ৱিকিপিডিয়া:পুনঃনিৰ্দেশ কেনেকৈ সৃষ্টি কৰিব

পুনঃনিৰ্দেশ (redirect) এনে এক পৃষ্ঠা যি পঢ়ুৱৈক আন এটা প্ৰবন্ধলৈ লৈ যায়। একে বিষয়ৰে বেলেগ বেলেগ নাম থাকিলে পুনঃনিৰ্দেশ পৃষ্ঠা ব্যৱহাৰ কৰা হয়।

উদাহৰণস্বৰূপে, অসমীয়া লেখিকা ইন্দিৰা গোস্বামীক মামনি ৰয়চম গোস্বামী নামেৰেহে জনা যায়। গতিকে ইন্দিৰা গোস্বামী পৃষ্ঠাটো এটা পুনঃনিৰ্দেশ, এই নামটো সন্ধান কৰিলে বা এই লিংকত ক্লিক কৰিলে আপোনাক "মামনি ৰয়চম গোস্বামী" পৃষ্ঠালৈহে লৈ যোৱা হ'ব।

পুনঃনিৰ্দেশ সৃষ্টি কৰিবলৈ আপোনাক এটা একাউণ্টৰ প্ৰয়োজন হ'ব। যদি আপোনাৰ একাউণ্ট নাই আপুনি সাহায্য কেন্দ্ৰ বা ইয়াত পুনঃনিৰ্দেশ সৃষ্টিৰ বাবে অনুৰোধ জনাব পাৰে।


যদি আপোনাৰ একাউণ্ট আছে, তেন্তে লগ্‌ ইন কৰি লৈ আপুনি নিজে এটা পুনঃনিৰ্দেশ সৃষ্টি কৰিব পাৰে:

আপুনি বিচৰা শিৰোনামাটো তলৰ খালি ঠাইত লিখি পুনঃনিৰ্দেশ সৃষ্টি কৰক বুটামটোত ক্লিক কৰক:

যদি সেই নামৰ প্ৰবন্ধ ইতিমধ্যে আছেই, তেন্তে আপুনি প্ৰবন্ধটো আঁতৰাই নিদিয়াকৈ সেই শিৰোনামাৰ পৰা পুনঃনিৰ্দেশ সৃষ্টি কৰিব নোৱাৰে। অনুগ্ৰহ কৰি এনে ক্ষেত্ৰত আগবঢ়াৰ পূৰ্বে কোনো অভিজ্ঞ সদস্যৰ পৰামৰ্শ লওক।

যদি প্ৰবন্ধটো নাই, তেন্তে আপুনি তলৰ দিয়াৰ দৰে দেখা পাব:

 #REDIRECT [[লক্ষ্য পৃষ্ঠাৰ নাম]]

"লক্ষ্য পৃষ্ঠাৰ নাম"ৰ ঠাইত আপুনি আঙুলিয়াই দিব খোজা প্ৰবন্ধৰ নাম লিখক আৰু পৃষ্ঠা সাঁচক বুটামটোত ক্লিক কৰক।


এই পৃষ্ঠালৈ নহাকৈ পুনঃনিৰ্দেশ সৃষ্টিৰ বাবে নিৰ্দিষ্ট শিৰোনামাটো ৱিকিপিডিয়াত সন্ধান কৰক, ৰঙা লিংক আহিলে নতুন পৃষ্ঠা সৃষ্টিৰ বাবে তাত ক্লিক কৰক আৰু সম্পাদনা পেৰাৰ ওপৰৰ অংশত থকা পুনঃনিৰ্দেশ চিহ্নত ক্লিক কৰক (চিহ্নটো নোলালে "উচ্চতৰ" লিখা অংশত ক্লিক কৰক)। তেতিয়া ওপৰত কোৱাৰ দৰে লক্ষ্য পৃষ্ঠাৰ নাম লিখাৰ প্ৰক্ৰিয়াটো দেখা পাব। তলত ছবিখনত পুনঃনিৰ্দেশ চিহটো দেখুওৱা হৈছে।