ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৪/ভাল প্ৰবন্ধ

দেশীয় ৰাজ্য ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ নামমাত্ৰ সাৰ্বভৌম আৰু ব্ৰিটিছ মুকুটৰ অধীনস্থ আছিল। ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰতীয়সকলৰ বাবে স্বৰাজক লক্ষ্য হিচাপে ঘোষণা কৰে আৰু ভাৰতৰ ৰজাসকলক দায়িত্বশীল চৰকাৰ স্থাপন কৰিবলৈ কয়। দেশীয় ৰাজ্যসমূহৰ সৈতে মোকাবিলা কৰিবলৈ কংগ্ৰেছক প্ৰেৰিত কৰাত জৱাহৰলাল নেহৰুৱে মুখ্য ভূমিকা পালন কৰিছিল আৰু ১৯২৯ চনত ঘোষণা কৰিছিল যে "ৰাজ্যসমূহৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ অধিকাৰ থকা লোকসকল, এই ৰাজ্যসমূহৰ বাসিন্দা হ'ব লাগিব।" ১৯৩৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ পিছত ১৯৩৭ চনত কংগ্ৰেছে দেশীয় ৰাজ্যসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। সেই বছৰতে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে ব্ৰিটিছ ভাৰত আৰু দেশীয় ৰাজ্যসমূহক জড়িত কৰি ফেডাৰেচন গঠনত গান্ধীয়ে মুখ্য ভূমিকা পালন কৰিছিল। ১৯৪৬ চনত জৱাহৰলাল নেহৰুৱে লক্ষ্য কৰে যে স্বাধীন ভাৰতৰ সেনাৰ বিৰুদ্ধে কোনো দেশীয় ৰাজ্য সামৰিকভাৱে জয়লাভ কৰিব নোৱাৰে।ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ ৰাণী কি বাৱৰ বিষয়ে ইয়াত পঢ়ক...