ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০১৯/ৱিকিপিডিয়ানৰ মনৰ কথা

ঢ়ি থকাৰ সময়ত বিদ্যায়তনিক প্ৰকল্পবোৰ প্ৰস্তুত কৰোঁতে প্ৰতিবেদনটোৰ শেষত তথ্যসূত্ৰৰ একোখন তালিকা দিবলগীয়া হৈছিল৷ বিভিন্ন বিষয়ৰ বিবিধ প্ৰকল্প। স্বাভাৱিকতেই তথ্যসূত্ৰৰ তালিকাবোৰতো এক বৈসাদৃশ্যই বিৰাজ কৰিছিল। পিছে ব্যঞ্জনৰ মাজত বিবিধতা থাকিলেও যিদৰে ‘নিমখ’ প্ৰতিটো ব্যঞ্জনৰ বাবে এক অপৰিহাৰ্য উপকৰণ; ঠিক সেইদৰে আমাৰ বৈচিত্ৰ্যপূৰ্ণ তালিকাবোৰতো এক বিশেষধৰণৰ উপকৰণে সদায়েই এক সন্মানজনক স্থান দখল কৰি আহিছিল। নিমখৰ নিচিনা, কিন্তু নিমখীয়া নোহোৱা-সেই উপকৰণবিধৰ নাম আছিল ‘ৱিকিপিডিয়া’। তথ্য আৰু জ্ঞানৰ এক চমৎকাৰী ভাণ্ডাৰ ‘ৱিকিপিডিয়া’ নামৰ ৱেবছাইটটো আমাৰ বাবে আছিল এক গভীৰ স্বস্তি, সমাধানৰ এক বিশ্বাসযোগ্য আশ্ৰয়স্থলী, তমোময় ৰ’দত ছাঁ বিলাই থকা এজোপা বিশাল গছ, অথবা মাতটো শুনিয়েই সহায় কৰিবলৈ ওলাই অহা ‘বিপদৰ বন্ধু’। ৱিকিপিডিয়াৰ পৰা লিংক ‘কপি’ কৰি ৱৰ্ডৰ ডকুমেণ্টত ‘পেষ্ট’ কৰি থকাৰ সেই ৰোমাঞ্চকৰ, ৰসঘন মুহূৰ্তবোৰত মই এক নেন’ছেকেণ্ডৰ বাবেও ভবা নাছিলোঁ –যে এদিন মইয়ো ৱিকিপিডিয়াত পৃষ্ঠা লিখিবগৈ পাৰিম, মই সৃষ্টি কৰা প্ৰবন্ধও আন দহজন মানুহে পঢ়িব পাৰিব অথবা ৱিকিউৎসৰ দৰে এক গুৰুত্বপূৰ্ণ কামৰ লগত যুক্ত হ’ব পাৰিম, অথবা আজি এইদৰে ‘ৱিকিপিডিয়ানৰ মনৰ কথা’ লিখিব পাৰিম। কথাবোৰ আচৰিত। ভাবিলে মনটো এক বিপুলায়তন আশ্বৰ্যৰ ঢৌত পুলকিত হৈ উঠে আৰু জন লেননৰ বিখ্যাত উক্তি এষাৰে আহি বাট আগচি ধৰে -‘Life is what happens while you are busy making other plans.’

যিমানদূৰ মনত পৰে, অসমীয়া ৱিকিপিডিয়াৰ লগত মোৰ প্ৰথমটো মুখামুখি হৈছিল কটন কলেজত, ২০১২ চনত। সেইবাৰ অসমীয়া ৱিকিপিডিয়াৰ দহবছৰীয়া জন্মদিন পালন কৰা হৈছিল। কলেজৰ পৰা কিছু পলমকৈ গৈ সভাগৃহত উপস্থিত হৈছিলোঁ। লগ পাইছিলোঁ ফে’চবুকত ইউনিক’ড মাধ্যমত ভাষা-সাহিত্যৰ চৰ্চা কৰি থকা বহুতো অগ্ৰজ আৰু অনুজক। চা-চিনাকি হৈ হাঁহি-মাতি প্ৰায়খিনিৰে লগত ভাৱ-বিনিময় কৰিলোঁ, দুটামান আলোচনাৰ শ্ৰোতা হ’লোঁ, তাৰপিছত চাহ-মিঠাই খাই নিৰ্দিষ্ট সময়ত বিদায় ল’লোঁ।

