ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ডিচেম্বৰ-২০১৬/বৰদিন

বৰদিন


বৰদিন বা খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়। এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়। আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰে। সম্ভবতঃ, এই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্ম তাৰিখ ধৰা হয়। অন্যমতে ই হৈছে এক ঐতিহাসিক ৰোমান উৎসৱ অথবা উত্তৰ গোলাৰ্ধৰ দক্ষিণ অয়নান্ত দিবসৰ অনুষঙ্গত ২৫ ডিচেম্বৰ তাৰিখে যীশুৰ জন্মজয়ন্তী পালনৰ প্ৰথাটোৰ সূত্ৰপাত হয়। বৰদিন বৰদিনৰ ছুটিৰ কেন্দ্ৰীয় দিন আৰু খ্ৰীষ্টান ধৰ্ম্মৰ বাৰ দিন ব্যাপী খ্ৰীষ্টমাছটাইড অনুষ্ঠানৰ সূচনাদিবস।অধিক পঢ়ক.......