ৰুবিনা ছেত্ৰী
ৰুবিনা ছেত্ৰী(ইংৰাজী: Rubina Chhetry)এগৰাকী নেপালৰ মহিলা ক্ৰিকেটাৰ যি মহিলাৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ হৈ সোঁহাতৰ মিডিয়াম পেছ বলাৰ হিচাপে খেলে। তেওঁ ২০১২ চনত নিযুক্ত দলটোৰ প্ৰাক্তন অধিনায়ক, যেতিয়া তেওঁ নেৰী থাপাৰ স্থান লৈছিল। ২০০৯ চনত, তেওঁ এখন আন্তৰ্জাতিক মেচত নেপালৰ হৈ হেট্ৰিক লোৱা প্ৰথম ক্ৰিকেটাৰ হয়, আৰু ২০১৯ চনত তেওঁ মহিলাৰ টুৱেণ্টি- টুৱেণ্টী আন্তৰ্জাতিক (ডব্লিউটি টুৱেণ্টী আই)ত নেপালৰ প্ৰথম হেট্ৰিক লয়।
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | ৰুবিনা ছেত্ৰী বেলবাচী[1] | |||
জন্ম | ২৬ নৱেম্বৰ, ১৯৯৩ (৩০ বছৰ) নেপাল | |||
বেটিং শৈলী | সোঁ-হাত | |||
বলিং শৈলী | সোঁ-বাহু মাধ্যম | |||
ভূমিকা | বলাৰ | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
আন্তৰ্জাতিক টি২০ অভিষেক (কেপ 1) | ১২ জানুৱাৰী ২০১৯ v চীন | |||
অন্তিম আন্তৰ্জাতিক টি২০ | ২৩ জুলাই ২০২৪ বনাম ভাৰত | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | WT20I | |||
মুঠ খেল | ৫৮ | |||
ৰাণ | ৭৭৪ | |||
বেটিং গড় | ২৩.৪৫ | |||
শতক/অৰ্ধশতক | 1/1 | |||
সৰ্বোচ্চ ৰাণ | ১১৮* | |||
বল | ১,০৬২ | |||
উইকেট | ৪২ | |||
বলিং গড় | ১৬.৬৬ | |||
এটা ইনিংছত ৫টা উইকেট | ০ | |||
এখন খেলত ১০টা উইকেট | ০ | |||
শ্ৰেষ্ঠ বলিং | ৪/২ | |||
কেচ্চ/ষ্টাম্পিং | ১৭/০ | |||
উৎস: http://www.espncricinfo.com/ci/content/player/500726.html Cricinfo, ৮ অক্টোবৰ ২০২৪ {{{year}}} |
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সম্পাদনা কৰকৰুবিনা ছেত্ৰী পূৱ নেপালৰ ঝাপা জিলাৰ মেচিনাগাৰ পৌৰসভাৰ চুবুৰীয়া কাক্কাৰভিট্টাৰ বাসিন্দা।[2] তেওঁক এগৰাকী অকলশৰীয়া মাতৃয়ে ডাঙৰ-দীঘল কৰিছিল [3] আৰু ঝাপাৰ নৰ্থ পইণ্ট স্কুলীয়া জীৱন আৰম্ভ কৰিছিল। সৰুৰে পৰাই ৰুবিনাই ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হৈছিল। প্ৰথমাৱস্থাত তেওঁ টেবুল টেনিছ আৰু ভলীবলহে খেলিছিল। [4]
১২ বছৰ বয়সৰ পৰাই তেওঁ প্ৰথম ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল। তাইৰ ঘৰৰ ওচৰত, এখন খেলপথাৰ আছিল য'ত তেওৰ ভায়েক পৱন ছেত্ৰী, তাইৰ সম্পৰ্কীয় ভাই আৰু তেওঁলোকৰ গাঁৱৰ আন ল'ৰাবোৰে খেল খেলিছিল। [2][5]ৰুবিনাই ঘৰৰ বাৰাণ্ডাৰ ওচৰত বহি খেল উপভোগ কৰিছিল। এদিন ৰুবিনাই ভায়েকৰ সৈতে খেল খেলিবলৈ ফিল্ডলৈ গৈছিল আৰু যোগ দিছিল। প্ৰথমতে ৰুবিনাই ক্ৰিকেট কঠিন পাইছিল, কিয়নো তেওঁ ল'ৰাহতৰ লগত অংশগ্ৰহণ কৰা একমাত্ৰ ছোৱালী আছিল। তাই প্ৰায়ে বল িং কৰিছিল, কিন্তু কেতিয়াবাহে বেটিং কৰিছিল। গাঁৱৰ কিছুমান লোকে ৰুবিনাৰ মাকৰ ওচৰত অভিযোগ কৰিছিল, আৰু তেওঁক ল'ৰাৰ বিৰুদ্ধে খেলিবলৈ অনুমতি নিদিবলৈ কৈছিল, কিন্তু তেওঁৰ মাক আৰু ভাতৃয়ে সদায় ৰুবিনাক সমৰ্থন কৰিছিল[2][5]ৰুবিনা ছেত্ৰী আৰু তাইৰ ভায়েকেও স্কুলত ক্ৰিকেট খেলিছিল,লগতে ভলীবলো খেলিছিল।[2]ৰুবিনাই শিক্ষাগ্ৰহণৰ লগে লগে ক্ৰিকেটৰ ক্ষেত্ৰত সময় দিয়াতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। অৱশ্যে, তেওঁৰ পৰিয়ালে তেওঁক অনুপ্ৰাণিত কৰিছিল আৰু ৰুবিনাৰ সিদ্ধান্তবোৰক সন্মান কৰিছিল। তেওঁ ভাৰতৰ ৰাহুল দ্ৰাবিড় আৰু অষ্ট্ৰেলিয়াৰ ব্ৰেট লীৰ আদৰ্শৰ দ্বাৰাও অনুপ্ৰাণিত হৈছিল।[5]
