ৱিকিপিডিয়া:সাধাৰণতে উল্লেখযোগ্য ব্যক্তি

তলত দিয়া মাপকাঠীসমূহৰ এটা পূৰণ কৰা লোকসকলৰ বাবে সাধাৰণতে যথেষ্ট পৰিমাণৰ গৌণ উৎস থকাৰ সম্ভাৱনা অতি বেছি। কিন্তু যদিহে বিস্তৃত অনুসন্ধানত নিৰ্ভৰযোগ্য উৎসত কোনো ধৰণৰ কভাৰেজ পোৱা নাযায়, তেন্তে ইয়াৰ পৰা বুজা যায় যে প্ৰশ্ন কৰা ব্যক্তিজনে উল্লেখযোগ্যতাৰ মাপকাঠী পূৰণ কৰা নাই।

  • যিকোনো জীৱনী
  • ব্যক্তিজনে উল্লেখযোগ্য স্বীকৃতিপ্ৰাপ্ত বঁটা বা সন্মান লাভ কৰিছে।
  • ব্যক্তিজনে বহুলভাৱে স্বীকৃতিপ্ৰাপ্ত অৱদান আগবঢ়াইছে যিটো তেওঁৰ নিৰ্দিষ্ট ক্ষেত্ৰখনৰ চিৰস্থায়ী ঐতিহাসিক অভিলেখৰ অংশ।
  • ৰাজনীতিবিদ:
  • আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় বা ৰাজ্যিক/প্ৰাদেশিক কাৰ্যালয়ত থকা ৰাজনীতিবিদ, আৰু ৰাষ্ট্ৰীয়, ৰাজ্য বা প্ৰাদেশিক বিধানসভাৰ সদস্য আৰু প্ৰাক্তন সদস্য।
  • স্থানীয় প্ৰধান ৰাজনৈতিক ব্যক্তি যি সংবাদ মাধ্যমৰ উল্লেখনীয় কভাৰেজ লাভ কৰিছে।
  • কেৱল এজন নিৰ্বাচিত স্থানীয় বিষয়া, বা ৰাজনৈতিক পদৰ বাবে নিৰ্বাচিত নোহোৱা প্ৰাৰ্থী হোৱাটোৱেই উল্লেখযোগ্যতাৰ নিশ্চয়তা নিদিয়ে। অৱশ্যে এনে ব্যক্তি কেৱল ৰাজনৈতিক কেৰিয়াৰৰ বাহিৰেও আন কাৰণত উল্লেখযোগ্য হ’ব পাৰে।
  • কূটনীতিবিদ:
  • নিৰ্ভৰযোগ্য গৌণ উৎসত উল্লেখ থকা কূটনৈতিকভাৱে গুৰুত্বপূৰ্ণ বিশেষ অনুষ্ঠানত উল্লেখনীয়ভাৱে অংশগ্ৰহণ কৰা কূটনীতিবিদ।
  • কেৱল ৰাষ্ট্ৰদূত হোৱাটোৱেই উল্লেখযোগ্যতাৰ নিশ্চয়তা নিদিয়ে যদিও এনে ব্যক্তিজন কূটনৈতিক কেৰিয়াৰৰ বাহিৰেও আন কাৰণতো উল্লেখযোগ্য হ’ব পাৰে।
  • কূটনীতিবিদসকলে প্ৰায়ে নিৰ্দিষ্ট ব্যক্তিগত কভাৰেজ নোপোৱাকৈয়ে উল্লেখযোগ্য কূটনৈতিকভাৱে গুৰুত্বপূৰ্ণ বিষয়ত অংশগ্ৰহণ কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে এনে অংশগ্ৰহণে উল্লেখযোগ্যতা প্ৰদান নকৰে।
  • খেলুৱৈ:
  • সম্পূৰ্ণ পেছাদাৰী লীগৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগী আৰু প্ৰশিক্ষক, বা লীগৰ বাহিৰৰ ক্ৰীড়া যেনে সাঁতোৰ, গল্ফ বা টেনিছত সমতুল্য স্থানৰ প্ৰতিযোগিতা।
  • অপেছাদাৰী ক্ৰীড়াত উচ্চতম পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগী আৰু প্ৰশিক্ষক (যিসকলে তেওঁলোকৰ বিষয়ে প্ৰকাশিত গৌণ উৎসৰ সাধাৰণ মাপকাঠী পূৰণ কৰে)।
  • মনোৰঞ্জনকাৰী: অভিনয় শিল্পী, কৌতুক অভিনেতা, মতামত নিৰ্মাতা, মডেল, আৰু দূৰদৰ্শন ব্যক্তিত্ব:
  • উল্লেখযোগ্য চলচ্চিত্ৰ, দূৰদৰ্শন, মঞ্চ অভিনয়, আৰু অন্যান্য প্ৰডাকচনত উল্লেখযোগ্য ভূমিকা পালন কৰি।
  • বৃহৎ অনুৰাগীৰ ভিত্তি বা উল্লেখযোগ্য "পন্থা" (cult) অনুগামী আছে।
  • মনোৰঞ্জনৰ কোনো ক্ষেত্ৰলৈ অনন্য, প্ৰচুৰ বা উদ্ভাৱনীমূলক অৱদান আগবঢ়াইছে।
