ৰাধা কেচ্চাৰ

ভাৰতীয় গণিতজ্ঞ

ৰাধা কেচ্চাৰ (ইংৰাজী: Radha Kessar) এগৰাকী ভাৰতীয় গণিতজ্ঞ যি 'সসীম গোটৰ উপস্থাপন তত্ত্ব' (Representation theory of finite groups) সম্পৰ্কে কৰা গৱেষণাৰ বাবে জনাজাত। তেখেতে লণ্ডত বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক।[1] ২০০৯ চনত লণ্ডন গাণিতিক সমাজৰ পৰা তেখেতে "বাৰৱিক বঁটা" অৰ্জন কৰে।[2]

ৰাধা কেচ্চাৰ
জাতীয়তা ভাৰতীয়
কৰ্মস্থান লণ্ডন বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান পঞ্জাব বিশ্ববিদ্যালয়, অহাইঅ' ষ্টেট ইউনিভাৰ্চিটি
জনা যায় সসীম গোটৰ উপস্থাপন-তত্ত্ব
উল্লেখনীয় বঁটা বাৰৱিক বঁটা(লণ্ডন গাণিতিক সমাজ)

শিক্ষা আৰু কৰ্মজীৱন সম্পাদনা কৰক

  • কেচ্চাৰে পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ১৯৯১ চনত স্নাতক ডিগ্ৰী লাভ কৰে।[1]
  • ১৯৯৫ চনত তেখেতে অহাইঅ' ষ্টেইট বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষণা-শীৰ্ষক আছিল: 'Blocks And Source Algebras For The Double Covers Of The Symmetric Groups'। ৰোনাল্ড ছ'ল'মন আছিল তেখেতৰ তত্ত্বাৱধায়ক।[1][3]
  • কেচ্চাৰে য়ালে বিশ্ববিদ্যালয় আৰু মাইন্নেছ'টা বিশ্ববিদ্যালয়ত অনাবাসিক সহযোগী অধ্যাপকৰ পদত অধ্যাপনা কৰে। তাৰ পাছত তেখেতে ইউনিভাৰ্ছিটি কলেজ, লণ্ডনত 'ৱেৰ জুনিয়ৰ গৱেষক সদস্য' হিচাপে কৰ্মনিৰ্বাহ কৰে। তাত দায়িত্ব পালন কৰি ৰাধা কেচ্চাৰ ২০০২ চনত অহাইঅ' ষ্টেট বিশ্ববিদ্যালয়লৈ ঘূৰি আহে আৰু সহযোগী অধ্যাপক হিচাপে যোগদান কৰে।
  • ২০০৫ চনত কেচ্চাৰে এবাৰডন বিশ্ববিদ্যালয়লৈ যায়। আৰু ২০১২ চনৰ চেপ্টেম্বৰত পুনৰ চিটি, ইউনিভাৰ্ছিটি অৱ লণ্ডনলৈ উভতি যায়।[1][4]

গ্ৰন্থ সম্পাদনা কৰক

মাইকেল এচ্চবেকাৰ আৰু বব অলিভাৰৰ সৈতে তেখেতে 'বীজগণিত আৰু ট'প'লজিত একীকৰণ প্ৰণালী'(Fusion Systems in Algebra and Topology) নামৰ গ্ৰন্থখন লিখে। গ্ৰন্থখন ২০১১ চনত কেমব্ৰিজ বিশ্ববিদ্যালয় প্ৰেছৰ পৰা প্ৰকাশিত হয়।[5]

স্বীকৃতি সম্পাদনা কৰক

ভৱিষ্যতৰ চিটি কলেজৰ সহকৰ্মী জোচেফ চোৱাঙৰ সৈতে যুটীয়াভাৱে কেচ্চাৰে ২০০৯ চনত বাৰৱিক বঁটা লাভ কৰে। তেওঁলোকৰ গৱেষণাপত্ৰৰ নাম আছিল-"Symmetric Groups, Wreath Products, Morita Equivalences and Broué's Abelian Defect Conjecture".(। )[2]

সদস্য সম্পাদনা কৰক

  • ২০০৮ চনৰ পৰা এতিয়ালৈকে ৰাধা কেচ্চাৰে চিটি ইউনিভাৰ্চিটি অৱ লণ্ডনক 'লণ্ডন গাণিতিক সমাজ'ত প্ৰতিনিধিত্ব কৰি আহিছে।
  • এডিনবাৰ্গ গাণিতিক সমাজৰ তেখেত এগৰাকী সাধাৰণ সদস্য। (২০০৭-বৰ্তমানলৈকে)[4]

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "Professor Radha Kessar", Academic Experts (City, University of London), https://www.city.ac.uk/people/academics/radha-kessar, আহৰণ কৰা হৈছে: 2018-05-13 
  2. 2.0 2.1 Aberdeen academic awarded prestigious mathematics prize, University of Aberdeen, 20 July 2009, https://www.abdn.ac.uk/news/3100/, আহৰণ কৰা হৈছে: 2018-05-13 
  3. ৰাধা কেচ্চাৰ সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
  4. 4.0 4.1 "radha". city university of london. https://www.city.ac.uk/people/academics/radha-kessar। আহৰণ কৰা হৈছে: 17 February 2020. 
  5. Reviews of 'Fusion Systems in Algebra and Topology':
    • Eaton, Charles W. (2012), MR2848834
    • Linckelmann, Markus (2013), "none", Bulletin of the American Mathematical Society, New Series খণ্ড 50 (3): 523–526, doi:10.1090/S0273-0979-2012-01394-0 

বাহ্যিক সংযোগ সম্পাদনা কৰক