ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/প্ৰচাৰপত্ৰিকা

ৱিকিপত্ৰিকা হৈছে ৱিকিমিডিয়া ভাৰতৰ দ্বাৰা প্ৰকাশিত এখন অনলাইন পত্ৰিকা। ইয়াত বিভিন্ন ভাৰতীয় ভাষাৰ ৱিকিসমাজসমূহৰ বা-বাতৰি প্ৰকাশ কৰা হয়। নিজৰ সফলতা-সমস্যা আনৰ লগত আলোচনা কৰিবলৈ আৰু আন আন ৱিকিসমাজৰ পৰা বিভিন্ন কথা শিকিবলৈ ই এক উত্তম মাধ্যম। ইয়াৰ শেষ সংখ্যাটো প্ৰকাশ পাইছিল ২০১১ চনৰ জুন মাহত (http://wiki.wikimedia.in/WikiPatrika/2011-06)। এইবছৰ এপ্ৰিল মাহত ইয়াৰ নতুন সংখ্যা প্ৰকাশৰ পৰিকল্পনা কৰা হৈছে। অসমীয়া ৱিকিসমাজে এইবাৰ প্ৰথমবাৰৰ বাবে ৱিকিপত্ৰিকাত অংশগ্ৰহণ কৰিব। গতিকে অসমীয়া ৱিকিসমাজ বা অসমীয়া ৱিকিপিডিয়াৰ শেহতীয়া উল্লেখনীয় ঘটনাৰাজী, সফলতা, সম্পাদক-প্ৰশাসকৰ সংখ্যা, প্ৰকল্পসমূহ, মিট্‌আপ, কৰ্মশালা, ৱিকিচ'ৰ্ছ-ৱিক্সনেৰীৰ অৱস্থা আদিৰ বিষয়ে তলত লিখিবলৈ ৰাইজক অনুৰোধ জনোৱা হ'ল। উদাহৰণৰ বাবে ওপৰত দিয়া লিংকটোৰ "Community News" শাখাটোত চাব পাৰে। ইংৰাজীত লিখাটো বাধ্যতামূলক নহয়, অসমীয়াত লিখা বাতৰিও গ্ৰহণ কৰা হ'ব।

সাধাৰণ (General) সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াৰ জন্ম হয় ২০০২ চনৰ ২ জুনত। অৱশ্যে ২০০৬ চনৰ চেপ্টেম্বৰৰ পৰাহে ইয়াৰ আচল কাম-কাজ আৰম্ভ হয়। কিন্তু তাৰ পিছতো সীমিত সদস্য সংখ্যাৰ বাবে প্ৰবন্ধ সৃষ্টিৰ গতি অতি মন্থৰ আছিল। ২০১১ চনৰ মাজভাগমানৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ কাম খৰতকীয়া হয় আৰু ২০১২ চনৰ ৭ জানুৱাৰীত প্ৰবন্ধ সংখ্যা ১০০০টা হয়। বৰ্তমান ইয়াত ১৩,৩৪৭টা প্ৰবন্ধ আছে (২৭ সাঁচ:Redirect/AsYear, ২০২৪ লৈকে)। সজাগতা সৃষ্টি আৰু সহায়ৰ উদ্দেশ্যে সামাজিক যোগাযোগৰ মাধ্যম ফে'চবুকত অসমীয়া ৱিকিপিডিয়া গোট এটা মুকলি কৰা হৈছে আৰু মেইলিং লিষ্ট সেৱা আৰম্ভ কৰা হৈছে।

কৰ্মশালা (Workshop) সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে প্ৰথম অসমীয়া ৱিকিপিডিয়া কৰ্মশালা যোৱা ২৯ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত অনুষ্ঠিত হয়। ইয়াত প্ৰায় পঁচিশজন ৱিকিপিডিয়ান আৰু আগ্ৰহী লোকৰ লগতে ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ভাৰত শাখাৰ পৰামৰ্শদাতা চিজু এলেক্স উপস্থিত থাকে। ইয়াৰ দুদিন পিছতে ১ ফেব্ৰুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিভাগত প্ৰায় পঞ্চাশজন লোকৰ উপস্থিতিৰে অসমীয়া ৱিকিপিডিয়াৰ দ্বিতীয়খন কৰ্মশালা অনুষ্ঠিত হয়।

