ৰেৱতী (বলোৰামৰ পত্নী)

(ৰেৱতী(বলোৰামৰ পত্নী)ৰ পৰা পুনঃনিৰ্দেশিত)

ৰেৱতী ৰজা কাকুদ্মীৰ কন্যা আৰু বলোৰামৰ সহধৰ্মিনী আছিল।[2] মহাভাৰত,ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণৰ দৰে বিভিন্ন পৌৰাণিক ধৰ্ম গ্ৰন্থত তেওঁৰ বিৱৰণ আছে।

ৰেৱতী
নিবাস বৈকুণ্ঠ
সঙ্গী বলোৰাম
সন্তান নিশাত
উলমুকা
বৎসলা [1]

ৰেৱতী কাকুদ্মীৰ একমাত্ৰ কন্যা আছিল। কোনো মানুহেই তেওঁৰ মৰমলগা আৰু প্ৰতিভাশালী জীয়েকক বিয়া কৰাবলৈ যথেষ্ট নহয় বুলি অনুভৱ কৰি কাকুদ্মীয়ে ৰেৱতীক লগত লৈ ব্ৰহ্মলোকলৈ গৈছিল। তেওঁলোক গৈ পোৱাৰ সময়ত, ব্ৰহ্মাই গন্ধৰ্বসকলৰ এটা সংগীত অনুষ্ঠান উপভোগ কৰি আছিল, সেয়েহে তেওঁলোকে প্ৰদৰ্শন শেষ নোহোৱালৈকে ধৈৰ্য্যসহকাৰে অপেক্ষা কৰিছিল। তাৰ পিছত, কাকুদ্মীয়ে নম্ৰতাৰে প্ৰণাম জনাই, ব্ৰহ্মাক তেওঁ জীয়েকৰ পাণি গ্ৰহণ কৰিব পৰা যোগ্য প্ৰাৰ্থীৰ তালিকা উপস্থাপন কৰিলে। ব্ৰহ্মাই জোৰেৰে হাঁহি বৰ্ণনা কৰিছিল যে অস্তিত্বৰ বিভিন্ন সমতলত সময় বেলেগ ধৰণে চলে। তেওঁলোকে ব্ৰহ্মাৰ বাবে অপেক্ষা কৰা এই চমু সময়ছোৱাতেই পৃথিৱীত, ২৭টা চতুৰ্যুগ পাৰ হৈ গৈছিল আৰু সেই সকলো প্ৰাৰ্থী বহু আগতেই মৃত্যুবৰণ কৰিছিল। [3] ব্ৰহ্মাই লগতে কয় যে কাকুদ্মী সেইসময়ত অকলশৰীয়া। কিয়নো এই সময়ছোৱাতেই তেওঁৰ বন্ধু, মন্ত্ৰী, সেৱক, পত্নী, আত্মীয়, সৈন্য আৰু ধন-ভাণ্ডাৰ এতিয়া পৃথিৱীৰ পৰা নোহোৱা হৈ গৈছে আৰু তেওঁ সোনকালেই তেওঁৰ জীয়েকক এজন পাত্ৰৰ হাতত গতাই দিয়া উচিত কিয়নো কলি যুগৰ সময় সমাগত আছিল।[4]


কাকুদ্মীক এই বাতৰিটোৱে আচৰিত আৰু সতৰ্ক কৰি তুলিলে।[4] অৱশ্যে ব্ৰহ্মাই তেওঁক সান্তনা দিয়ে আৰু লগতে কয় যে ঈশ্বৰ বিষ্ণু বৰ্তমান কৃষ্ণ আৰু বালোৰামৰ ৰূপত পৃথিৱীত আছে আৰু তেওঁ ৰেৱতীৰ বাবে যোগ্য স্বামী হিচাপে বলৰামক নিৰ্দেশ কৰে। ইয়াৰ পিছতেই কাকুদ্মী আৰু ৰেৱতী পৃথিৱীলৈ ঘূৰি আহিছিল, যাক তেওঁলোকে মাত্ৰ অলপ আগতে এৰি যোৱা বুলি গণ্য কৰিছিল, সেই সময়ত হোৱা পৰিৱৰ্তন দেখি তেওঁলোক হতবাক হৈ পৰিছিল। কেৱল দৃশ্যপট আৰু পৰিৱেশ সলনি হোৱাই নহয়, মধ্যৱৰ্তী ২৭ চতুৰ্যুগৰ ওপৰত, মানৱ আধ্যাত্মিক আৰু সাংস্কৃতিক বিৱৰ্তনৰ চক্ৰত, মানৱজাতিৰ বিকাশ তেওঁলোকৰ নিজৰ সময়তকৈ নিম্ন স্তৰৰ আছিল। ভাগৱত পুৰাণত বৰ্ণনা কৰা অনুসৰি তেওঁলোকে দেখিছিল যে পুৰুষ জাতিৰ "উচ্চতা হ্ৰাস পাইছে, বল-শক্তি হ্ৰাস পাইছে আৰু বুদ্ধিত দুৰ্বল হৈ পৰিছে।"

কাকুদ্মী আৰু ৰেৱতীয়ে বলৰামক বিচাৰি পাইছিল আৰু বিবাহৰ প্ৰস্তাৱ দিছিল। যিহেতু তেওঁ আগৰ যুগৰ আছিল, সেয়ে ৰেৱতী তেওঁৰ স্বামীতকৈ বহুত ওখ আৰু ডাঙৰ আছিল, কিন্তু বলোৰামে তেওঁৰ নাঙলটিৰে (তেওঁৰ বৈশিষ্ট্যপূৰ্ণ অস্ত্ৰ) ৰেৱতীৰ মূৰত টঙনিয়াই দিয়া মাত্ৰকে তেওঁ বলোৰামৰ বয়স আৰু মানুহৰ স্বাভাৱিক উচ্চতালৈ সংকুচিত হৈ পৰিছিল আৰু ইয়াৰ পিছতেই তেওঁলোকৰ বিবাহ সম্পন্ন হয়। ৰেৱতীয়ে তেওঁৰ স্বামী পুত্ৰ, নিশাত আৰু উলমুকা আৰু জীয়েক শশীৰেখাক জন্ম দিছিল। যদু ভ্ৰাতৃঘাতী যুদ্ধত নিশাথ আৰু উলমুকা নিহত হৈছিল ইয়াৰ লগে লগে বলোৰামে সাগৰৰ কাষত ধ্যানৰ দ্বাৰা তেওঁৰ পাৰ্থিৱ অৱতাৰো সমাপ্ত কৰে। [5] তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ৰেৱতীয়ে বলোৰামৰ চিতাত আত্মাহুতি দিছিল।[6]


  1. https://www.sacred-texts.com/hin/vp/vp142.htm
  2. Revati. "Daughter of King Raivata and wife of Balarama."
  3. Bhag-P, 9.3.32 (see texts 29-32)
  4. 4.0 4.1 Vishnu-Purana (see Book IV, chap I)
  5. Bhag-P 11.30.26 Archived 2007-03-26 at the Wayback Machine
  6. Sita Agarwal. Genocide of Women in Hinduism. Archived 2019-02-08 at the Wayback Machine „Revati also embracing the corpse of Rama, entered the blazing pile, which was cool to her, happy in contact with her lord.”