ৰেফ্লেছিয়া আৰ্ণল্ডি (ইংৰাজী: Rafflesia arnoldii) , মৃতদেহ ফুল, বা বিশাল পদ্ম পৰজীৱী প্ৰজাতিৰ এবিধ সপুষ্পক উদ্ভিদ। ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ একক ফুল উৎপাদনৰ বাবে বিখ্যাত। ইয়াৰ পঁচা মাংসৰ দৰে প্ৰবল আৰু অপ্ৰীতিকৰ গোন্ধ থাকে। ই সুমাত্ৰা আৰু বৰ্নিওৰ বৰ্ষাৰণ্যৰ থলুৱা প্ৰজাতি। ৰেফ্লেছিয়া আৰ্ণল্ডি পৃথিৱীৰ আটাইতকৈ বিশাল ফুল। যদিও টাইটান আৰাম (Amorphophallus titanum) আৰু টালিপট পাম (Corypha umbraculifera) আদি ডাঙৰ ফুলৰ অংগ থকা কিছুমান উদ্ভিদ আছে, তথাপিও সেইবোৰ কাৰিকৰীভাৱে বহু ফুলৰ থুপ বা বহু পুষ্পৰ সমাহাৰ।