সভাৰ পৰা ওলাই আহিয়েই বোধকৰোঁ অসমীয়া ৱিকিপিডিয়াত একাউণ্ট এটা খুলিছিলোঁ। পিছে সক্ৰিয়ভাৱে বিশেষ একো কৰিব পৰা নাছিলোঁ। দুজনমান সাহিত্যিকৰ পৃষ্ঠাত দুটামান তথ্য সংযোজন কৰিছিলোঁ বোধহয়। সেইসময়ত বিষ্ণু শইকীয়া, নিতুল বৰা দাদাহঁতে অসমীয়া ৱিকিপিডিয়াৰ বাবে সাংঘাতিক কাম কৰি থকা শুনিছিলোঁ। নিতুলদাই পুৰণি অসমীয়া গ্ৰন্থবোৰ ধুমাধুম ডিজিটাইজ কৰি ফে’চবুকত নিয়মীয়া হাৰত প’ষ্ট দি থকা দেখিছিলোঁ। মনে মনে এইসকল লোকলৈ শ্ৰদ্ধা উপজিছিল। আৰু নিজে অনুশোচনাৰ কুহুমীয়া জুইত দগ্ধ হৈছিলোঁ। একোৱেই যে কৰিব পৰা নাই!

ৱিকিপিডিয়াৰ বাবে সক্ৰিয়ভাৱে কিবা এটা কৰিম বুলি ভবা-চিন্তা কৰি থাকোঁতেই কৰ্তব্যৰ খাতিৰত নেটৱৰ্কবিহীন ঠাই এডোখৰলৈ যাবলগীয়া হ’ল। দুবছৰৰ পাছত সেই গভীৰতম প্ৰদেশৰ পৰা ওলাই আহিয়েই ৱিকিপিডিয়াত লিখাৰ দীৰ্ঘদিনীয়া হাবিয়াসটো পূৰণ কৰিলোঁ। নিজৰ জন্মস্থান ‘পুৰণিগুদাম’ৰ বিষয়ে লিখিলোঁ। পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত শতবৰ্ষগৰকা দুৰ্গাপূজা বিখ্যাত হৈছে ইয়াৰ কাঠৰ প্ৰতিমাটোৰ বাবে। সেই প্ৰতিমাৰ খনিকৰ লেশধৰ শৰ্মাৰ বিষয়ে ৱিকিপিডিয়াত একো তথ্য নাছিল। সমীপৱৰ্তী গাঁৱৰ ইন্দ্ৰনীল গায়ন দাদাৰ পৰা কিতাপ এখন আনি তেওঁৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত লিখিলোঁ। ৱিকিপিডিয়াত কেনেকৈ লিখিব লাগে, সম্পাদনা কেনেকৈ কৰিব লাগে, -সেইবিষয়ে ৱিকিপিডিয়াৰ বেটুপাততে লিখা আছে। সেইবোৰ পঢ়িলোঁ। ৰেফাৰেন্স কেনেকৈ যোগ কৰিব লাগে, প্ৰবন্ধটোৰ মাজত বিভাগ কেনেকৈ সৃষ্টি কৰিব লাগে-সেইবোৰৰ বিষয়েও জানিব পাৰিলোঁ। বিষ্ণুদালৈ ফোন কৰি দুটামান কথা সোধা মনত পৰে। যি কি নহওক-এই দুটা বিশেষ পৃষ্ঠাৰ লগতে অইন দুটামান বেলেগ বিষয়ৰ পৃষ্ঠাত সামান্য তথ্য সংযোজন কৰি অসমীয়া ৱিকিপিডিয়াৰ পৰা পুনৰ আঁতৰি আহিলোঁ। আঁতৰি আহি চাকৰি আৰু অইন কামত ব্যস্ত হৈ পৰিলোঁ। সেয়া ২০১৬ চনৰ কাহিনী।

