মূল মেনু খোলক

ৰাণী লক্ষ্মীবাই (এই শব্দটোৰ বিষয়ে pronunciation ; ১৯ নৱেম্বৰ ১৮২৮ – ১৮ জুন ১৮৫৮),[1][2] উত্তৰ ভাৰতৰ ঝান্সী ৰাজ্যৰ ৰাণী আছিল। ঠাইখন এতিয়াৰ উত্তৰ প্ৰদেশৰ ঝান্সী জিলাত অৱস্থিত।[3] ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহত নেতৃত্ব লোৱা অগ্ৰণীসকলৰ ভিতৰত ৰাণী লক্ষ্মীবায়ো অন্যতম আছিল। ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে ভাৰতীয় জাতীয়তাবাদীসকলৰ বিৰোধক সূচাবলৈ তেওঁ এটা প্ৰতীকত পৰিণত হৈছিল।

লক্ষ্মীবাই
ঝান্সীৰ ৰাণী

ঝান্সীৰ যোদ্ধা ৰাণী - ৰাণী লক্ষ্মীবাইৰ প্ৰতিচ্ছবি
ঝান্সীৰ ৰাণী
ৰাজত্ব ১৮৫৩-১৮৫৭
পূৰ্বসূৰী গংগাধৰ ৰাও
উত্তৰসূৰী ব্ৰিটিছ ৰাজ
দাম্পত্য সঙ্গী মহাৰাজ গংগাধৰ ৰাও নেৱালকাৰ (বি.১৮৪২, মৃ.১৮৫৩)
সন্তান
দামোদৰ ৰাও,
আনন্দ ৰাও (তোলনীয়া সন্তান)
বাসগৃহ নেৱালকাৰ
মাতৃ ভাগীৰথী চাপ্ৰে'
পিতৃ ম'ৰ'পান্ট তাম্বে'

প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক

 
ৰাণী লক্ষ্মীবাইৰ এটা ক্ষুদ্ৰাকায় প্ৰতিচ্ছবি

১৮২৮ চনৰ ১৯ নৱেম্বৰত[4][5][6] বাৰাণাসীৰ এটা মাৰাঠী কাৰ্হাডে ব্ৰাক্ষ্মণ পৰিয়ালত ৰাণী লক্ষ্মীবাইৰ জন্ম হৈছিল।[7] জন্মৰ সময়ত তেওঁৰ নাম ৰখা হৈছিল মণিকৰ্ণিকা তাম্বে আৰু সকলোৱে তেওঁক মণি বুলি মাতিছিল।[8] তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে ম'ৰ'পান্ট তাম্বে'[9] আৰু ভাগীৰথী ছাপ্ৰে' (ভাগীৰথী বাই)। পিতৃ-মাতৃ উভয়েই মহাৰাষ্ট্ৰৰ লোক আছিল।[10] লক্ষ্মীবাইৰ মাত্ৰ চাৰি বছৰ বয়সতে মাতৃৰ মৃত্যু হয়। পিতৃ ম'ৰ'পান্ট বিথুৰ জিলাৰ পেশ্বা আদালতত কাম কৰিছিল।[11] তেওঁ ঘৰতেই শিক্ষা লাভ কৰিছিল আৰু তেওঁৰ সমবয়সীয়া আনবোৰ ছোৱালীতকৈ শৈশৱত বেছি স্বাধীন আছিল। শৈশৱৰ লগৰী নানা চাহিব আৰু তাত্যা তোপৰ লগত লক্ষ্মীবায়ে শ্বুটিং, ঘোঁৰা চলোৱা,[12][13]মাল্লাখাম্বা আদি ভিন্নধৰণৰ শিক্ষা লাভ কৰিছিল।[14]

