কুইয়াৰ প্ৰাইড গুৱাহাটী ২০২১

গৌৰৱ যাত্ৰা বা প্ৰাইড পৰেড (ইংৰাজী: Pride parade) হৈছে সমকামী নাৰী, সমকামী পুৰুষ, উভকামী, ৰূপান্তৰকামী তথা কুইয়াৰ (এলজিবিটিকিউ) লোকসকলৰ সামাজিক স্বীকৃতি আৰু স্ব-স্বীকৃতি, সাফল্য, আইনী অধিকাৰ, তথা গৌৰৱ উদযাপনৰ বাবে ৰাজহুৱা স্থানত আয়োজন কৰা অনুষ্ঠান। এনে অনুষ্ঠানসমূহ প্ৰাইড মাৰ্চ (pride marche), প্ৰাইড ইভেণ্ট (pride event), গৌৰৱোৎসৱ বা প্ৰাইড ফেষ্টিভেল (pride festival) নামেৰেও পৰিচিত। কিছু ক্ষেত্ৰত এনে অনুষ্ঠানসমূহে আইনী অধিকাৰ যেনে একে-লিংগৰ লোকৰ বিবাহৰ অধিকাৰ, ৰূপান্তৰকামী লোকসকলৰ সম-অধিকাৰ আদিৰ বাবে বিক্ষোভ প্ৰদৰ্শন হিচাপেও কাম কৰে। গৰিষ্ঠসংখ্যক গৌৰৱ যাত্ৰা বাৰ্ষিকভাবে আয়োজিত এক অনুষ্ঠান আৰু ১৯৬৯ চনৰ নিউয়ৰ্ক মহানগৰৰ ষ্টনৱালৰ বিদ্ৰোহক স্মৰণ কৰি জুন মাহত আয়োজন কৰা হয়। ষ্টনৱালৰ বিপ্লৱে আধুনিক এলজিবিটিকিউ সামাজিক আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। প্ৰতি বছৰে এলজিবিটি সমাজৰ নবীন-প্ৰবীণ সদস্যসকলক এই সমাজৰ ইতিহাস অধিক বিস্তাৰিতভাবে জনাৰ বাবে প্ৰয়োজনীয় শিক্ষাৰ অংশ হিচাপে দীৰ্ঘদিনৰ পৰা চলি অহা এই পৰম্পৰালৈ আদৰণি জনোৱা হয়।

২০১৯ চনত নিউয়ৰ্ক মহানগৰৰ লগতে বিশ্বজুৰি ইতিহাসৰ বৃহত্তম আন্তঃৰাষ্ট্ৰীয় গৌৰৱ যাত্ৰা উদযাপন কৰা হয়। হেৰিটেজ অৱ প্ৰাইড নামৰ অ-লাভজনক সংস্থাই আয়োজন কৰা 'ষ্টনৱালৰ ৫০ - ৱৰ্ল্ড প্ৰাইড এনৱাইচ ২০১৯' নামৰ এই গৌৰৱ যাত্ৰা ষ্টনৱালৰ বিদ্ৰোহৰ স্বৰ্ণজয়ন্তীৰ (৫০তম বাৰ্ষিকী) সময়ত উদযাপন কৰা হয় য'ত কেৱল মানাহাট্টানতে ৫০ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। নিউয়ৰ্ক মহানগৰৰ ২০১৮ চনৰ অনুষ্ঠানটোত ছখন মহাদেশৰ ৭৫০ টাৰো অধিক দলক আধিকাৰিক 'ৱৰ্ল্ড প্ৰাইড মাৰ্চ'-ত অন্তৰ্ভুক্ত কৰা হৈছিল য'ত দেৰ শতাধিক প্ৰতীকপটে অংশগ্ৰহণ কৰিছিল। (সবিশেষ পঢ়ক…)