ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২১/ভাল প্ৰবন্ধ

মৈত্ৰেয়ী প্ৰাচীন ভাৰতৰ বৈদিক যুগৰ এগৰাকী হিন্দু দাৰ্শনিক। বৃহদাৰণ্যক উপনিষদ অনুসৰি তেওঁ বৈদিক ঋষি যাজ্ঞবল্ক্যেৰ দুই পত্নীৰ অন্যতম আছিল। ঋষি যাজ্ঞবল্ক্য আনুমানিক খ্ৰীষ্টপূৰ্ব ৮ম শতাব্দীৰ আছিল। হিন্দু মহাকাব্য মহাভাৰত আৰু গৃহ্যসূত্ৰত অৱশ্য তেওঁক ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰা চিৰকুমাৰী অদ্বৈতবাদী দাৰ্শনিক হিচাপে বৰ্ণনা কৰা হৈছে। প্ৰাচীন সংস্কৃত সাহিত্যত তেওঁক "ব্ৰহ্মবাদিনী" বা বেদৰ ব্যাখ্যাকাৰী হিচাপে পৰিচিত।

একাধিক প্ৰাচীন ভাৰতীয় গ্ৰন্থত মৈত্ৰেয়ীৰ উল্লেখ পোৱা যায়। বৃহদাৰণ্যক উপনিষদ গ্ৰন্থত যাজ্ঞবল্ক্যেৰ সৈতে কথোপকথনেৰ মাধ্যমত তেওঁ হিন্দু দৰ্শনৰ আত্মা সংক্ৰান্তিয় ধাৰণাৰ পৰ্যালোচনা কৰিছিল। এই কথোপকথন অনুসৰি ব্যক্তিৰ আত্মাৰ পৰা প্ৰেম নিঃসৰিত হয়। মৈত্ৰেয়ী আত্মা আৰু ব্ৰহ্মৰ প্ৰকৃতি আৰু সেই দুয়োৰে একতা আলোচনা কৰিছিল। এই ধাৰণা অদ্বৈত বেদান্ত দৰ্শনৰ মূল কথা। বৃহদাৰণ্যক উপনিষদ গ্ৰন্থৰ এই মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ সুৰেশ্বৰৰ বাৰ্ত্তিক টীকাৰ মূল বিষয়বস্তু।

বৈদিক যুগত নাৰীসকলে শিক্ষাৰ সুযোগ লাভ কৰিছিল আৰু দাৰ্শনিক সমাজত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল তাৰে উদাহৰণ হিচাপে মৈত্ৰেয়ীৰ নাম উল্লেখ কৰা হয়। তেওঁক ভাৰতীয় বিদুষীসমূহৰ প্ৰতীক বুলি গণ্য কৰা হয়। নতুন দিল্লীত মৈত্ৰেয়ীৰ সন্মানাৰ্থে এখন শিক্ষানুষ্ঠানৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ “উদ্বিগ্নতা”ৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...