ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২৪/ৱিকিমিডিয়ানৰ মনৰ কথা

২০১৯‌ বৰ্ষত ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ পৰিছিলোঁ। এনে এখন বিশাল ক্ষেত্ৰৰ সৈতে নিজা ভাষা-সাহিত্য-সংস্কৃতি ডিজিটেল ৰূপত প্ৰতিষ্ঠাৰ বাবে অক্লান্ত ভাৱে বহু সেনানীয়ে কাম কৰি আছে। পৃথিৱীৰ বিভিন্ন ভাষাৰ ক্ষেত্ৰত কাম কৰা বহুত ব্যক্তি স্বেচ্ছাসেৱক হিচাপে কাম কৰাৰ দৰে আমাৰ অসমীয়া ভাষাতো বহু ব্যক্তি জড়িত হৈ নিজা ভাষা-সাহিত্য-সংস্কৃতিক বিশ্বদৰবাৰত উজ্বলি উঠাৰ প্ৰয়াস প্ৰশংসনীয় তথা আদৰণীয়। মাহেকীয়া অনলাইন সভা,প্ৰতিযোগিতাসমূহ,কৰ্মশালা, অনলাইন বক্তৃতা অনুষ্ঠান,অগ্ৰজ সকলে ব্যক্তিগত ভাবেও সহায় কৰা ইত্যাদি দিশসমূহে আমাক ৱিকিপিডিয়াত কাম কৰিবলৈ সাহস প্ৰদান কৰি আহিছে। অসমৰ লোকজীৱনৰ বিভিন্ন উপাদানসমূহ, জীৱন জগতৰ নানান দিশ, ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান ইত্যাদি দিশৰ‌ সমল ৱিকিত সংৰক্ষণ, সংবৰ্ধন আৰু পুনৰীক্ষণ এই দিশত থকা সহায়-সহযোগীতা এক অন্যতম ধনাত্মক দিশ। ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পত ভাৰতবৰ্ষৰ আন আন ৱিকিমিডিয়াৰ‌ সৈতে হোৱা অনলাইন অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হোৱা কৰ্মশালা,ৱিকিপিডিয়াৰ অনুষ্ঠান যিসমূহত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা সদস্য/ সদস্যাসকলে অংশগ্ৰহণ কৰে।‌ সেই অনুষ্ঠানত অংশগ্ৰহণ কৰা অভিজ্ঞতাসমূহ আন আন‌ ৱিকিমিডিয়ানৰ সৈতে ভাগ-বটোৱাৰা কৰা এই দিশসমূহে আমাক যথেষ্ঠ উপকৃত কৰি আহিছে।‌ ৱিকিপিডিয়াৰ সৈতে জড়িত শ্ৰদ্ধাৰ অগ্ৰজ সকলৰ কাম কৰাৰ উৎসাহ আৰু আগ্ৰহে ক্ষুদ্ৰকৈ মোক এই ডিজিটেল মাধ্যমৰ সৈতে নিজা ভাষা-সাহিত্য-সংস্কৃতিৰ হৈ সূক্ষ্মকৈ হ'লেও বৰঙণি আগবঢ়াই নিবলৈ সহায় কৰিছে। আহক নিজা ভাষা-সাহিত্য-সংস্কৃতিৰ সৈতে অসমৰ চুক-কোণৰ পৰা আন আন ৰাষ্ট্ৰৰ প্ৰৱাসী ভাৰতীয়সকলকো অংশীদাৰী হ'বলৈ জাগ্ৰত কৰিবলৈ চেষ্টা কৰোঁ।

- ৰাজেন দাস ( বাৰ্তা) ১০:২৩,২১ ফেব্ৰুৱাৰী,২০২৪ (ইউ.টি.চি.)