কৃষ্ণ (সংস্কৃত: कृष्ण; ইংৰাজী:Krishna) এজন হিন্দু আৰাধ্য অৱতাৰ। কৃষ্ণৰ অক্ষৰিক অৰ্থ "আন্ধাৰ, ক'লা, ঘন নীলা"। এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে। একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়; অন্যহাতে কৃষ্ণধৰ্মৰ অন্যান্য সম্প্ৰদায়সমূহত তেওঁক স্বয়ং ভগবান বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। তেখেতক হিন্দুধৰ্মৰ এখন ধৰ্মগ্ৰন্থ ভাগৱৎ গীতাৰ প্ৰৱৰ্তক বুলিও জনা যায়। বৈষ্ণৱ ধৰ্মবিশ্বাস অনুসৰি শ্ৰীকৃষ্ণক স্বয়ং ভগৱান অথবা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়াও হয়। মহাভাৰত কাব্যত তেখেতে কূটনীতিজ্ঞ হিচাবে পাণ্ডৱ পক্ষত এক মুখ্য ভূমিকা পালন কৰিছে। ভাগৱত পুৰাণত কৃষ্ণক প্ৰায়েই বাঁহী-বাদনৰত এক কিশোৰৰ ৰূপত বৰ্ণনা কৰা হৈছে। আকৌ ভগবদ গীতাত তেওঁক এজন পথপ্ৰদৰ্শক আৰু সহায়ক তৰুণ ৰাজপুত্ৰৰ ৰূপত। হিন্দু দৰ্শন আৰু ধৰ্মতাত্ত্বিক ঐতিহ্যত কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহৰ পৰিধি বহুদূৰলৈ বিস্তৃত। তেওঁক কল্পনা কৰা হয় বিভিন্ন ৰূপত: কেতিয়াবা শিশুদেৱতা, কেতিয়াবা হাঁহি-ধেমালি-কৌতুকপ্ৰিয়, কেতিয়াবা আদৰ্শ প্ৰেমিক, কেতিয়াবা দিব্য নায়ক, আকৌ কেতিয়াবা সৰ্বোচ্চ ঈশ্বৰৰ ৰূপত। কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহ মূলত: লিখিত আছে মহাভাৰত, হৰিবংশ, ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণ গ্ৰন্থত। (বিতং ভাৱে পঢ়ক...)