লিখন সঁজুলি অনুকলন (Typing tool integration) সম্পাদনা কৰক

Junaid P.V.-এ সজা অসমীয়া লিখন সঁজুলি নাৰায়ম কী-ব'ৰ্ড (Narayam Keyboard) ২০১১ চনৰ ১ নৱেম্বৰত অসমীয়া ৱিকিপিডিয়াত সংলগ্ন কৰা হয়। বৰ্তমান ইয়াত লিপ্যন্তৰ, অভ্ৰ, বৰ্ণনা আৰু ইন্‌স্ক্ৰিপ্ট টাইপিঙৰ সুবিধা আছে। ৰাইজৰ সহায়ৰ বাবে এখন লিপ্যন্তৰ কী-ব'ৰ্ডৰ সহায় পৃষ্ঠাও সন্নিবিষ্ট কৰা হৈছে। তাৰোপৰি ২০১১ চনৰ ১২ ডিচেম্বৰত "লোহিত অসমীয়া" ফ'ণ্ট অসমীয়া ৱিকিপিডিয়াৰ ডিফল্ট ৱেব ফ'ণ্ট হিচাপে সংযোগ কৰা হয়।

সততে উদিত প্ৰশ্নসমূহৰ হাতপুথি (FAQ booklet) সম্পাদনা কৰক

২০১২ চনৰ জানুৱাৰীত কেইবাজনো সদস্যৰ সহযোগিতাৰে মালায়ালম ৱিকিপিডিয়াৰ অনুকৰণত প্ৰস্তুত কৰা অসমীয়া ৱিকিপিডিয়াৰ এখন FAQ হাতপুথি (সততে উদিত হোৱা প্ৰশ্নসমূহ আৰু ৱিকিপিডিয়াত অসমীয়া লিখাৰ প্ৰণালী) মুকলি কৰা হয়। অনুষ্ঠিত হোৱা কৰ্মশালা দুখনত এই পুথিখন ৰাইজৰ মাজত বিলোৱা হয়। বুক্‌লেটখন কাষৰ লিংকটোত উপলব্ধ: http://commons.wikimedia.org/wiki/File:Assamese_Wikipedia_FAQ_Booklet.pdf

