ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২১/উল্লেখনীয় ৱিকিমিডিয়ান

উল্লেখনীয় ৱিকিমিডিয়ান

জলি বৰা: ২০১১ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। কানাডা নিবাসী লখিমপুৰৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত এতিয়ালৈকে ৪১৬৩টা আৰু অসমীয়া ৱিকিউৎসত ৩৯৩১টা সম্পাদনা কৰিছে। অসমীয়া ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা প্ৰবন্ধৰ সংখ্যা ৫৩০। অসমীয়া ৱিকিমিডিয়ালৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “The Working Woman's Barnstar”, "The Fauna Barnstar", "The Barnstar of Diligence", "পক্ষীকুল পদক", "ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক", "ৱিকিপিডিয়াৰ অনুপ্ৰেৰণা বঁ‌টা", "অমূল্য অৱদান পদক" আদিৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ সফলতা কামনা কৰিলোঁ।