী বান্দৰ (Presbytis geei), বন গাহৰী (Sus salvanius), হিস্পিড শহাপহু (Caprolagus hispidus), আৰু গংগা নদীৰ ডলফিন (Platanista) পোৱা যায়। . ইয়াৰ উপৰিও ই এশিঙিয়া গঁড় (Rhinoceros unicornis) আৰু বন্য জল ম'হ (Bubalus arnee) বাস কৰা একমাত্ৰ ভূটানৰ উদ্যান। শ শ প্ৰজাতিৰ এই বিশাল উদ্যানখনত বাস কৰে, চৰাই; যাৰ ভিতৰত আছে চাৰিটা প্ৰজাতিৰ ধনেশ চৰাই- ৰঙা ডিঙিৰ ধনেশ (Rhyticeros undulatus), মাহ ডলা ধনেশ (Rhyticeros undulates), পাকৈ ঢোৰা (Anthracoceros albirostris) আৰু ৰাজ ধনেশ (Buceros bicornis )।
মানস নদী আৰু ইয়াৰ উপনৈসমূহত মাহছিৰ নামৰ তিনিটা প্ৰজাতিৰ বিৰল পৰিভ্ৰমী মাছ পোৱা যায়: ডীপ বডীড মাহছিৰ (Tor tor), সোণালী মাহছিৰ (Tor putitora), আৰু চকলেট মাহছিৰ বা কেটল্ (Acrossocheilus hexangonolepis)।
লগতে চাওক
সম্পাদনা কৰকতথ্যউৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 "Royal Manas National Park". Himalaya 2000 online. Bhutan Travel Guide. http://www.himalaya2000.com/bhutan/wildlife-sanctuaries/royal-manas.html। আহৰণ কৰা হৈছে: 2011-04-02.
- ↑ 2.0 2.1 "Royal Manas National Park". national-parks.org. https://national-parks.org/bhutan/royal-manas। আহৰণ কৰা হৈছে: 20 November 2024.
- ↑ 3.0 3.1 "Parks of Bhutan". Bhutan Trust Fund for Environmental Conservation online. Bhutan Trust Fund. Archived from the original on 2011-07-02. https://web.archive.org/web/20110702041330/http://www.bhutantrustfund.bt/parks-of-bhutan। আহৰণ কৰা হৈছে: 2011-03-26.