  • সংগীতজ্ঞ, সুৰকাৰ, গোট আদিৰ ওপৰত নিৰ্দেশনাৰ বাবে ৱিকিপিডিয়া:সংগীত চাওক।
  • সৃষ্টিশীল পেছাদাৰী বা ক্ৰিয়েটিভ প্ৰফেছনেল: বিজ্ঞানী, শিক্ষাবিদ, অৰ্থনীতিবিদ, অধ্যাপক, লেখক, সম্পাদক, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ, শিল্পী, স্থপতিবিদ, অভিযন্তা, আৰু অন্যান্য সৃষ্টিশীল পেছাদাৰী।
  • ব্যক্তিজনক এজন গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে গণ্য কৰা হয় বা তেওঁলোকৰ সমনীয়া বা উত্তৰাধিকাৰীয়ে বহুলভাৱে উল্লেখ কৰে।
  • ব্যক্তিজন এটা উল্লেখযোগ্য নতুন ধাৰণা, তত্ত্ব বা কৌশলৰ উৎপত্তিৰ বাবে জনাজাত।
  • ব্যক্তিজনে এটা উল্লেখযোগ্য বা সুপৰিচিত ৰচনা, বা সামূহিক কৰ্মৰ সৃষ্টি কৰিছে, বা সহ-সৃষ্টিত মুখ্য ভূমিকা পালন কৰিছে, যিটো কোনো স্বতন্ত্ৰ গ্ৰন্থ বা বৈশিষ্ট্যপূৰ্ণ ছবিৰ বিষয়বস্তু হৈ আহিছে, বা একাধিক স্বতন্ত্ৰ সাময়িকী প্ৰবন্ধ বা পৰ্যালোচনাৰ বিষয়বস্তু হৈ আহিছে।
  • ব্যক্তিজনৰ কৰ্ম (ক) এক উল্লেখযোগ্য স্মৃতিসৌধত পৰিণত হৈছে, (খ) এক উল্লেখযোগ্য প্ৰদৰ্শনীৰ গুৰু অংশ হৈ পৰিছে, (গ) উল্লেখযোগ্য সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছে, বা (ঘ) কেইবাটাও উল্লেখযোগ্য গেলেৰী সংগ্ৰহালয় বা আন্তঃৰাষ্ট্ৰীয়ভাৱে উল্লেখযোগ্য পুথিভঁৰালৰ স্থায়ী সংগ্ৰহৰ ভিতৰত ৰখা হৈছে।
  • শিক্ষাবিদৰ ওপৰত নিৰ্দেশনাৰ বাবে ৱিকিপিডিয়া:উল্লেখযোগ্যতা (শৈক্ষিক) চাওক।
  • ^টোকা ১ :সাধাৰণতে, যিগৰাকী ব্যক্তি "স্থায়ী ঐতিহাসিক অভিলেখৰ অংশ" তেওঁৰ বিষয়ে সেই ক্ষেত্ৰৰ একাধিক ইতিহাসৰ কিতাপত, ইতিহাসবিদসকলে, গভীৰভাৱে, স্বতন্ত্ৰভাৱে লিখিছে। "সংবাদ মাধ্যমৰ উল্লেখযোগ্য কভাৰেজ" লাভ কৰা এগৰাকী ৰাজনীতিবিদৰ বিষয়ে, গভীৰভাৱে, স্বতন্ত্ৰভাৱে, একাধিক বাতৰিৰ বৈশিষ্ট্যপূৰ্ণ প্ৰবন্ধত, সাংবাদিকসকলে লিখিছে। আলোচনীত প্ৰকাশ পোৱা এগৰাকী অভিনয় শিল্পীৰ বিষয়ে, গভীৰভাৱে, একাধিক আলোচনীৰ বৈশিষ্ট্যপূৰ্ণ প্ৰবন্ধত স্বতন্ত্ৰভাৱে, আলোচনীৰ প্ৰবন্ধ লেখকে লিখিছে। "এক স্বতন্ত্ৰ জীৱনী" থকা এগৰাকী অভিনয় শিল্পী বা দূৰদৰ্শন ব্যক্তিত্বৰ বিষয়ে, গভীৰভাৱে, এখন কিতাপত, এগৰাকী স্বতন্ত্ৰ জীৱনীকাৰে লিখিছে।
  • ^টোকা ২ এইটো এটা গৌণ মাপকাঠী। এই মাপকাঠী পূৰণ কৰা মানুহে প্ৰায় সদায় প্ৰাথমিক মাপকাঠী পূৰণ কৰিব। জীৱনীকাৰ আৰু ইতিহাসবিদসকলে সাধাৰণতে অতীত আৰু বৰ্তমানৰ ডাঙৰ ৰাজনৈতিক পদবীধাৰীসকলৰ বিষয়ে ইতিমধ্যে লিখিছে।
  • ^টোকা ৩ আটাইতকৈ সন্মানীয় ইভেণ্টসমূহৰ বাহিৰে ব্যক্তিগত প্ৰতিযোগিতাত অংশগ্ৰহণ আৰু বেছিভাগ ক্ষেত্ৰতে জয়ী হোৱাটোৱে খেলুৱৈ নোহোৱা প্ৰতিযোগীসকলক উল্লেখযোগ্য কৰি তুলিব নোৱাৰে। ইয়াৰ ভিতৰত আছে, পকাৰ, ব্ৰীজ, দবা, মেজিক: দ্য গেদাৰিং, ষ্টাৰক্ৰাফ্ট আদি। অৱশ্যে এই উদাহৰণসমূহ ইয়াতেই সীমাবদ্ধ নহয়।