ৰূপসী বিমানবন্দৰ

অসমৰ বিমানবন্দৰ

ৰূপসী বিমানবন্দৰ (আইএটিএ: RUPআইচিএঅ’: VERU) অসমকোকৰাঝাৰ জিলাত অৱস্থিত এটা বিমানবন্দৰ। বিমানবন্দৰটো ধুবুৰী চহৰৰ পৰা প্ৰায় ২৩ কিঃমিঃ দূৰত্বত অৱস্থিত।[2] এই বিমানবন্দৰটোত এটা একক অন্তঃদেশীয় টাৰ্মিনেল (domestic terminal) আছে। বিমানবন্দৰটোৰ ব্যস্ততম সময়ত যাত্ৰী পৰিচালনাৰ সক্ষমতা কম। বৰ্তমানে ইয়াৰ পৰা গুৱাহাটী আৰু কলিকতালৈ যাত্ৰীবাহী বিমান চলাচল কৰে।[4]

ৰূপসী বিমানবন্দৰ
আইএটিএ: RUPআইচিএঅ: VERU
RUP is located in অসম
RUP
RUP
অসমৰ মানচিত্ৰত বিমানবন্দৰটোৰ অৱস্থান
সংক্ষিপ্ত
প্ৰকাৰ ৰাজহুৱা খণ্ডৰ
অধিকাৰী ভাৰত চৰকাৰ
অপাৰেটৰ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ
অৱস্থান কোকৰাঝাৰ জিলা, পৰ্বত ঝোৰা মহকুমা, অসম, অসম, ভাৰত
উচ্চতা ৪০ মিটাৰ / ১৩১ ফুট
স্থানাঙ্ক 26°08′28″N 089°54′24″E / 26.14111°N 89.90667°E / 26.14111; 89.90667স্থানাংক: 26°08′28″N 089°54′24″E / 26.14111°N 89.90667°E / 26.14111; 89.90667
উড্ডায়ন পথ
দিকনিৰ্দেশনা দৈৰ্ঘ্য উপৰিতল
মিটাৰ ফুট
05L/23R ১৮২৯ ৬,০০০ Asphalt
Source:,[1][2] STV[3]
 
ৰূপসী বিমানবন্দৰৰ উৰণপথ

সেনাবাহিনীক অস্ত্ৰ, জনশক্তি আৰু গোলাবাৰুদ সৰবৰাহৰ বাবে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰূপসী উৰণপথটো ব্ৰিটিছসকলৰ দ্বাৰা নিৰ্মিত হৈছিল। এইটো চীন বাৰ্মা ইণ্ডিয়া থিয়েটাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বিমান বাহিনী দশম বিমানবাহিনী ব্যৱহাৰ কৰিছিল। আঞ্চলিক বিমান সংস্থা বায়ুদূত ১৯৮০-ৰ দশকত বিমানবন্দৰত পৰিসেৱা পৰিচালনা কৰিছিল কিন্তু পৰিসেৱাসমূহ প্ৰত্যাহাৰ কৰি লয় আৰু ১৯৮৪ চনত বিমানবন্দৰটো বন্ধ কৰি দিয়ে। ইয়াৰ পাছত, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় নাগৰিক বিমান পৰিবহণ মন্ত্ৰলায় তথা উত্তৰ পূব কাউন্সিল (এনইচি)-ৰ যৌথ উদ্যোগত আৰু বিমানবন্দৰটোক পুনঃনিৰ্মাণত প্ৰচেষ্টা চলিছিল, কিন্তু সেয়া ব্যৰ্থ হয়।[5]

২০১৮-ৰ মে' মাহত, ট্ৰানজিটকৰ উড়ান প্ৰকল্পৰ দ্বিতীয় ৰাউণ্ডৰ অধিনত ৰূপসীৰ পৰা গুৱাহাটী বিমানবন্দৰত বিমান পৰিচালনা কৰাৰ চুক্তি দিয়া হৈছিল।[6] অসমৰ মুখ্যমন্ত্ৰী সৰ্বানান্দ সোণোৱালে ২২ ফেব্ৰুৱাৰী ২০১৯-ত পৰিকল্পৰ ভিত্তিত আধাৰশিলা স্থাপন কৰিছিল।[7] আনুমানিক ৭০ কোটি টকা ব্যয় কৰা হৈছে বিমানবন্দৰৰ এটিআৰ-৭২ ধৰণৰ বিমানৰ পৰিচালনাৰ বাবে, ৩,৫০০ বৰ্গমিটাৰ টাৰ্মিনাল ভৱন সহ অৱগাঁথনি ২০১৯ চনৰ অক্টোবৰৰ মাজত তৈয়াৰ কৰা হৈছিল। এএআই আৰু আইএএফ মৰ্চাভাৱে চিভিল আৰু সামৰিক উভয় কামত বিমানবন্দৰটো তৈয়াৰ কৰিব। বিমান বাহিনী বিমানযুদ্ধৰ বিমান চালনা সক্ষম কৰিবলৈ উৰণপথ দহ হেজাৰ ফুট বঢ়োৱাৰ সম্ভাব্যতাও মূল্যায়ন কৰিছে।

বিমানবন্দৰটো সমুদ্ৰ স্তৰৰ পৰা ১৩১ ফুট (40 মিটাৰ) ইয়াৰ উচ্চতা আৰু ৪৪৭ একৰ (181 হেক্টৰ) ইয়াৰ আয়তন। ইয়াত এটা পকা উৰণপথ নিৰ্ধাৰণ কৰা হৈছে ০৫/২৩।

সা-সুবিধা

সম্পাদনা কৰক

ৰূপসী বিমানবন্দৰৰ পৃষ্ঠকালি ৪৪৭ একৰ (১৮১ হেক্টৰ)। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ১৩১ ফুট (৪০ মিটাৰ)। বিমানবন্দৰটোত ৬০০০ ফুট (১৮২৯ মিটাৰ) দীঘল আৰু ১৫০ ফুট (৪৬ মিটাৰ) বহল এটা ০৫/২৩ ধৰণৰ পকী উৰণপথ আছে।[1]

এয়াৰলাইনছ আৰু গন্তব্যস্থল

সম্পাদনা কৰক
ৰূপসীৰ পৰা গন্তব্যস্থল
এয়াৰলাইনছ গন্তব্যস্থল টোকা
ফ্লাইবিগ গুৱাহাটী, কলকাতা [4]

তথ্যসূত্ৰ

সম্পাদনা কৰক