ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/জুলাই, ২০২২

দেওধনী নৃত্য
দেওধনী নৃত্য পৰিৱেশন কৰি থকা অৱস্থাত এগৰাকী শিল্পী
দেওধনী নৃত্য অসমৰ এবিধ পুৰণিকলীয়া নৃত্য। অসমৰ জনজাতীয় লোকসকল যেনে: বড়ো, তিৱা, পাতিৰাভা, ডিমাছা, মিচিংসকলৰ মাজত এই নৃত্যৰ প্ৰচলন বেছি। অসমৰ দেৱী পূজাত বহু জনজাতিৰ মাজত দেওধনী নৃত্যৰ প্ৰথা আছে। দৰঙত দেওধনী নৃত্য বেছি জনপ্ৰিয়। দৰঙৰ দেওধনীসকলে মাৰৈ বা মনসা পূজাতহে নাচে। ঠাইবিশেষে অসমৰ আন আন ঠাইতো দেওধনী নৃত্যৰ প্ৰচলন আছে। তেওঁলোকে কেঁচাইখাতী, সুবচনী, বুঢ়ী গোঁসানী ভুৰুলি আই, দুৰ্গা, বাথৌ, ব্ৰাই আদি পূজাত নাচে। দৰঙৰ দেওধনীৰ লগত সুকনানী (সুকবি নাৰায়ণী) আৰু ওজাপালি অনুষ্ঠান অপৰিহাৰ্য্য।

আলোকচিত্ৰ শিল্পী: ৰমেশ লালৱানী
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...