ৰাণী লক্ষ্মীবায়ে ৰাজপ্ৰাসাদ আৰু মন্দিৰৰ মাজত দুজনমান ৰখীয়া লগত লৈ ঘোঁৰা চেঁকুৰোৱাটো অভ্যাসত পৰিণত হৈছিল।[15] তেওঁৰ ঘোঁৰাকেইটাৰ ভিতৰত সাৰংগী, পৱন আৰু বাদল উল্লেখযোগ্য। ইতিহাসবিদৰ মতে ১৮৫৮ চনত দুৰ্গৰ পৰা পলাই আহোতে লক্ষ্মীবায়ে বাদলৰ পিঠিতে উঠি আহিছিল। ৰাণী লক্ষ্মীবাইৰ ৰাজপ্ৰাসাদ ৰাণী মহলটো এতিয়া এটা সংগ্ৰহালয়ৰ ৰূপ দিয়া হৈছে। নৱম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰৰ কিছু প্ৰত্নতাত্ত্বিক ভগ্নাৱশেষ ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে।

ঝান্সীৰ ইতিহাস, ১৮৪২- মে', ১৯৫৭সম্পাদনা কৰক

১৮৪২ চনৰ মে' মাহত ঝান্সীৰ মহাৰাজা ৰজা গংগাধৰ নেৱালকাৰৰ সৈতে মণিকৰ্ণিকাৰ বিয়া হৈছিল।[4][16] তেতিয়াৰ পৰা পৰম্পৰা অনুযায়ী আৰু হিন্দু ধৰ্মৰ দেৱী লক্ষ্মীৰ সন্মানত তেওঁ লক্ষ্মীবাই নামেৰে পৰিচিত হয়। ১৮৫১ চনত লক্ষ্মীবায়ে পুত্ৰ সন্তান এটা জন্ম দিছিল। পিছলৈ দামোদৰ ৰাও নাম দিয়া এই ল'ৰাটোৰ মাত্ৰ চাৰি মাহ পিছতে মৃত্যু হয়। মহাৰাজাই সম্পৰ্কীয় ল'ৰা আনন্দ ৰাওক পুত্ৰৰূপে তুলি লৈছিল। মহাৰাজাৰ মৃত্যুৰ মাত্ৰ এদিন পূৰ্বে আনন্দ ৰাওৰ নামটো দামোদৰ ৰাওলৈ সলনি কৰা হয়। এই কামটো ব্ৰিটিছ ৰাজনৈতিক বিষয়াৰ উপস্থিতিত কৰা হৈছিল। মহাৰাজাই এখন চিঠিৰে নিৰ্দেশনাও দিছিল যে ল'ৰাটোক উপযুক্ত সন্মান দিব লাগিব আৰু ঝাঁসীৰ চৰকাৰখন তেওঁৰ বিধৱা পত্নীয়ে গোটেই জীৱনকালৰ বাবে লাভ কৰিব।

