ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২০/উল্লেখনীয় ৱিকিমিডিয়ান

উল্লেখনীয় ৱিকিমিডিয়ান

গীতাৰ্থ বৰদলৈ: ২০১১ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। তেওঁ অসমীয়া ৱিকিপিডিয়াৰ এগৰাকী প্ৰশাসক৷ যোৰহাটৰ ৱিকিমিডিয়ানগৰাকী বৰ্তমান স্বাস্থ্য বিভাগত কৰ্মৰত। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ৯,৫৭১ আৰু ৱিকিপিডিয়াত সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৩৪৪। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ২০,৮৮৯টা সম্পাদনা কৰিছে। অসমীয়া ৱিকিপিডিয়া আৰু কমন্সত বৰ্তমানলৈকে মুঠ ৪৬২ খন চিত্ৰ আপল’ড কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “এই মাহৰ ৱিকিমিডিয়ান”, “অক্লান্ত কৰ্মী পদক”, “ৱিকিউৎস পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।