ৰিউ প্ৰদেশত পাম অইলৰ খেতিৰ বাবে কৰা নিৰ্বনানীকৰণ,২০০৭

ইণ্ডোনেছিয়াৰ নিৰ্বনানীকৰণ (ইংৰাজী: Deforestation in Indonesia) দেশৰ বহু অংশৰ দীৰ্ঘম্যাদী বনাঞ্চল আৰু শ্যামলীমা হৰণৰ কাৰণ হিচাপে পৰিগণিত; পৰিৱেশ আৰু সামাজিক ক্ষেত্ৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। ইণ্ডোনেছিয়া বিশ্বৰ কিছুমান জৈৱ-বৈচিত্ৰ্যৰ গৃহভূমি হিচাপে বিবেচিত আৰু বিশ্বৰ ভিতৰতে ব্ৰাজিল আৰু গণতান্ত্ৰিক গণৰাজ্য কংগোৰ পিছতে ই তৃতীয় স্থানত আছে। ১৯০০ চনৰ শেষৰ ফাললৈকে ইণ্ডোনেছিয়া গভীৰ বনাঞ্চলৰ দেশ হিচাপে পৰিগণিত আছিল; মুঠ ভূমিৰ ৮৪ শতাংশ অৰণ্যই আৱৰি ৰাখিছিল। ১৯৭০ চনত ই নিৰ্বনানীকৰণৰ কবলত পৰে, আৰু তেতিয়াৰ পৰাই আৰু এই কাৰ্য অধিক ত্বৰান্বিত হৈছে। ১৯০০ চনৰ আশে-পাশে ১৭ কোটি হেক্টৰৰ আনুমানিক বনাঞ্চল ২০ শতিকাৰ শেষৰ ফালে হ্ৰাস পাই ১০ কোটি হেক্টৰতকৈও কম হয়। ২০০৮ চনত অনুমান কৰা হৈছিল যে, ইণ্ডোনেছিয়াৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যসমূহ এটা দশকৰ পাছত কাটি পেলোৱা হ'ব। ইণ্ডোনেছিয়াত মুঠ কাঠ কটাৰ ভিতৰত ৮০% পৰ্যন্ত অবৈধভাৱে কৰা বুলি কোৱা হৈছে। ইণ্ডোনেছিয়াৰ বৃহৎ অঞ্চলৰ বনাঞ্চল বৃহৎ বহুজাতিক “পাল্প কোম্পানী’’ যেনে এছিয়া পাল্প এণ্ড পেপাৰে পৰিষ্কাৰ কৰি তাৰ ঠাইত বাগিচা স্থাপন কৰিছে। কৃষক আৰু বাগিচাৰ মালিকে প্ৰায়ে বনাঞ্চল জ্বলাই দিয়ে। বনাঞ্চল ধ্বংসৰ আন এটা প্ৰধান উৎস হৈছে, কাঠ কটা উদ্যোগ, যি চীন আৰু জাপানৰ চাহিদা পূৰণৰ উদ্দেশ্যে কৰা হয়। কৃষি উন্নয়ন আৰু প্ৰব্ৰজন কাৰ্যসূচীয়ে বৃহৎ সংখ্যাক বৰ্ষাৰণ্য জনাঞ্চললৈ পৰিণত কৰিছিল, যাৰ ফলত বনাঞ্চল ধ্বংসৰ হাৰ আৰু অধিক বৃদ্ধি পাইছিল। ইণ্ডোনেছিয়াত হোৱা ব্যাপক বনাঞ্চল ধ্বংস (আৰু অন্যান্য পৰিৱেশ ধ্বংস)ক শিক্ষাবিদসকলে প্ৰায়ে পৰিৱেশনাশক বুলি বৰ্ণনা কৰে।

খেতিৰ বাবে মাটি পৰিষ্কাৰ কৰিবলৈ কাঠ কটা আৰু বনাঞ্চল জ্বলাই দিয়াৰ ফলত ইণ্ডোনেছিয়া চীন আৰু আমেৰিকাৰ পিছতে বিশ্বৰ তৃতীয় বৃহত্তম সেউজ গৃহ গেছ নিৰ্গমনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। বনজুইয়ে প্ৰায়ে কাৰ্বন ছিংক ধ্বংস কৰা উচ্চ ক্ষমতাসম্পন্ন পুৰণি বৰ্ষাৰণ্য আৰু পিতনিসমূহ ধ্বংস কৰে। ২০১১ চনৰ মে' মাহত ইণ্ডোনেছিয়াই ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হোৱাকৈ নতুনকৈ কাঠ কটা চুক্তিৰ ওপৰত স্থগিতাদেশ ঘোষণা কৰে। সাময়িকভাবে এই আইন অকাৰ্যকৰী যেন লাগিল, কিয়নো বনাঞ্চল ধ্বংসৰ হাৰ বৃদ্ধি পাই থাকিল। ২০১২ চনৰ ভিতৰত ইণ্ডোনেছিয়াই ব্ৰাজিলৰ বনাঞ্চল ধ্বংসৰ হাৰ অতিক্ৰম কৰিছিল, আৰু বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত নিৰ্বনানীকৰণৰ কবলত পৰা দেশ হিচাপে পৰিগণিত হৈছিল।

(ইয়াত বিতংকৈ পঢ়ক)