ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৩/উল্লেখনীয় ৱিকিমিডিয়ান


উল্লেখনীয় ৱিকিমিডিয়ান

গীতাশ্ৰী গগৈ আপ্তে: ২০২১ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। কানাডাৰ ‘ৰকি পৰ্ব্বত’ উপত্যকাৰ কেলগেৰী নামৰ চহৰখনৰ বাসিন্দা এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ২,১৫৭ টা সম্পাদনা কৰিছে। অসমীয়া ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৩৪। তাৰোপৰি তেওঁ অসমীয়া ৱিকিউৎস, ৱিকিমিডিয়া কমন্স আদি ভগ্নী প্ৰকল্পলৈও উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে। গীতাশ্ৰী গগৈ আপ্তেৰ অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “প্ৰতিভাবান ন-সম্পাদকৰ পদক”, “নাৰীশক্তি পদক”, “উদগণি পদক”, “এই মাহৰ ৱিকিমিডিয়ান”, “সহযোগিতা পদক” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।