ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৫/ভাল প্ৰবন্ধ

বৰোবুদুৰ বা বাৰাবুদুৰ ইণ্ডোনেছিয়াৰ মধ্য জাভা অঞ্চলৰ মাগেলাং ৰিজেন্সিৰ মাগেলাং চহৰ আৰু মুণ্টিলান চহৰৰ ওচৰত অৱস্থিত নৱম শতিকাৰ এক মহাযান বৌদ্ধ মন্দিৰ।

ধূসৰ ৰঙৰ এণ্ডেচাইটৰ দৰে শিলেৰে নিৰ্মিত এই মন্দিৰটো ছটা বৰ্গক্ষেত্ৰ আৰু তিনিটা বৃত্তাকাৰ নটা এটাৰ ওপৰত এটাকৈ নিৰ্মাণ কৰা মঞ্চৰে গঠিত। ইয়াৰ ওপৰত এটা কেন্দ্ৰীয় গম্বুজ আছে। গোটেই মন্দিৰ ২৬৭২টা ভাস্কৰ্যৰ লগতে আৰু ৫০৪টা বুদ্ধৰ মূৰ্তিৰে সজাই তোলা হৈছে। কেন্দ্ৰীয় গম্বুজটোৰ চাৰিওফালে ৭২টা বুদ্ধ মূৰ্তি আছে আৰু প্ৰত্যেকটো মূৰ্তি ছিদ্ৰযুক্ত স্তুপৰ ভিতৰত বহি থকা ৰূপত আছে। তীৰ্থযাত্ৰীসকলে চিৰি আৰু কৰিডৰৰ এক বিস্তৃত ব্যৱস্থাৰ মাজেৰে এই স্মৃতিসৌধৰ পৰিভ্ৰমণ কৰে। ইয়াৰ দেৱাল আৰু স্তম্ভসমূহত ১৪৬০টা আখ্যানমূলক ভাস্কৰ্য আছে। ইয়াত বৌদ্ধ ধৰ্মৰ ভাস্কৰ্যৰ বিশ্বৰ অন্যতম বিস্তৃত সংগ্ৰহ আছে। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ পাৰ্থজিৎ বৰুৱাৰ বিষয়ে ইয়াত পঢ়ক...