ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২০/উল্লেখনীয় ৱিকিমিডিয়ান

উল্লেখনীয় ৱিকিমিডিয়ান

অনামিকা বৰুৱা: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। তিনিচুকীয়াৰ এই ৱিকিমিডিয়ান গৰাকী বৰ্তমান ডাক বিভাগত কৰ্মৰত। অসমীয়া ৱিকিউৎসত তেওঁৰ সম্পাদনাৰ সংখ্যা ৪,৫১১ আৰু ৱিকিপিডিয়াত সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৩৯। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ৫,২৫৮টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “ৱিকিউৎস পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।