ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৩/নিৰ্বাচিত উদ্ধৃতি
“ | পৰীক্ষা পাছ কৰিলে শিক্ষা নহয়। মনৰ শিক্ষা। মনৰ শিক্ষা বিশ্ববিদ্যালয় কি স্কুল- কলেজৰ পৰীক্ষা পাছ কৰিলে যে নহয়, আমি সেই কথা কোৱা নাই। স্কুল, কলেজ, বিশ্ববিদ্যালয় মনৰ উন্নতিৰ প্ৰধান সহায়; কিন্তু এই প্ৰধান সহায়ৰ বিনা সাহায্যতো মনৰ উন্নতি হ’ব পাৰে, যদিও সি টান কথা। ঘৰতে বহিও মনৰ উন্নতি কৰা যায়। তাতকৈও, বিশ্ববিদ্যালয়ৰ পৰীক্ষা পাছ কৰি কৰাতকৈও মনৰ উন্নতি হয় ভ্ৰমণৰ পৰা। | ” |
— জ্ঞানদাভিৰাম বৰুৱা |