ৰাষ্ট্ৰীয় শিক্ষা দিৱস হৈছে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিনৰ দিনা ভাৰতত উদযাপন কৰা এক বাৰ্ষিক অনুষ্ঠান।[1][2][3] মৌলানা আবুল কালাম আজাদে ১৫ আগষ্ট ১৯৪৭ৰ পৰা ২ ফেব্ৰুৱাৰী ১৯৫৮ লৈকে সেৱা আগবঢ়াইছিল। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ২০০৮ চনৰ ১১ ছেপ্টেম্বৰত ঘোষণা কৰে, "মন্ত্ৰালয়ে ভাৰতত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰি ভাৰতৰ এই মহান পুত্ৰৰ জন্মদিন উদযাপন কৰাৰ সিদ্ধান্ত লৈছে।

ৰাষ্ট্ৰীয় শিক্ষা দিৱস
সম্পূৰ্ণ নাম ৰাষ্ট্ৰীয় শিক্ষা দিৱস
উদযাপন ১১ নৱেম্বৰ
অৱধি এদিন

২০০৮ চনৰ পৰা প্ৰতি বছৰে ১১ নৱেম্বৰ তাৰিখত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হ'ব।" দেশৰ সকলো শিক্ষানুষ্ঠানে সাক্ষৰতাৰ গুৰুত্ব আৰু শিক্ষাৰ সকলো দিশৰ প্ৰতি ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত বেনাৰ কাৰ্ড আৰু শ্ল'গানেৰে আলোচনাচক্ৰ, প্ৰবন্ধ-লিখন, তৰ্ক প্ৰতিযোগিতা, কৰ্মশালা আৰু ৰেলীৰে দিনটো উদযাপন কৰিব।

এই দিনটোক স্বাধীন ভাৰতত শিক্ষা ব্যৱস্থাৰ ভেটি স্থাপন, আৰু এই ক্ষেত্ৰত দেশৰ বৰ্তমানৰ প্ৰদৰ্শনৰ মূল্যাঙ্কন আৰু উন্নতিৰ ক্ষেত্ৰত আজাদৰ অৱদানক স্মৰণ কৰাৰ এক উপলক্ষ হিচাপেও দেখা যায়।[4]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক