ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আঁচনি খন ২০১৩-১৪ বিত্তীয় বৰ্ষৰ পৰাই অসমত প্ৰবৰ্তন কৰি থকা হৈছে।  এই আঁচনি খন হৈছে কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি য’ত কেন্দ্ৰীয় আৰু ৰাজ্যিক পুঁজি অংশ ৯০:১০ অনুপাতত অসমত ৰূপায়ণ কৰা হৈছে। আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰ খনিত প্ৰৱেশাধিকাৰ, উৎকৃষ্টতা আৰু সমতা সুনিশ্চিত কৰা। আঁচনিখনৰ ৰূপায়ণৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত। আঁচনিখনৰ কাৰ্য্যালয়ৰ নিজা গৃহৰ সম্পূৰ্ণ ঠিকনা হ’ল

মিছন সঞ্চালক ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম

কাহিলীপাৰা, পণ্ডিত দীনদয়াল উপাধ্যায় পথ, গুৱাহাটী ৭৮১০১৯

দূৰভাষ নম্বৰঃ ০৩৬১-৩৫১১৭৩৩

ই-মেইলঃ rusaassam@gmail.com / rusa-assam@assam.gov.in

মূল আধাৰ সম্পাদনা কৰক

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আঁচনিখন অসমত এতিয়ালৈকে দুটা পৰ্য্যায়ত ৰূপায়ণ হৈ আছে। ২০১৩-১৪ চনৰ পৰা ২০১৮-১৯ চনৰ সময়ত ৰুচা ১.০ ৰ অধীনৰ পুঁজিৰ অনুমোদন সমূহ লাভ কৰা হৈছিল। আনহাতে ২০১৯ চনৰ পৰা আজি পৰ্য্যন্ত ৰুচা ২.০ ৰ পুঁজি অনুমোদন চলি আছে।  চলিত বিত্তীয় বৰ্ষতে ৰুচাৰ ৩.০ ৰ আঁচনি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নতুনকৈ ৰূপায়ণ হ’ব। ৰুচা ১.০ ৰ আৰু ২.০ ৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আঁচনিখনৰ ৰূপায়ণৰ নিয়মাৱলী সমূহ উল্লেখ কৰি গাইডলাইন জাৰি কৰিছিল। উক্ত দুয়োখন গাইডলাইনে ৰুচা অসমৰ কাৰ্য্যালয়ৰ চৰকাৰী বেৱচাইট www.rusa.assam.gov.in ত উপলব্ধ আছে। ৰুচা ৩.০ ৰ নীতি নিৰ্দেশনা সমূহ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গাইডলাইনত প্ৰকাশ কৰাৰ পাছতে উক্ত গাইডলাইনো ৰুচা বেৱচাইটত অদ্যৱদি কৰা হ’ব।

আঁচনি ৰূপায়ণৰ ৰূপৰেখা 

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসমৰ চৰকাৰী বেৱচাইট www.rusa.assam,gov.in ত ৰুচা ১.০ আৰু ২.০ আঁচনি ৰূপৰেখা অধিক বিতংকৈ উল্লেখ আছে। চমুকৈ এই দুয়োখন  আঁচনিৰ ৰূপায়ণৰ ৰূপৰেখা তলত দাঙি ধৰা হ’লঃ

ৰুচা ১.০ সম্পাদনা কৰক

ৰুচা ১.০ অধীনত ৬টা উপাদানত সৰ্বমুঠ ১৪৪ খন উচ্চ শিক্ষানুষ্ঠানক পুঁজিৰ যোগান ধৰা হয়। ইয়াৰ সৰহ সংখ্যক পুঁজিৰ আৱণ্টনৰ মূল উদ্দেশ্য হৈছে মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় সমূহৰ আন্তঃগাঁঠনিৰ উন্নয়ণ। ৰুচা ১.০ অধীনত পুঁজি লাভ কৰা উপাদান সমূহ আৰু হিতাধিকাৰী উচ্চ শিক্ষা অনুষ্ঠান সমূহৰ সবিশেষ তলত উল্লেখ কৰা হ’ল ।

(১) বিশ্ববিদ্যালয় আন্তঃগাঁঠনি মূলক পুঁজিঃ- ২ খন বিশ্ববিদ্যালয়

(২) মহাবিদ্যালয় আন্তঃগাঁঠনি মূলক পুঁজিঃ- ৯৩ খন মহাবিদ্যালয়

(৩) মহাবিদ্যালয়সমূহক আদৰ্শ মহাবিদ্যালয়লৈ উন্নিত কৰণৰ পুঁজিঃ- ৫ খন মহাবিদ্যালয়

(৪) নতুন আদৰ্শ মহাবিদ্যালয় স্থাপনঃ- ১২ খন

(৫) নতুন কাৰিকৰী মহাবিদ্যালয় স্থাপনঃ- ৩ খন

(৬) সমতাৰ পদক্ষেপৰ পুঁজিঃ- ২৯ খন

ৰুচা ২.০ সম্পাদনা কৰক

ৰুচা ২.০ অধীনত ৬ টা উপাদানত সৰ্বমুঠ ১৩৩ খন উচ্চ শিক্ষানুষ্ঠানক পুঁজিৰ যোগান ধৰা হয়। উপাদান আৰু শিক্ষানুষ্ঠানৰ সবিশেষ তলত উল্লেখ কৰা হ’ল।

