ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২২/উল্লেখনীয় ৱিকিমিডিয়ান

উল্লেখনীয় ৱিকিমিডিয়ান
অসমীয়া ৱিকিউৎসৰ কৰ্মশালাত

অজয় দাস: ২০১৫ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। ডিব্ৰুগড়ৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ৬,০৬০ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ১,০৫৯। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ৮,৯৫৮টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “জীৱনীকাৰ পদক”, "বিশিষ্ট লেখক পদক" আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।