উত্থান-পতনেৰে ভৰা মোৰ এই ‘অসমীয়া ৱিকিপিডিয়া’ নামৰ ছবিখন তাতেই মোটামুটি যৱনিকা পৰিছিল। কিন্তু ক্ৰিষ্ট’ফাৰ ন’লান, শ্ৰীৰাম ৰাঘৱনৰ ছিনেমাত থকাৰ দৰে এটা বিশেষ টুইষ্টৰ উদ্ভৱ হ’ল এই বছৰত, অৰ্থাৎ ২০১৯ চনত৷ যোৰহাটৰ প্ৰাণজ্যোতি নাথ বাইদেৱে এদিন কথাৰ মাজতে অসমীয়া ৱিকিউৎসত কাম কৰি থকাৰ কথা ক’লে। অতীতৰ স্মৃতি ৰোমন্থন কৰি মইও মোৰ ৱিকিপিডিয়ান বুৰঞ্জীখন মোকলাই ল’লোঁ আৰু দুটামান ‘স্বঘোষিত কৃতিত্ব’ গাই শুনালোঁ। অসমীয়া ৱিকিউৎসৰ প্ৰথমখন কৰ্মশালা হেনো অনুষ্ঠিত হ’ব গুৱাহাটীত। ডাঃ গীতাৰ্থ বৰদলৈৰ নেতৃত্বত ইতিমধ্যেই সদস্যভৰ্তি কাৰ্যসূচী চলি আছে। কথাটো বাইদেউৰ মুখেৰে জানিব পাৰিলোঁ৷ তেঁৱেই গৈ মোৰ নামটো গীতাৰ্থদাক দিলে আৰু মোকো কৰ্মশালাত উপস্থিত থাকিবলৈ উৎসাহিত কৰিলে। প্ৰাৰম্ভিক হোহঁকা-পিছলাৰ পাছত মইও ‘যাম’ বুলি কৈ থ’লোঁ। কিন্তু যাম বুলি ক’লেই হ’বনে? কামৰ নামত দেখোন মই ৱিকিউৎসত ‘ক’ এটাও লিখা নাই! সিপিনে পুৰণি একাউণ্টটোৰ নাম,ঠিকনা স্মৃতিৰ অন্ধকাৰ গুহাত৷ বিচাৰি পোৱাৰ আশা নাই। অতএব ৱিকিপিডিয়াত নতুন একাউণ্ট এটা খোলা হ’ল। খুলি লৈয়েই চিধাই গৈ উপস্থিত হ’লোঁ অসমীয়া ‘ৱিকিউৎস’ৰ পদূলিত৷ ৱিকিউৎসৰ নঙলা মুহূৰ্ততে খোল খালে আৰু ময়ো আনন্দমনেৰে মুদ্ৰণ সংশোধন কৰিবলৈ চেষ্টা কৰিলোঁ। অৱধাৰিতভাৱেই হালধীয়া, নীলা, সেউজীয়া বুটামৰ ৰহস্য ভঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন সংকেতৰ অৰ্থ-বুজোৱালৈকে প্ৰায়বোৰ কামত গীতাৰ্থ দা আৰু প্ৰাণজ্যোতি বাক আমনি দিবলৈ ধৰিলোঁ। ব্যস্ততাৰে ভৰা সময়ৰ মাজতো তেওঁলোকে জনা কথাবোৰ ভগাই লোৱাত সংকোচ নকৰিলে। স্ক্ৰীণশ্বট মাৰি হোৱাটছআপত সোধা নানানটা প্ৰশ্ন-কৌতূহলৰ তেওঁলোকে সঁহাৰি দি থাকিল। হোৱাটছ্আপত থকা আমাৰ গোটটোৰ সদস্য-সদস্যসকলৰ আলোচনাবোৰেও যথেষ্ট সহায় কৰিলে। তেওঁলোকক দিবলৈ মোৰ ওচৰত এতিয়া কৃ্তজ্ঞতা আৰু ধন্যবাদৰ বাহিৰে অইন একো নাই।

