বিশ্বকাপ ক্ৰিকেট ২০১৫ৰ আনুষ্ঠানিক ল'গ'

বিশ্বকাপ ক্ৰিকেট ২০১৫ হৈছে একাদশ এদিনীয়া আন্তৰ্জাতিক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা ২৯ মাৰ্চলৈকে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত যুটীয়াভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত মুঠ ১৪ খন ষ্টেডিয়ামত ৪৯ খন খেল অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াৰ ৭ খন ষ্টেডিয়ামত ২৬ খন খেল আৰু নিউজিলেণ্ডৰ ৭ খন ষ্টেডিয়ামত ২৩ খন খেল অনুষ্ঠিত হ'ব। মেলব'ৰ্ণত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ১৯৯২ চনৰ পাছত এইবাৰ দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হয়। ২০১১ চনৰ বিশ্বকাপৰ পাছত পুনৰবাৰ আই চি চিয়ে শচীন টেণ্ডুলকাৰক ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেটৰ দূত (ambassador) ঘোষণা কৰে। ২০১১ চনত জয়লাভ কৰি ভাৰতে ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ বিশ্বকাপত অংশগ্ৰহণ কৰে৷ পুল বি-ত স্থান পোৱা ভাৰতৰ প্ৰথমখন খেল ১৫ ফেব্ৰুৱাৰী তাৰিখে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হয়৷ টিকট মুকলিৰ ১২ মিনিটৰ ভিতৰতে এই খেলখনৰ টিকট বিক্ৰী শেষ হৈ যায়।

আৰু পঢ়ক...