ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২০/উল্লেখনীয় ৱিকিমিডিয়ান

উল্লেখনীয় ৱিকিমিডিয়ান

নিতুল বৰা: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। তেওঁ কৰ্মসূত্ৰে অসম চৰকাৰৰ অধীনস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ, নগাঁও সংমণ্ডল, নগাঁও কাৰ্যালয়ত কৰ্মৰত। অসমীয়া ৱিকিউৎসত তেওঁৰ সম্পাদনাৰ সংখ্যা ২,৪০০ আৰু ৱিকিপিডিয়াত সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৩৯। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকি কমন্স, ৱিকিউৎস, ৱিকিডে'টা আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ৩,২৫০টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “ৱিকিউৎস: সাংস্কৃতিক পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।