খেলুৱৈ জীৱন
সম্পাদনা কৰক২০১৬ চনত, ৰুবিনা ছেত্ৰী অষ্ট্ৰেলিয়াত অনুষ্ঠিত ডব্লিউবিবিএল টু(WBBL2) টুৰ্ণামেণ্টৰ বাবে মেলবৰ্ণ ৰেনেগেডছৰ সহযোগী ৰুকি হিচাপে বাছনি হৈছিল। ২০১০ দশকৰ শেষৰ ফালে, ৰুবিনা ছেত্ৰীয়ে নেপালত খুব বেছি শীৰ্ষ পৰ্যায়ৰ ঘৰুৱা ক্ৰিকেট খেলা নাছিল, কিয়নো মহিলাৰ খেলৰ বাবে দেশখনত সুপৰিকল্পিত ঘৰুৱা গাঁথনি নাছিল। ২০১৮ চনত, তেওঁ সেই বছৰৰ প্ৰধানমন্ত্ৰী কাপ মহিলা ৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত পূৱ অঞ্চলৰ দলৰ অধিনায়কত্ব কৰিছিল আৰু মহিলা-অফ-দ্য-চিৰিজ আৰু শ্ৰেষ্ঠ বলাৰ হিচাপে স্থান লাভ কৰিছিল।[6]২০১৯ চনত, ৰুবিনা ছেত্ৰী ভৈৰাহাৱা কুইন্সৰ অধিনায়ক আৰু মাৰ্কি খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল। সেই বছৰৰ শেষৰ ফালে এনচিএল মহিলা টি-টুৱেণ্টি ক্ৰিকেট লীগ টুৰ্ণামেণ্টত প্ৰতিদ্বন্দ্বিতা কৰা চাৰিটা দলৰ ভিতৰত এই দলটোও এটা আছিল। [7][8] অৱশ্যে, প্ৰতিযোগিতাখন দুবাৰ পিছুৱাই দিয়া হৈছিল আৰু আগবাঢ়ি যোৱা নাছিল।[9]অক্টোবৰ ২০১৯ চনত মহিলা চেম্পিয়নছ লীগ নামৰ এখন প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। তাত তেওঁ ভাল প্ৰদৰ্শন কৰিছিল। ২০১২ চনৰ পৰা ৰুবিনা ছেত্ৰী ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হয়। তেওঁ প্ৰথমবাৰৰ বাবে ২০১২ চনৰ মহিলা টুৱেণ্টি- টুৱেণ্টী এছিয়া কাপত নেপালৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক আছিল।[10] ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে এছিয়া কোৱালিফায়াৰৰ অন্তিম ৰাউণ্ডৰ খেলবোৰত ৰুবিনা ছেত্ৰীয়ে হেট্ৰিক লয় আৰু কুৱেইটৰ বিৰুদ্ধে খেলখনৰ খেলুৱৈ হয়। ডব্লিউটি-টুৱেণ্টিত এইটো নেপালৰ প্ৰথম হেট্ৰিক আছিল। [11] থাইলেণ্ডৰ পিছত নেপালে দ্বিতীয় স্থানত প্ৰতিযোগিতাখন সমাপ্ত কৰে।[12]২০২০ চনৰ ছেপ্টেম্বৰত, ক্ৰিকেট এছ'চিয়েশ্যন অফ নেপাল (CAN)য়ে মহিলা খেলুৱৈসকলৰ বাবে কেন্দ্ৰীয় চুক্তিৰ প্ৰথম বঁটা ঘোষণা কৰে। ৰুবিনা গ্ৰেড "এ" খেলুৱৈ হিচাপে চুক্তিবদ্ধ হোৱা ছয়গৰাকী মহিলাৰ ভিতৰত এগৰাকী আছিল। ২০২১ চনৰ অক্টোবৰত সংযুক্ত আৰৱ এমিৰেটছত অনুষ্ঠিত হোৱা ২০২১ চনৰ আইচিচি মহিলা টি-টুৱেণ্টি বিশ্বকাপ এছিয়া কোৱালিফায়াৰ টুৰ্ণামেণ্টৰ বাবে ছেত্ৰীক নেপালৰ দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হয়।[13]
পেছাদাৰী জীৱন
সম্পাদনা কৰক২০১০ দশকৰ মাজভাগত ৰুবিনাই ভায়েকৰ সৈতে নিজৰ ঠাইঝাপাত এখন ক্ৰিকেট একাডেমী আৰম্ভ কৰিছিল।
তথ্যৰ উৎস
সম্পাদনা কৰক- ↑ "Thailand plays host as the road to the Women's T20 and 50-over World Cups begins". International Cricket Council. https://www.icc-cricket.com/media-releases/1054922। আহৰণ কৰা হৈছে: 14 February 2019.