(১) বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি মূলক পুঁজিঃ- ২ খন বিশ্ববিদ্যালয়

(২) মহাবিদ্যালয়ৰ আন্তঃগাঁঠনি মূলক পুঁজিঃ- ১১১ খন মহাবিদ্যালয়

(৩) মহাবিদ্যালয়সমূহক আদৰ্শ মহাবিদ্যালয়লৈ উন্নিত কৰণৰ পুঁজিঃ- ১২ খন মহাবিদ্যালয়

(৪) নতুন আদৰ্শ মহাবিদ্যালয় স্থাপনঃ- ৫ খন

(৫) সমতাৰ পদক্ষেপৰ পুঁজিঃ- ২ খন

(৬) শিক্ষক প্ৰশিক্ষণৰ পুঁজিঃ- ১ খন

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা আঁচনি ৰূপায়ণৰ গুৰুত্বপূৰ্ণ অভিলেখ- সম্পাদনা কৰক

(১) প্ৰজেক্ট মণিটৰিং চিষ্টেমঃ সম্পাদনা কৰক

ৰুচা অসমে নিজাববীয়াকৈ হিতাধিকাৰী প্ৰতিষ্ঠানত ৰুচা প্ৰকল্পৰ পৰ্য্যবেক্ষণৰ বাবে প্ৰজেক্ট মণিটৰিং চিষ্টেম নামৰ এটা অনলাইন পৰ্টেল বিকাশ কৰি উলিয়াইছে। উক্ত পৰ্টেলৰ যোগেদি শিক্ষানুষ্ঠান সমূহত ৰুচাৰ দ্বাৰা পুঁজি প্ৰাপ্ত প্ৰকল্প সমূহৰ দৈনন্দিন কামৰ অগ্ৰগতি অনলাইনতে চাব পাৰি। চিষ্টেমটো এইদৰে বিকাশ কৰা হৈছে যে ৰুচা অসমৰ দ্বাৰা প্ৰজেক্ট নম্বৰসহ বিভিন্ন প্ৰকল্পত মুকলি কৰা পুঁজিৰ সৱিশেষ তথ্য প্ৰজেক্ট হিচাপে হিতাধিকাৰী শিক্ষানুষ্ঠান সমূহে অদ্যৱদি কৰিব পাৰে। উক্ত তথ্য সমূহ হৈছে প্ৰজেক্টৰ আৱণ্টিত পুঁজি, মুকলি কৰা পুঁজি কিস্তি হিচাপত, খৰছ কৰা পুঁজি, প্ৰজেক্টৰ অগ্ৰগতিৰ ফটো, কামৰ দৈনন্দিন অগ্ৰগতি ইত্যাদি। চিষ্টেমৰ জড়িয়তে যিকোনো প্ৰজেক্টৰ অধীনত ৰুচা কৰ্তৃপক্ষৰ তৰফৰ পৰা জাননী অথবা নিৰ্দেশ দিয়াৰ ব্যৱস্থাও চিষ্টেমটোত ৰখা হৈছে। এই চিষ্টেমৰ জড়িয়তে শিক্ষানুষ্ঠানৰ পৰ্য্যায়ত বিভিন্ন ৰুচা প্ৰজেক্টৰ দৈনন্দিন পৰ্য্যবেক্ষণ স্বচ্চ আৰু নিখুঁত ভাৱে কৰা সম্ভৱ হৈ উঠিছে।    

(২) Digital Office Management System: সম্পাদনা কৰক

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অসমৰ কাৰ্য্যালয়ৰ দৈনন্দিন কামকাজ সমূহ আৰু বেছি শৃংখলাবদ্ধভাৱে ৰাখিবলৈ ২০১৯ চনৰে পৰা কাৰ্য্যালয়টোত নিজাববীয়াকৈ সকলো কামকাজৰ বাবে ডিজিটেল চিষ্টেমৰ বিকাশ কৰা হৈছে। এনে চিষ্টেমসমূহে কাৰ্য্যালয়ৰ কামৰ নিখুঁটতা বৃদ্ধি কৰাৰ লগতে কামসমূহত স্বচ্চতা প্ৰদান কৰিছে। এনে ডিজিটেল চিষ্টেমসমূহ হৈছে – Administrative Approval Management System, Print Payment Advice Management System, Indent Management System, Detailed Project Report Management System, Issue and Receipt Register Management System, Personnel Information Management System , Online Management of Physical Inspection, NAAC Accreditation Management System, TADA Management System, Sanction Order record Management System, E File Management System, File Index Management System, Address and communication directory, E Mail Management System, Casual Leave Application System, Task Reporting Management System , Proposal submission Management System, Digital Archive System, Inspection Record Management System ।

