ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২২/নিৰ্বাচিত উদ্ধৃতি
“ | কোনো এটা জাতিক ডাঙৰ কৰিব লাগিলে কিছুমান সজুলিৰ আৱশ্যক৷ জাতীয় ”ডাঙৰতালৈ” সেই সজুলিবিলাক নহলে নহয়৷ কোনো বাঢ়ৈয়ে চাছ, হাতুৰি, ৰেন্দা, বটালি প্ৰভৃতি নহলে কোনো বৰপেৰা সাজিব নোৱাৰে৷ জাতীয় বৰপেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাৰ ৰেন্দা, একতাৰ গজাল, স্থিৰতাৰ কৰত, গাম্ভীৰ্য্যৰ হাতুৰি, বাহ্যাড়ম্বৰৰ পাক-ভোঁহৰ, ধৰ্মনিষ্ঠাৰ খিলি, সদাচাৰৰ গৰ্ভ-গজাল লাগে৷ অসমীয়াৰ জাতীয় বৰপেৰা সাজিবলৈ এইবিলাক পূৰাপূৰ আছে৷ তেন্তে নো অসমীয়া জাতি ডাঙৰ জাতি নহব কিয় হেঁ ককাই কোৱাঁ? অসমীয়া জাতি ডাঙৰীয়া-জাতি! –অসমীয়া জাতি ডাঙৰ জাতি, লক্ষ্মীনাথ বেজবৰুৱা |
” |