যি কি নহওক; এনেকৈয়ে দুটামান কথা শিকি-বুজি,কেইটামান পৃষ্ঠা মুদ্ৰণ সংশোধন কৰি-মেলি এসময়ত গুৱাহাটীৰ ৰেইনছ্ ইন হোটেলত অনুষ্ঠিত হোৱা আৱাসিক কৰ্মশালাত যোগদান কৰিলোঁগৈ। মোৰ ৰূমমেট আছিল ভাস্কৰ নামৰ লখিমপুৰৰ ল’ৰা এজন। চিনাকি হ’লোঁ৷ কাম কৰাৰ অদম্য হেঁপাহেৰে উদ্বুদ্ধ হৈ থকা ল’ৰাটোক লগ পাই উৎসাহবোধ কৰিলোঁ। ভাস্কৰৰ নিচিনা আন বহুকেইগৰাকী সক্ৰিয় সদস্যক লাহে-লাহে সেই কৰ্মশালাত লগ পালোঁ। আটাইৰে সময়োপযোগী চিন্তা আৰু কৰ্মনিষ্ঠাৰ লগত পৰিচয় হ’লোঁ। আটাইৰে ইমান উদ্দীপনা! ইমান নিষ্ঠা! বৰ আহ্লাদিত হ’লোঁ। সেই দুদিনীয়া কৰ্মশালাত ৱিকিউৎসৰ সম্পাদনাৰ পৰা আৰম্ভ কৰি অটিআৰএছ পদ্ধতিৰে কপিৰাইটযুক্ত গ্ৰন্থ আপলোড কৰালৈকে-বিভিন্ন কথা শিকোৱা হ’ল। আমাৰ বাবে অত্যন্ত গৌৰৱ আৰু সুখৰ কথা যে, সেই দুটা দিনতে আমি ৱিকিপিডিয়ানসকলে মিলি তিনিখন পুৰণি অসমীয়া গ্ৰন্থৰ সংশোধন সমাপ্ত কৰিলোঁ। ৰাইজে নখ জোকাৰিলে যে নৈ বৈ যায়-আকৌ এবাৰ প্ৰমাণিত হ'ল। কৰ্মশালাত প্ৰশিক্ষক টিটু দত্ত, জয়ন্ত নাথৰ জৰিয়তে অসমীয়া ৱিকিউৎসৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে ভালেমান কথা জানিব পাৰিলোঁ। জানিব পাৰিলোঁ-বিশ্বৰ দৰবাৰত অসমীয়া ৱিকিউৎসৰ দুখজনক স্থিতিৰ বিষয়ে। মনটো বৰ বেয়া লাগিল। আমি জাতিটো সদায়েই সকলো ক্ষেত্ৰতে পিছ পৰিয়েই থাকিম নেকি! তিনি কোটি মানুহৰ এখন ৰাজ্য। অথচ ৱিকিউৎসত কাম কৰিবলৈ এশজন সক্ৰিয় কৰ্মী নাই। ভীষণ লজ্জাৰ কথা। পিছমুহূৰ্ততে নিজকে সুধি চালোঁ-তয়ো দেখোন পৰহিহে ৱিকিউৎসলৈ আহিছ! আনক সমালোচনা কৰিবলৈ আহ! কথাটো নোহোৱা নহয়। তেজৰ ৰক্তসঞ্চালন বৃদ্ধি কৰা আমাৰ সাতামপুৰুষীয়া আৱেগবোৰ এতিয়া এৰিবৰ হ’ল। কথা বহুত হ’ল। এতিয়া কাম কৰাৰ সময়। মোৰ মতে, কৰ্মৰ জোৰেৰে বিশ্বৰ মানচিত্ৰত সুশৃংখলিত আৰু মৰ্যাদাসম্পন্ন ছবি এখন আঁকিবলৈ অহৰহ চেষ্টা কৰি থকা জাতি এটাইহে কাললৈ খিয়াতি ৰাখি যাব পাৰে। জাতি এটাৰ চিন্তাবোৰ হ’ব লাগিব সময়সাপেক্ষ, সুদূৰপ্ৰসাৰী আৰু যুক্তিনিৰ্ভৰ৷ অতীতত নহয়, আমি খোজ পেলাব লাগিব বৰ্তমানৰ পথেৰে৷ দৰকাৰ হ’লে নতুন পথো তৈয়াৰ কৰিব লাগিব। তেহে আমি ভৱিষ্যতক এক সুন্দৰতৰ, উজ্জ্বলতৰ ৰূপত আৱিষ্কাৰ কৰিম পাৰিম। চিন্তাবোৰ, আৱেগবোৰ ছ’ছিয়েল মিডিয়া, বাতৰি-কাকত, নাইবা সাময়িক তৰ্জন-গৰ্জনতে সীমাৱদ্ধ হৈ থাকিলে আমি আগবাঢ়িব নোৱাৰিম। কোৱাটো নিষ্প্ৰয়োজন, অসমীয়া ৱিকিউৎস অথবা অসমীয়া ৱিকিপিডিয়া হৈছে বৰ্তমানৰ পৃথিৱীত জাতি এটাৰ স্থিতি, ক্ষমতা তথা শক্তি-সামৰ্থ প্ৰদৰ্শন কৰাৰ অন্যতম মঞ্চ। সেই মঞ্চত অভিনয় কৰিবলৈ বিশেষ একো নালাগে৷ কেৱল মনত এটা ইচ্ছা জাগ্ৰত হ’ব লাগে। আপুনি ইচ্ছাটো কৰক, দেখিব সময় আপোনা-আপুনি আহি আপোনাৰ সমুখত হাজিৰ। ইচ্ছাটো কিমান প্ৰবল, কিমান গভীৰ-তাৰ ওপৰতেই নিৰ্ভৰ কৰিব সেই ‘সময়’ৰ শ্ৰী-চেহেৰা; ইচ্ছা-নিৰ্ভৰ সেই সময়ৰ ওপৰত ভিত্তি কৰিয়েই গঢ়ি উঠিব মোৰ বা আপোনাৰ কৰ্মনীতি। ইচ্ছাত দৃঢ়তা থাকিলে দেখিব, উশাহ ল’বলৈ আহৰি নোপোৱা দিন এটাতো আপুনি ৱিকিপিডিয়াত দেখা ভুল বানান এটা সংশোধন কৰিবলৈ সময় বিচাৰি পাইছে, নাইবা ৱিকিউৎসত পৃষ্ঠা এটা বৈধকৰণ কৰিবলৈ উচ্‌পিচাব লাগিছে। সেই উচ্‌পিচনি, আগ্ৰহ নাইবা হেঁপাহেই হৈছে মাতৃভাষাৰ প্ৰতি থকা আমাৰ শ্ৰদ্ধা, স্নেহ আৰু দায়বদ্ধতা।

