ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/এপ্ৰিল, ২০২৩
অসমীয়া সমাজত গৰু বিহুৰ দিনা এশ এবিধ শাক আৰু সাত বিহুত সাতবিধ শাক খোৱাৰ পৰম্পৰা আছে। গৰু বিহুৰ দিনা যি এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে তাত বিভিন্ন শাক-পাচলি, তৰু-লতা-তৃণ আদি অন্তৰ্ভুক্ত কৰা হয়। এই শাক-পাচলিবোৰত টেঙা, কেঁহা, তিতা গুণৰ সমাহাৰ হয়। স্বাভাৱিকতে এই সমূহ ঔষধি গুণ সম্পন্ন।
আলোকচিত্ৰ শিল্পী: চন্দন চিৰিং ফুকন |