ৰাণী পদ্মিনী

ভাৰতীয় ৰাণী

পদ্মিনী (ইংৰাজী: Padmini) তেৰ-চৈধ্য শতিকাৰ মেৱাৰৰ এগৰাকী কিংবদন্তি ৰাণী আছিল। তেওঁক পদ্মাৱতী হিচাপেও জনা যায়। সোতৰ শতিকাৰ বহুকেইখন গ্ৰন্থত তেওঁৰ উল্লেখ পোৱা যায়, যাৰ প্ৰচীমতম সূত্ৰ পদ্মাৱত। ১৫৪০ খ্ৰীষ্টাব্দত মালিক মহম্মদ জায়সীয়ে এই মহাকাব্য ৰচনা কৰিছিল।[1]

ৰাণী পদ্মিনী
মেৱাৰৰ ৰাণী

ওঠৰ শতিকাৰ এখন চিত্ৰত ৰাণী পদ্মিনী
ওঠৰ শতিকাৰ এখন চিত্ৰত ৰাণী পদ্মিনী
দাম্পত্য সঙ্গী ৰতন সিংহ
মাতৃ চম্পাৱতী
পিতৃ ৰজা গন্ধৰ্বসেন
ধৰ্ম হিন্দু

জায়সীৰ ‘পদ্মাৱত’সম্পাদনা কৰক

মালিক মহম্মদ জায়সীৰ মহাকাব্যৰ পৰা জনা যায় যে তেওঁ সিংহল ৰাজ্যৰ বা বৰ্তমানৰ শ্ৰীলংকাৰ সুন্দৰী ৰাণী আছিল। চিতোৰ দূৰ্গৰ ৰাজপুত শাসক আছিল ৰতন সেন। ৰতন সেনে ‘হীৰামন’ নামৰ কথা কব পৰা ভাটো চৰাইৰ পৰা পদ্মিনীৰ ৰূপৰ সম্ভেদ পায়। এক শিহৰণকাৰী অভিযানৰ যোগে ৰতন সেনে পদ্মিনীক জয় কৰে আৰু বিয়া কৰাই চিতোৰলৈ লৈ আহে। তৎকালীন দিল্লীৰ চুলতান আলাউদ্দিন খিলিজিয়ে চিতোৰ আক্ৰমণ কৰে আৰু ৰতন সিঙক বন্দী কৰে। কুম্ভলগড়ৰ ৰজা দেৱপালেও পদ্মিনীৰ ৰূপৰ কথা শুনিছিল আৰু ৰতন সিং কাৰগাৰত থকা অৱস্থাত তেওঁক বিয়াৰ প্ৰস্থাৱ আগবঢ়ায়। ৰতন সেন চিতোৰলৈ উভতি অহাত দুয়োৰ মাজত দ্বন্দ হয় আৰু দুয়োজনৰে মৃত্যু হয়। আলাউদ্দিনে ৰাণী পদ্মিনীক পাবলৈ চিতোৰ অৱৰোধ কৰে। চিতোৰ বচোৱাৰ কোনো উপায় নেদেখি খিলিজিৰ হাতত পৰাৰ আগেয়ে পদ্মিনী আৰু তেওঁৰ সঙ্গিনীসকলে জৌহৰ বা আত্মহত্যা কৰে। অন্য ৰাজপুত পুৰুষসকলে আলাউদ্দিনৰ বিৰুদ্ধে যুদ্ধ কৰি প্ৰাণত্যাগ কৰে।[1]

হিন্দু আৰু জৈন ধৰ্মৰ বহুতো লেখা আৰু মৌখিক পৰম্পৰাত পদ্মিনীৰ বিষয়ে পোৱা যায়। এই সংস্কৰণবোৰৰ চুফী কবি জায়াসীৰ ৰচনাৰ সৈতে ভিন্নতা দেখা যায়। উদাহৰণ স্বৰূপে এই সংস্কৰণবোৰত ৰাণী পদ্মিনীৰ স্বামী ৰতন সেন আলাউদ্দিল খিলিজীৰ বিৰুদ্ধে যুঁজি মৃত্যু বৰণ কৰে আৰু তাৰ পিছত তেওঁ জৌহৰ ব্ৰত অৱলম্বন কৰে। তেওঁক এগৰাকী হিন্দু ৰাজপুত ৰাণী হিচাপে চিত্ৰিত কৰা হৈছে, যিয়ে এজন মুছলমান আক্ৰমণকাৰীৰ বিৰুদ্ধে নিজৰ মৰ্যদা ৰক্ষা কৰে। সময়ৰ সোঁতত এক ঐতিহাসিক চৰিত্ৰ হিচাপে প্ৰতিষ্ঠা পোৱা পদ্মিনীৰ জীৱনৰ আধাৰত বহুতো উপন্যাস, নাটক, টেলিভিচন ধাৰাবাহিক, চলচ্চিত্ৰ আদিৰ সৃষ্টি হৈছে।[2] Daud Chand's Padmini (1948), and the Hindi language Maharani Padmini (1964).[3]