- ↑ 2.0 2.1 2.2 2.3 Singh, Rishi (5 July 2009). "Rubina creates cricket history" (en ভাষাত). The Himalayan Times. https://thehimalayantimes.com/news-archives/rubina-creates-cricket-history.
- ↑ "Rubina Chhetry: Captain, Nepal Cricket Team" (en ভাষাত). SpotifyCow Corner podcast. 24 July 2021. https://open.spotify.com/episode/43WsueifskBUio4q68mFXn। আহৰণ কৰা হৈছে: 27 April 2022.
- ↑ Yadav, Vishal (8 January 2019). "Female Cricket Interviews Rubina Chhetri – Captain of Nepal Women’s National Cricket team". Female Cricket. https://femalecricket.com/female-cricket-blogs/1543-female-cricket-interviews-rubina-chhetri-captain-of-nepal-women-s-national-cricket-team.html। আহৰণ কৰা হৈছে: 27 April 2022.
- ↑ 5.0 5.1 5.2 Yadav, Vishal (7 August 2017). "Interview with Rubina Chhetri – Captain of Nepal Women’s Cricket Team". Female Cricket. https://femalecricket.com/female-cricket-blogs/881-interview-with-rubina-chhetri-captain-of-nepal-women-s-cricket-team.html। আহৰণ কৰা হৈছে: 27 April 2022.
- ↑ Rijal, Prahlad (25 February 2018). "APF clinch PM Cup Women's National Cricket title". The Himalayan Times. https://thehimalayantimes.com/ampArticle/222243.
- ↑ Dhakal, Adarsha (19 March 2019). "Marquees, team owners unveiled for Women\'s Twenty20 Cricket League" (English ভাষাত). The Kathmandu Post. https://kathmandupost.com/sports/2019/03/19/marquees-team-owners-unveiled.
- ↑ "‘Asia’s first’ women’s T20 league postponed for late April; marquees announced" (en ভাষাত). myRepública. 19 March 2019. Archived from the original on 23 July 2019. https://web.archive.org/web/20190723110329/https://myrepublica.nagariknetwork.com/news/61544/.
- ↑ "NCL Women’s T20 league postponed again" (en ভাষাত). myRepública. 1 May 2019. https://myrepublica.nagariknetwork.com/news/ncl-women-s-t20-league-postponed-again/.
- ↑ "Rubina Chhetri". cricnepal.com. Archived from the original on 20 March 2017. https://web.archive.org/web/20170320053320/http://www.cricnepal.com/players/rubina-chhetri। আহৰণ কৰা হৈছে: 19 March 2017.
- ↑ "Hat-trick heroes: First to take a T20I hat-trick from each team". Women's CricZone. https://www.womenscriczone.com/hat-trick-heroes-first-to-take-a-t20i-hat-trick-from-each-team/। আহৰণ কৰা হৈছে: 11 June 2020.
- ↑ "Skipper Chhetri makes Nepal’s exit memorable" (en ভাষাত). The Kathmandu Post. 28 February 2019. https://kathmandupost.com/sports/2019/02/28/skipper-chhetri-makes-nepals-exit-memorable.
- ↑ "Nepal squad announced for Women's T20 World Cup Asia qualifiers in UAE". Czarsportz. https://czarsportzauto.com/nepal-squad-announced-for-womens-t20-world-cup-asia-qualifiers-in-uae/। আহৰণ কৰা হৈছে: 27 October 2021.