ৱিকিপিডিয়া:ভাল প্ৰবন্ধ/ফেব্ৰুৱাৰী, ২০১৫

বেনিটো মুছ'লিনি (বাওঁফালে) আৰু এডল্‌ফ হিট্‌লাৰ (সোঁফালে)

দ্বিতীয় বিশ্বযুদ্ধ (ইংৰাজী: World War II) বুলিলে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত, সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে, প্ৰায় সকলোবোৰ দে‍শেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়, মিত্ৰশক্তি আৰু অক্ষশক্তি। এই মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয়, য’ত ১০ কোটিতকৈয়ো অধিক লোকে সামৰিক সেৱা আগবঢ়াইছিল। যুদ্ধত আগভাগ লোৱা জাতি সমূহে এই সময়চোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল, যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল। ‘হ’ল’কাষ্ট’ (হিটলাৰৰ দ্বাৰা ৬০ লাখ ইহুদী হত্যা) কে ধৰি অসামৰিক লোকৰ গণহত্যা, হিৰোচিমা আৰু নাগাচাকিত পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ, ইত্যদিৰ বাবে কুখ্যাত এই যু্দ্ধত ৫ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছিল। এই পৰিসংখ্যাৰ পৰা ক’ব পাৰি যে, দ্বিতীয় বিশ্বযুদ্ধ মানৱ ইতিহাসৰ সকলোতকৈ ঘাটক যুদ্ধ আছিল।

যদিও জাপানৰ সম্ৰাট ইতিমধ্যেই ১৯৩৭ চনত চীন গণৰাজ্যৰ সৈতে যুদ্ধত লিপ্ত হৈছিল, তথাপি ১৯৩৯ চনত ১ ছেপ্টেম্বৰত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে আৰু তাৰ ফলশ্ৰুতিত, ফ্ৰান্সৰ লগতে ব্ৰিটিছ সাম্ৰাজ্য আৰু ৰাষ্ট্ৰমণ্ডলৰ (commonwealth) দেশ সমূহে জাৰ্মানীৰ ওপৰত যুদ্ধ ঘোষণা কৰাকে, আধিকাৰিক ভাৱে ২য় বিশ্বযুদ্ধৰ আৰম্ভনি বুলি ধৰা হয়।

আৰু পঢ়ক...