বিভিন্ন সংস্কৰণসম্পাদনা কৰক

ষোল শতিকাৰ বিভিন্ন ৰচনাত ৰাণী পদ্মিনীৰ ভিন্ন ভিন্ন কাহিনী দেখা যায়।[4] ইয়াৰ ভিতৰত প্ৰাচীনতম চুফী কবি মালিক মহম্মদ জায়াসীয়ে অৱধী ভাষাত ৰচিত পদ্মাৱত (১৯৪০ খ্ৰীষ্টাব্দ)সম্ভৱতঃ ই পাৰ্চী লিপিত ৰচিত হৈছিল। [5] চৈধ্য শতিকাৰ মুছলমান ৰাজ দৰবাৰৰ ঐতিহাসিকসকলৰ ৰচনাত আলাউদ্দিন খিলিজিৰ চিতোৰ আক্ৰমণৰ প্ৰসংগত এই ৰাণীগৰাকীৰ কোনো উল্লেখ নাই।[1] চৈধ্য- ষোল শতিকাৰ জৈন সাহিত্য- নবীনান্দন জেনুধৰ, চিতাই চৰিত্ৰ আৰু ৰায়ান চেহৰাত ৰাণী পদ্মিনীৰ উল্লেখ আছে।[6]

প্ৰতিকী ৰূপসম্পাদনা কৰক

ৰাণী পদ্মিনীৰ কাহিনীটো কিছুমান মুছলমান চুফী, হিন্দু নাথ আৰু জৈন পৰম্পৰাৰ পাণ্ডুলিপিত উল্লেখ থকামতে ই এক প্ৰতীকাত্মক কাহিনী।[7] ইয়াৰে সোতৰ শতিকাৰ কিছুমান পাণ্ডুলিপিৰ মতে চিতোৰ হৈছে মানৱ শৰীৰৰ, সিংহল দ্বীপ মানৱ হৃদয়ৰ আৰু পদ্মিনী হৈছে মানৱ মনৰ প্ৰতীক। ভাটোটো হৈছে গুৰু বা শিক্ষক, যিয়ে পথ প্ৰদৰ্শন কৰে। আনহাতে আলাউদ্দিন হৈছে মায়াৰ প্ৰতীক।[8] পদ্মিনীৰ এনে আলংকাৰিক বাখ্যা ৰাজস্থানৰ হিন্দু আৰু জৈন পৰম্পৰাতো দেখা যায়।[9]

তথ্য উৎসসম্পাদনা কৰক

  1. 1.0 1.1 1.2 Ramya Sreenivasan 2007, পৃষ্ঠা. 4.
  2. Kishore Valicha 1980, পৃষ্ঠা. 124.
  3. Rajendra Ojha 1998, পৃষ্ঠা. 91.
  4. Ramya Sreenivasan 2007, পৃষ্ঠা. 2-3, Quote: "Multiple narratives of Padmini of Chitor first emerged in the sixteenth century, and survived over the next four centuries.".
  5. Ramya Sreenivasan 2007, পৃষ্ঠা. 2, 9.
  6. "Khilji did not attack Chittor for Padmini". https://timesofindia.indiatimes.com/city/jaipur/khilji-did-not-attack-chittor-for-padmini/articleshow/57154581.cms. 
  7. Ramya Sreenivasan 2007, পৃষ্ঠা. 30-31, 44-45, 95.
  8. Ramya Sreenivasan 2007, পৃষ্ঠা. 30-31, 44-45.
  9. Ramya Sreenivasan 2007, পৃষ্ঠা. 94-96.