(৩) Digital accounting Management System- সম্পাদনা কৰক

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অসমে কাৰ্য্যালয়ৰ একাউণ্টিং চিষ্টেমৰ ডিজিটেলাইজ কৰিবৰ বাবে নিজাববীয়াকৈ বিভিন্ন পৰ্টেল বিকাশ কৰি উলিয়াইছে। উক্ত পৰ্টেল সমূহ হৈছে – Bill Register Management System, Cash Book Management System, Cash book single nodal Account, Cash book RUSA holding Account , Sanction order Management System, Print Payment Advice Management System, Petty Cash Management System, Institution Ledger Management System, Daily Financial Report Management System, Treasury Challan Management System, Sanction Order Record Management System, Un- utilized RUSA Fund Record System, Utilization certificate management system, Preparatory grant expenditure management system.  উক্ত পৰ্টেলসমূহৰ দ্বাৰা কাৰ্য্যালয়ৰ সকলো বিত্তীয় হিচাব নিয়াৰিকৈ, সুশৃখলাৱদ্ধভাৱে আৰু স্বচ্চতাৰে সংৰক্ষণ সম্ভৱ হৈ উঠিছে।

(৪) উষা, জোনাকী আৰু বাঁহী অসমীয়া ইউনিক’ড ফ’ণ্টৰ বিকাশ - সম্পাদনা কৰক

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অসমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত দুটাকৈ ইউনিক’ড অসমীয়া ফ’ণ্ট- “উষা” আৰু “জোনাকী” ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে। উক্ত ফ’ণ্ট কেইটা ইউনিক’ড হোৱা বাবে ডিজিটেল মাধ্যমত ফ’ণ্ট কেইটা সহজতে ব্যৱহাৰৰ বাবে উপযোগী হয়। ফ’ণ্ট কেইটা যুক্তাক্ষৰ তথা অন্যান্য যেনে ‘, “”, ? ইত্যাদি চিহ্ন ব্যৱহাৰৰ আসোঁৱাহৰ পৰা মুক্ত। ৰুচা ৱেবছাইটত ফ’ণ্ট কেইটা আৰু ইয়াৰ  “কি ৱৰ্ড” বিনামূল্যে ৰাইজৰ বাবে উপলব্ধ কৰা হৈছে। ডিজিটেল মাধ্যমত অসমীয়া লিখনিসমূহ আৰু বেছি আটকধুনীয়া কৰিবলৈ ৰুচা অসমৰ তৃতীয়টো ইউনিক’ড ফণ্ট – বাঁহীৰ বিকাশৰ কাম ইতিমধ্যে হাতত লোৱা হৈছে। উষা আৰু জোনাকী ফ’ণ্টল কেইটা ডাউনল’ডৰ লিংক হৈছে  - https://assamesefont.eofficerusaassam.in/ ।

(৫) প্ৰজ্ঞা- সম্পাদনা কৰক

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অসমে ২০২০ চনৰ পৰাই “প্ৰজ্ঞা” নামেৰে এখনি ই- আলোচনী প্ৰকাশ কৰি আহিছে । প্ৰজ্ঞা আলোচনীখনৰ এতিয়ালৈকে চাৰিটা সংখ্যা প্ৰকাশ হৈছে আৰু পঞ্চমটো সংখ্যা প্ৰকাশ হ’বলৈ গৈ আছে। প্ৰজ্ঞাৰ প্ৰতিটো সংখ্যাতে অসমৰ উচ্চ শিক্ষা জগত খনৰ লগত সংগতি ৰাখি প্ৰৱন্ধসমূহ প্ৰকাশ কৰা হৈছে। ই-মেগাজিন খনিত বৌদ্ধিক জগতৰ বিশিষ্ট্য ব্যক্তিসকলৰ লিখনিৰ উপৰিও বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ত অধ্যয়ণৰত ছাত্ৰ- ছাত্ৰীসকলে লিখা গৱেষণামূলক প্ৰৱন্ধ সমূহকো স্থান দিয়া হৈছে। উক্ত গৱেষণামূলক প্ৰৱন্ধসমূহৰ সৰহ সংখ্যকেই ৰাজ্যৰ উচ্চশিক্ষা জগতখন তথা নতুন শিক্ষা নীতি ২০২০ ৰ লগত সম্পৰ্ক থকা। এনে গৱেষণামূলক প্ৰন্ধৰ বাবে ছাত্ৰ- ছাত্ৰীসকলক ৰুচা অসমৰ তৰফৰ পৰা এককালিন মাননি দিয়াৰো ব্যৱস্থা কৰা হৈছে। ই- মেগাজিন খনৰ লিংক হৈছে - https://rusaassamemagazine.com/

(৬) প্ৰকাশন- সম্পাদনা কৰক

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অসমৰ দ্বাৰা প্ৰকাশিত পুথি সমূহ হৈছে-

ক) Outcome Study Report RUSA 1.0

খ) Analytical Report Volume I

গ) Analytical Report Volume II

ঘ) Compendium of Physical Inspection volume I

ঙ) Compendium of Physical Inspection volume I

চ) “উচ্চ শিক্ষাৰ সমীক্ষাত্মক অধ্যয়ন”