ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২২/ভাল প্ৰবন্ধ

কামসূত্ৰ পুথিখনৰ এটা পৃষ্ঠা

কামসূত্ৰ হৈছে এক প্ৰাচীন ভাৰতীয় হিন্দু সংস্কৃত গ্ৰন্থ। ইয়াৰ বিষয়বস্তু হৈছে মানৱ জীৱনৰ যৌনতা, কামোদ্দীপনা আৰু আৱেগিক পৰিপূৰ্ণতা। ইয়াৰ ৰচয়িতা হৈছে বাৎসায়ন। কামসূত্ৰ বিষয়ক আটাইতকৈ প্ৰাচীন গ্ৰন্থখন অভিৰা ৰাজ্যত ৰচনা কৰা হৈছিল। কামসূত্ৰ একচেটিয়াভাৱে কেৱল যৌন ভংগিমা বিষয়ক নিয়মাৱলী নহয়। ইয়াত ভালদৰে জীৱন-যাপন কৰাৰ কলা, প্ৰেমৰ প্ৰকৃতি, জীৱন সংগীৰ সন্ধান, নিজৰ জীৱনৰ প্ৰেমৰ দিশটো বজাই ৰখা আৰু মানৱ জীৱনৰ আনন্দমুখিতা সম্পৰ্কীয় অন্যান্য দিশবোৰো সামৰি লোৱা হৈছে। কামসূত্ৰ হৈছে বিভিন্ন ব্যাখ্যা আৰু ভাষ্যৰ সৈতে সংক্ষিপ্ত পদত নিবন্ধিত আধুনিক যুগতো বৰ্তি থকা এক সূত্ৰ ধাৰাৰ গ্ৰন্থ। গ্ৰন্থখন গদ্য আৰু অনুস্তুভ-অক্ষৰৰ কাব্যিক শ্লোকৰ মিশ্ৰণ। ই হিন্দুধৰ্মৰ পুৰুষাৰ্থৰ ধাৰণাক মান্যতা দিয়াৰ লগতে আকাংক্ষা, যৌনতা আৰু আৱেগিক পৰিপূৰ্ণতাক জীৱনৰ এক সঠিক লক্ষ্য হিচাপে তালিকাভুক্ত কৰিছে। ইয়াৰ অধ্যায়বোৰত প্ৰেমৰ পদ্ধতি, সামাজিক দিশেৰে জড়িত হ’বলৈ কলাৰ প্ৰশিক্ষণ, সঙ্গীৰ সন্ধান, ৰমন্যাস, বিবাহিত জীৱনত ক্ষমতা বজাই ৰখা, ব্যভিচাৰ, যৌন ভংগিমা আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ অধিকাংশই প্ৰেমৰ দৰ্শন আৰু তত্ত্ব। আকাংক্ষাক উদ্দীপিত কৰা আৰু ইয়াক বাহাল ৰখাৰ কাৰকৰ লগতে এইসমূহ কেতিয়া আৰু কেনেকৈ ভাল বা বেয়া হয় এই বিষয়ে বৰ্ণনা কৰা হৈছে। সবিশেষ ইয়াত পঢ়ক...

যোৱা মাহৰ ভাল প্ৰবন্ধ চৰকাৰী ভাষা আন্দোলন (অসম)ৰ বিষয়ে ইয়াত বিতংকৈ পঢ়ক।