ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২২/উল্লেখনীয় ৱিকিমিডিয়ান

উল্লেখনীয় ৱিকিমিডিয়ান

কুলধৰ ৰাভা: ২০২০ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। গোৱালপাৰা জিলাৰ এই ৱিকিমিডিয়ানজনে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত ৭,৩২২টা আৰু অসমীয়া ৱিকিউৎসত ৮,৬২১টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ২৮১। তেওঁ ইনকিউবেটৰ পৰ্যায়ত থকা অসমীয়া ৱিকিউদ্ধৃতিলৈয়ো নিয়মীয়া বৰঙণি আগবঢ়াই অহাৰ লগতে সময়ে সময়ে অনুষ্ঠিত এডিটাথন, প্ৰুফৰিডাথন আৰু ৱিকিমিডিয়াৰ বিভিন্ন কৰ্মশালাসমূহতো সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে। ৱিকিডাটা আৰু ৱিকিমিডিয়া কমন্সলৈয়ো তেওঁ বৰঙণি আগবঢ়াইছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “এইমাহৰ ৱিকিমিডিয়ান”, “বিশিষ্ট লেখক পদক”, “শেহতীয়া সালসলনি পদক”, “ৱিকি শতক পদক”, “বিদ্যায়তনিক গৰিমা পদক”, “অমূল্য অৱদান পদক”, “ৰামায়ণ কথকতা পদক”, “দলীয় কৰ্মৰ পদক”, “ৱিকিপত্ৰিকা পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।