জাপানী কবিতা এটাৰ উদ্ধৃতি দি ড৹ নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ আত্মজীৱনীত লিখিছিল -“আমি সৰু তৰাবোৰেই দায়িত্বৰ বিশাল আকাশখন কঢ়িয়াব লাগিব৷” আমাৰ ৱিকিপিডিয়াও এখন বিশাল আকাশ। সেইখন আকাশতে পৃথিৱীৰ বহু দেশ, বহু জাতি, বহু ৰাজ্য উবুৰি খাই পৰিছে৷ কৰ্মৰ দ্বাৰা তেওঁলোকে নিজ নিজ প্ৰান্তৰ পোহৰাইছে আৰু আগুৱাই গৈছে। আকাৰত সৰু হ’লেও অসম আৰু অসমীয়াৰো সেইখন আকাশত নিজৰ বুলিবলৈ ঠাই অকণ আছে। আমি এতিয়া মৰ্যাদাসহকাৰে সেই আকাশত আকাৰ বঢ়োৱাৰহে কথা। তাৰ দায়িত্বনো কোনে ল’ব। বৰদলৈ বাইদেৱে কোৱাৰ নিচিনা- সেই দায়িত্ব ল’ব লাগিব ‘আমাৰ দৰে সৰু-সৰু তৰাবোৰে’ই৷ মোৰ দৃঢ় বিশ্বাস, অসমীয়া ৱিকিপিডিয়া সমাজৰ তৰাবোৰে নিজৰ কৰ্ম সঠিকভাৱে সম্পাদন কৰি থকালৈকে, নিজৰ দায়িত্বৰ গুৰুত্ব অনুধাৱন কৰি থকালৈকে- বৈচিত্ৰ্যময় সেই আকাশখন সদায়েই জলমলাই থাকিব। পলমকৈ হ’লেও আলোকৰ সেই দীপ্তিমান ৰশ্মিয়ে এদিন আকাশৰ আটাইকেউটা চুক স্পৰ্শ কৰিব। বিশ্বৰ দৰবাৰত অসমীয়া ভাষাই এদিন গৌৰৱৰ হাঁহি মাৰিব। আশা কৰোঁ, সেই দিনটোৰ সোনকালে আৰ্ৱিভাৱ হওক।

অসমীয়া ৱিকিপিডিয়া সমাজৰ প্ৰতিগৰাকী সদস্য, প্ৰশাসক আৰু শুভাকাংক্ষীলৈ মোৰ অন্তৰৰ গভীৰতম শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই এইবেলিৰ ‘ৱিকিপিডিয়ানৰ মনৰ কথা’ সামৰিছোঁ। সকলোকে বহুত বহুত ধন্যবাদ।

—ঈশান জ্যোতি বৰা