ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৭/আন্তৰ্জাতিক মাতৃভাষা দিৱস

আন্তৰ্জাতিক মাতৃভাষা দিৱস

ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্ক'ই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে। ১৯৫২ চনৰ এই দিনতে বাংলা ভাষাক পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰভাষা কৰাৰ দাবী জনোৱা আন্দোলনকাৰী ছাত্ৰসকলৰ ওপৰত পুলিচে গুলিবৰ্ষণ কৰাত কেইবাজনো যুৱক ছহিদ হয়। এই দিনটোক বাংলাদেশত ছহিদ দিৱস হিচাপেও পালন কৰা হয়। (বিতংকৈ পঢ়ক)