১৮৫৩ চনৰ নৱেম্বৰত মহাৰাজাৰ মৃত্যুৰ পিছত দামোদৰ ৰাও (পূৰ্বৰ নাম আনন্দ ৰাও) তোলনীয়া সন্তান হোৱাৰ অজুহাত দেখুৱাই গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছিৰ অধীনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঝান্সীত স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰিলে। ৰাজসিংহাসনত দামোদৰ ৰাওৰ দাবীক প্ৰত্যাখ্যান কৰি ব্ৰিটিছে ইয়াক নিজৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰিলে। লক্ষ্মীবাইক এই খবৰটো দিয়াৰ লগে লগেই তেওঁ চিঞৰি উঠিছিল, "মই মোৰ ঝান্সীক সমৰ্পণ নকৰোঁ" (মে' মেৰি ঝান্সী নে'হী দুংগা)। ১৮৫৪ চনৰ মাৰ্চ মাহত ৰাণী লক্ষ্মীবাইক ৬০০০০ টকাৰ বাৰ্ষিক পেঞ্চন দিয়া হৈছিল আৰু ৰাজপ্ৰাসাদ আৰু দুৰ্গ এৰিবলৈ নিৰ্দেশ দিছিল।[17][18]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. Meyer, Karl E. & Brysac, Shareen Blair (1999) Tournament of Shadows. Washington, DC: Counterpoint; p. 138--"The Rani of Jhansi ... known to history as Lakshmi Bai, she was possibly only twelve in 1842 when she married the .. Rajah of Jhansi ..."
  2. Though the day of the month is regarded as certain historians disagree about the year: among those suggested are 1827 and 1835.
  3. "Who is Manikarnika?". http://indianexpress.com/article/who-is/who-is-manikarnika-4760894/. 
  4. 4.0 4.1 Meyer, Karl E. & Brysac, Shareen Blair (1999) Tournament of Shadows. Washington, DC: Counterpoint; p. 138--"The Rani of Jhansi ... known to history as Lakshmi Bai, she was possibly only fourteen in 1842 when she married the .. Rajah of Jhansi ...
  5. Copsey, Allen. "When was she born?". http://www.copsey-family.org/~allenc/lakshmibai/qanda.html#id2247378। আহৰণ কৰা হৈছে: 2014-06-28. 
  6. The 177th anniversary of the Rani's birth according to the Hindu calendar was celebrated at Varanasi in November 2012: "Lakshmi Bai birth anniversary celebrated". Times of India (World News). 13 November 2012. http://article.wn.com/view/2012/11/13/Lakshmi_Bai_birth_anniversary_celebrated/। আহৰণ কৰা হৈছে: 6 December 2012. 
  7. Joyce Lebra (2008). Women Against the Raj: The Rani of Jhansi Regiment. Institute of South Asian Studies, Singapore. পৃষ্ঠা. 2. https://books.google.com/books?hl=en&lr=&id=fuw1Wt1-O7EC&oi=fnd&pg=PA2#v=onepage&q&f=false. "Myth and history intertwine closely in the life of the Rani of Jhansi, known in childhood as Manu...She was born in the holy city of Varanasi to a Karhada brahmin, Moropant Tambe" 
  8. Allen Copsey (23 September 2005). "Lakshmibai, Rani of Jhansi – Early Life". Copsey-family.org. http://www.copsey-family.org/~allenc/lakshmibai/early.html। আহৰণ কৰা হৈছে: 7 July 2012.  (gives date of birth as 19 November 1835)
  9. Edwardes (1975), p. 115
  10. "The Washington times. (Washington [D.C.) 1902-1939, April 16, 1922, SUNDAY MORNING, Image 24"]. 16 April 1922. পৃষ্ঠাসমূহ: 5. http://chroniclingamerica.loc.gov/lccn/sn84026749/1922-04-16/ed-1/seq-24/. 
  11. Later in his life Moropant Tambe was a councillor in the court of Jhansi under his daughter's rule; he was executed as a rebel after the capture of the city."Lakshmibai, Rani of Jhansi; Victims". Allen Copsey. http://www.copsey-family.org/~allenc/lakshmibai/victims.html। আহৰণ কৰা হৈছে: 17 May 2013. 
  12. David (2002), p. 350
  13. N.B. Tambe and Sapre are clan names; "Bai" or "-bai" is honorific as is "-ji" the masculine equivalent. A Peshwa in a Maratha state is the chief minister.
  14. Agarwal, Deepa (8 September 2009). "Rani Lakshmibai". Penguin UK. https://books.google.com.sg/books?id=h747vxHZd9wC&pg=PT10&dq=mallkhamb&hl=en&sa=X&ved=0ahUKEwj_huqKh7nUAhXMLY8KHbBXD404ChDoAQglMAE#v=onepage&q=mallkhamb&f=false. 
  15. Godse, Vishnu Bhatt. "Godse's account". Lakshmibai, Rani of Jhansi. Allen Copsey. http://www.copsey-family.org/~allenc/lakshmibai/godse.html। আহৰণ কৰা হৈছে: 6 December 2012. 
  16. "Lakshmibai, Rani of Jhansi; Timeline". http://www.copsey-family.org/~allenc/lakshmibai/timeline.html। আহৰণ কৰা হৈছে: 3 June 2015. 
  17. Edwardes, Michael (1975) Red Year. London: Sphere Books, pp. 113–14
  18. N.B. Rao only means "prince; the maharaja was Gangadhar Newalkar of the Newalkar clan

উৎসসম্পাদনা কৰক

  • Vishnu Bhatt Godse.Maza Pravas: 1857 cya Bandaci Hakikat (Marathi "My journey: the truth about the 1857 rebellion")
  • Meyer, Karl E. & Brysac, Shareen Blair. Tournament of Shadows Washington D.C.: Counterpoint, 1999; pp. 138–45.
  • Verma, Janki Sharan Amar Balidani
  • Zila Vikas Pustika, 1996–97, Jhansi