অসমীয়া ৱিকিপিডিয়া (Assamese wikipedia) সম্পাদনা কৰক

ৱিকিপ্ৰকল্পসমূহ
২০১২ চনৰ ৬ ফেব্ৰুৱাৰীত চিজু এলেক্স আৰু দীপাংকৰ চেতিয়াৰ উদ্যোগত "ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান" আৰম্ভ কৰা হয়। ইয়াৰ পিছত "ৱিকিপ্ৰকল্প চিকিৎসাবিজ্ঞান", "ৱিকিপ্ৰকল্প তথ্য প্ৰযুক্তিবিদ্যা", "ৱিকিপ্ৰকল্প অসম" আদিৰো কাম-কাজ আৰম্ভ হয়।
প্ৰচাৰ
ৱিকিপিডিয়াৰ বিষয়ে আলোচনী, বাতৰি কাকত বা অনান্য ৱেবছাইটতত প্ৰকাশ পোৱা বিভিন্ন লিখনিৰ সংযোগ অথবা তথ্যৰ উল্লেখ:-
  • প্ৰবন্ধ: অসমীয়া ৱিকিপিডিয়া প্ৰয়োগ আৰু প্ৰয়োজনীয়তা, লিখক: অঞ্জল বৰা: প্ৰকাশ: প্ৰান্তিক ১-১৫ মাৰ্চ ২০১২ পঢ়ক
  • প্ৰবন্ধ: অসমীয়া ৱিকিপিডিয়া সম্বন্ধে দুআষাৰ, লিখক: জ্যোতি প্ৰকাশ নাথ: প্ৰকাশ: স্পন্দন-শব্দৰ পৰা হৃদয়লৈ (ই-আলোচনী) মাৰ্চ ২০১২ সংখ্যা পঢ়ক
  • অসমীয়া ৱিকিপিডিয়া সম্পৰ্কত সজাগতা সভা, বিষ্ণু শইকীয়া, প্ৰকাশ:- নীলা চৰাই (ৱেবছাইট) পঢ়ক
  • প্ৰবন্ধ: নিয়মিয়া শিতান ই-বিশ্ব: অসমীয়া ৱিকিপিডিয়া, লিখক: হিমজ্যোতি তালুকদাৰ: প্ৰকাশ: সাতসৰী এপ্ৰিল ২০১২ সংখ্যা পঢ়ক
  • প্ৰবন্ধ: অসমীয়া ৱিকিপিডিয়া, লিখক: জ্যোতি প্ৰকাশ নাথ: প্ৰকাশ: প্ৰান্তিক ১৬-৩০ এপ্ৰিল ২০১২ পঢ়ক
  • প্ৰবন্ধ: অসমীয়া ৱিকিপিডিয়াত কি আৰু ইয়াত কেনেকৈ লিখিব পাৰি, লিখক: জ্যোতি প্ৰকাশ নাথ: প্ৰকাশ: স্পন্দন-শব্দৰ পৰা হৃদয়লৈ (ই-আলোচনী) এপ্ৰিল ২০১২ সংখ্যা পঢ়ক
  • প্ৰবন্ধ: অসমীয়া ৱিকিপিডিয়াত কেনেকৈ লিখিব, লিখক: জ্যোতি প্ৰকাশ নাথ: প্ৰকাশ: এদিনৰ সংবাদ (অসমীয়া দৈনিক বাতৰি কাকত) ২৭ এপ্ৰিল ২০১২ শুকুৰবাৰপঢ়ক


ফে'চবুকৰ গোটটোৰ আৰম্ভ কৰা হৈছিল
-
মেইলিং লিষ্ট
২০১১ চনৰ ২০ ডিচেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ মেইলিং লিষ্ট সেৱা আৰম্ভ কৰা হয়। আপুনিও পঞ্জীয়ন কৰক

অসমীয়া ৱিকিউৎস (Assamese wikisource) সম্পাদনা কৰক

২০১২ চনৰ জানুৱাৰী মাহত অসমীয়া ৱিকিউৎসৰ কাম-কাজ আৰম্ভ কৰা হয়। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসৰ বাবে এটা নতুন চাব-ড'মেইন মুকলি কৰি দিয়া হয়।

অসমীয়া ৱিকিঅভিধান (Assamese wiktionary) সম্পাদনা কৰক

২০০৫ চনতে অসমীয়া ৱিকিঅভিধান সৃষ্টি কৰা হৈছিল। কিন্তু জনসহযোগৰ অভাৱত এই প্ৰকল্প বন্ধ হৈ যায় আৰু ৱিকিমিডিয়াৰ নিয়মানুসাৰে ইয়াক ইনকিউবেটৰলৈ টেষ্ট ৱিকি হিচাবে স্থানান্তৰিত কৰা হয়। বৰ্তমান ইয়াক পুনৰ্সঞ্জিৱীত কৰিবলৈ চেষ্টা চলাই থকা হৈছে। অসমীয়া ৱিকিঅভিধানৰ বৰ্তমান অৱস্থিতি।

অসমীয়া ৱিকিউদ্ধৃতি (Assamese wikiquote) সম্পাদনা কৰক

২০০৮ চনৰ আগষ্টত অসমীয়া ৱিকিউদ্ধৃতিৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু দীৰ্ঘসময়ৰ নিষ্ক্ৰিয়তাৰ বাবে ইয়াক ইনকিউবেটৰলৈ স্থানান্তৰ কৰা হয়। ৱিকিউদ্ধৃতিৰ বৰ্তমান অৱস্থিতি।


ৱিকিপত্ৰিকা পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।